ETV Bharat / state

অস্তিত্বৰ সংকটত বাঘবৰৰ এখন ঐতিহাসিক সত্ৰ: ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম

বাঘবৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াত মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপুটা ঘাট সত্ৰৰ লগতে গড়কাপ্তানি পথটোও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ৷ ডেৰকুৰি খিলঞ্জীয়া পৰিয়াল সংকটত ৷

Brahmaputra erosion at Baghbar
ঐতিহাসিক বৈঠাপুটা ঘাট সত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 2:47 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটা জিলাৰ বাঘবৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই নতুনকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে । তীব্ৰ খহনীয়াই মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপুটা ঘাট সত্ৰ, সত্ৰখনলৈ যোৱা পথ আৰু স্থানীয় বাসিন্দাৰ বাসগৃহলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে ।

খহনীয়াৰ ফলত ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে । তাৰ লগতে সত্ৰখনলৈ যোৱা গড়কাপ্তানি পথটোও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে । একেদৰে খহনীয়া বহু পৰিয়ালৰ ঘৰৰ চোতাল পৰ্যন্ত পাইছে ।

কোন মুহূৰ্তত ব্ৰহ্মপুত্ৰত জাহ যায় ঠিক নাই (ETV Bharat Assam)

বিগত কেইবাবছৰৰ পৰা এই খহনীয়া চলি আহিছে । কিন্তু অস্থায়ীভাৱে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছিল । ইয়াৰ মাজতে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছে ।

মুহূৰ্তে মুহূৰ্তে খহি পৰিছে সত্ৰখনলৈ যোৱা একমাত্ৰ পথটো ।‌ পথটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাট । তদুপৰি, সত্ৰখনৰ ওচৰে-পাজৰে বাস কৰা লোকসকলৰ ঘৰলৈ যোৱা পথবোৰতো খহনীয়া অধিক গুৰুতৰ হৈ পৰিছে ।

Brahmaputra erosion at Baghbar
ঐতিহাসিক বৈঠাপুটা ঘাট সত্ৰ (ETV Bharat Assam)

আনহাতে, ৰাইজে খহনীয়া বন্ধ কৰিবলৈ জলসম্পদ বিভাগৰ ওচৰত দাবী উত্থাপন কৰি আহিছে । কিন্তু ৰাইজে ক্ষোভেৰে কয় যে বিভাগটোৰ বৰপেটা জিলাৰ দায়িত্ববাহী অভিযন্তা, বিষয়া কাৰো পৰা তেওঁলোকে সঁহাৰি লাভ কৰা নাই ।‌ ৰাইজে যোগাযোগ কৰিলে তেওঁলোকে নানান অজুহাত উলিয়াই গা এৰা দিয়া ভূমিকা গ্ৰহণ কৰি আহিছে ।‌

ইয়াকে লৈ অঞ্চলটোত বাস কৰা লোকসকল অত্যন্ত হতাশ হৈ পৰিছে । ইপিনে স্থানীয় সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক শ্বেৰমান আলী‌য়ে তেওঁলোকক দেখদেখকৈ অৱজ্ঞা কৰাৰো অভিযোগ কৰে ৰাইজে ।

Brahmaputra erosion at Baghbar
অস্তিত্বৰ সংকটত ঐতিহাসিক বৈঠাপুটা ঘাট সত্ৰ (ETV Bharat Assam)

এই সন্দৰ্ভত স্থানীয় ৰাইজে কয়, "বহুদিনৰ পৰা আমাৰ গৰাখহনীয়া চলি আছে । কিনো ক'ম, কোৱাৰ আমাৰ ভাষাই নোহোৱা হৈ গৈছে । বৰপেটা প্ৰশাসনৰ যিটো জলসম্পদ বিভাগ আছে সেই জলসম্পদ বিভাগটোৰ যিবোৰ কৰ্মদক্ষ ব্যক্তি আছে তেওঁলোকে আচলতে আমাক অন্তৰৰ পৰা বেয়া পায় । যদি ভাল পালে হয় এজন ইঞ্জিনীয়াৰৰ বা এজন এছ ডি অ'ৰ নিজাকৈ কৰিবলগা কিছুমান কাম থাকে । সেই কামখিনি নিশ্চয় কৰিব পাৰিলে হয় । এই বাৰিষাত যদি অসম চৰকাৰৰ তৰফৰ পৰা সত্ৰখন বা সত্ৰৰ ভকত ত্ৰিশটাৰ থকাৰ কাৰণে কোনো সুব্যৱস্থা নলয় তেতিয়াহ'লে সত্ৰখন এইবাৰ ব্ৰহ্মপুত্ৰত গুচি যোৱাটো খাটাং ।"‌

লগতে পঢ়ক :বিভীষিকা :বাৰিষাৰ প্ৰথমটো বানত জলবন্দী হাজাৰ হাজাৰ জনতা - ASSAM FLOOD 2025
লগতে পঢ়ক :কপিলী নদীৰ বাঢ়নী পানীয়ে ছিগিলে কামপুৰৰ পটিয়াপামত মথাউৰি - ASSAM FLOOD 2025