গুৱাহাটী : বি টি আৰৰ নিৰ্বাচনৰ পূৰ্বে বি পি এফত মোক্ষম আঘাত । বি পি এফ ত্যাগ কৰিলে দলটোৰ শীৰ্ষ নেতা খাম্ফা বৰগয়াৰীয়ে । দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলে খাম্ফা বৰগয়াৰীয়ে । খাম্ফা বৰগয়াৰী বি পি এফ দলৰ উপ সভাপতিৰ দায়িত্বত আছিল । পূৰ্বে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত তেওঁ বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বত আছিল ।
বি পি এফৰ এগৰাকী অতি শক্তিশালী নেতা হিচাপে পৰিচিত খাম্ফা বৰগয়াৰীৰ পদত্যাগে বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বি পি এফ দলত মোক্ষম আঘাত হানিলে । লক্ষণীয় বিষয় যে দীৰ্ঘদিন ধৰি খাম্ফা বৰগয়াৰীয়ে বি পি এফ দল ত্যাগ কৰিব বুলি জল্পনা-কল্পনা চলি আহিছিল । অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে খাম্ফা বৰগয়াৰীয়ে আনুষ্ঠানিকভাৱে বি পি এফ দলৰ পৰা পদত্যাগ কৰে ।

বি পি এফৰ উপ-সভাপতি তথা শীৰ্ষ পৰ্যায়ৰ নেতা খাম্ফা বৰগয়াৰীয়ে দেওবাৰে দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি বি পি এফ দলৰ উপ-সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে । পদত্যাগ কৰাৰ পিছত নেতাগৰাকী কোন দলত যোগদান কৰিব সেই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই যদিও অহা ৬ ফেব্ৰুৱাৰীত খাম্ফা বৰগয়াৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি পি এফ দল এৰি ইউ পি পি এল যোগদান কৰিছিল বি পি এফ দলৰ আন এগৰাকী উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই । আজি আন এগৰাকী শীৰ্ষ নেতা খাম্ফা বৰগয়াৰীয়ে ত্যাগ কৰিলে বি পি এফ দল । স্বাভাৱিকতে বি টি আৰৰ নিৰ্বাচনৰ পূৰ্বে খাম্ফা বৰগয়াৰীৰ পদত্যাগে বিশেষভাৱে ক্ষতি কৰিব বি পি এফ দলক ।
লগতে পঢ়ক: বাহিৰে ৰং-চং আৰু ভিতৰে কোৱা-ভাতুৰী : কেন্দ্ৰীয় বাজেটৰ পোষ্টমৰ্টেম কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ