বৰলুইতৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে সাজু হওক; শীঘ্ৰে মুকলি হ'ব উজান বজাৰ উদ্যান
গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত প্ৰায় ৩০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা উদ্যানখন ছেপ্টেম্বৰৰ শেষত বা অক্টোবৰৰ আৰম্ভণিতে মুকলি হোৱাৰ সম্ভাৱনা আছে ।

Published : July 11, 2025 at 9:40 PM IST
গুৱাহাটী : অসমৰ পৰ্যটন ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'বলৈ আগবাঢ়িছে এক অন্যতম অধ্যায় । বৰলুইতৰ বক্ষত টলবল কৰা জলৰাশিৰ লগতে সুশোভিত পৰিৱেশৰ নয়নাভিৰাম দৃশ্য বুকুভৰি দৰ্শনৰ বাবে শীঘ্ৰেই মুকলি হ'ব এক নতুন উদ্যান ।
গুৱাহাটী মহানগৰীৰ ঐতিহাসিক উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা এই উদ্যানখন আৰু মাত্ৰ এটা মাহ পিছতে পৰ্যটক তথা গুৱাহাটী মহানগৰবাসীৰ বাবে মুকলি কৰিবলৈ সজাই-পৰাই তোলা হৈছে । ইতিমধ্যে ইয়াৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত কাৰিকৰ তথা কলা-কুশলীসকলে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ।
ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা উপভোগ কৰা এক অন্যতম স্থান হৈছে উজানবজাৰৰ এই ব্ৰহ্মপুত্ৰৰ পাৰ । আনহাতে, মহানগৰবাসীৰ অৱসৰ বিনোদনৰ বাবেও ই হৈছে এক শান্ত-সমাহিত তথা পাৰিৱেশিকভাৱে উত্তম স্থান । এতিয়া এই স্থানটুকুৰাক আধুনিক পৰিকল্পনাৰে বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰি উলিয়াইছে অসম চৰকাৰে । ফলত সুৰক্ষিত আৰু অত্যাধুনিক ব্যৱস্থাৰে পৰ্যটকসকলে এই স্থানৰ পৰা এতিয়া বৰলুইতৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব । আনহাতে, মহানগৰীৰ পৰ্যটন ক্ষেত্ৰতো এক নতুন সংযোজন হ'ব ।
উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰটো উন্নয়নসাধন কৰি নিৰ্মাণ কৰা হৈছে এই উদ্যানখন । গুৱাহাটী স্মাৰ্ট চিটীয়ে নিৰ্মাণ কৰি উলিওৱা এই বিশেষ উদ্যানখনৰ দৈৰ্ঘ্য হৈছে দুই কিলোমিটাৰ ।

উদ্যানখনত কি কি ব্যৱস্থা থাকিব
এই প্ৰকল্পটো সন্দৰ্ভত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, "২ কিঃমিঃ দৈৰ্ঘ্যৰ উদ্যানখনৰ নিৰ্মাণকাৰ্য তুংগত উঠিছে । ছেপ্টেম্বৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব । ছেপ্টেম্বৰৰ শেষত নতুবা অক্টোবৰৰ আৰম্ভণিতে ৰাইজৰ বাবে মুকলি কৰা দিয়া হ'ব উদ্যানখন । ৩০০ কোটিতকৈ অধিক ধন ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই উদ্যানখন । উদ্যানখত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে খোজকঢ়া, চাইকেল ট্ৰেক, মুকলি জিম, শিশুৰ বাবে খেলাৰ ব্যৱস্থা, ফুড ক'ৰ্ট, পাৰ্কিং আদিৰ ব্যৱস্থা থাকিব । বৰ্তমান Brahmaputra Riverfront হিচাপে কাম কৰি থকা হৈছে । এই উদ্যানখনৰ নাম ৰাইজৰ উপদেশ, পৰামৰ্শত সলনিও হ'ব পাৰে ।"

স্থানীয় ৰাইজে কি কয়
স্থানীয় ৰাইজে উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰটো সুন্দৰকৈ উন্নয়ন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে । আনহাতে, উদ্যানখন সতী ৰাধিকাৰ নামেৰে নামকৰণ কৰাৰ বাবেও চৰকাৰক আহ্বান জনাইছে । কিয়নো পূৰ্বতে এই স্থানতে সতী ৰাধিকা উদ্যানখন আছিল । সেয়ে সতী ৰাধিকাৰ নামৰে নামকৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ।
এই সন্দৰ্ভত স্থানীয় নাগৰিক তথা ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাস শৰ্মাই কয়, "চৰকাৰৰ এই পদক্ষেপত আমি আনন্দিত হৈছোঁ । উজানবজাৰক বাদ দি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতি, সংস্কৃতি অন্যান্য ক্ষেত্ৰ সম্পূৰ্ণ হ'ব নোৱাৰে । পূৰ্বতে যিহেতু এই স্থানত সতী ৰাধিকা উদ্যান আছিল, সেয়ে ইয়াৰ নাম সতী ৰাধিকা উদ্যান হিচাপে নামকৰণ কৰাটো বিচাৰিছোঁ ।"
তেওঁ লগতে কয়, "চৰকাৰৰ এই পদক্ষেপৰ ফলত ভৱিষ্যতৰ দিনত ব্ৰহ্মপুত্ৰক লৈ পৰ্যটন উদ্যোগ গঢ়ি উঠিব । এই স্থানে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব । ইয়াৰ জৰিয়তে অসমৰ পৰ্যটনৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰও উপকৃত হ'ব ।"

আনহাতে, উজানবজাৰৰ স্থানীয় বাসিন্দা বনলতা দাস ডেকাৰজাই কয়, "উদ্যানখন সতী ৰাধিকাৰ নামেৰে নামকৰণ হ'ব লাগে । ইয়াৰ পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগিব । তদুপৰি, উজানবজাৰৰ বাসিন্দাসকলৰ বাবে এটা ঘাটৰ ব্যৱস্থা কৰিব লাগে যাতে ইয়াৰ বাসিন্দাসকলে পূজা পাঠ, পিণ্ড বিসৰ্জন দিব পাৰে ।"
আন এগৰাকী স্থানীয় ব্যক্তি অনুজ কুমাৰ বিষয়াই কয়, "ব্ৰহ্মপুত্ৰৰ পাৰতে আমি ডাঙৰ-দীঘল হৈছোঁ । এই স্থানৰ পৰা সূৰ্যাস্ত যোৱা দৃশ্যটো অতি মনোৰম । ইয়াত সতী ৰাধিকা উদ্যানখন নিৰ্মাণ কৰা হৈছিল । এই উদ্যানখনৰ নামটো সতী ৰাধিকাৰ নামেৰে নামকৰণ হোৱাটো বিচাৰোঁ । উদ্যানখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ইয়াত অনৈতিক কাৰ্যকলাপবোৰ যাতে নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ ।"

