বৰঝাৰ বিমানবন্দৰত ১৮ খন বিমানৰ উৰণ-অৱতৰণৰ সময় সালসলনি
পূব বাংলাদেশৰ সাগৰীয় ধুমুহাৰ প্ৰভাৱ ৷ বৰঝাৰ বিমানবন্দৰত ১৮ খন বিমানৰ যাত্ৰা সলনি ৷ অসমত ঘন কুঁৱলীৰ আৱৰণ, অৰুণাচলত হিমপাতৰ সম্ভাৱনা ৷

Published : January 23, 2025 at 5:39 PM IST
গুৱাহাটী: গুৱাহাটীৰ লগতে অসমৰ অধিকাংশ ঠাইত হঠাৎ বৃহস্পতিবাৰৰ পুৱা ঘন কুঁৱলীৰ আৱৰণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিক জনজীৱনত মিশ্ৰিত প্ৰভাৱ পৰা দেখা যায় । ঘন কুঁৱলীৰ আৱৰণৰ বাবে বৰঝাৰ বিমানবন্দৰত কেবাখনো বিমানৰ উৰণ আৰু অৱতৰণৰ সময় সালসলনি কৰা হয় ।
গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় নীল শ্ব'ই কয়, "পূব বাংলাদেশত বঙ্গোপসাগৰত সৃষ্টি হোৱা ১.৫ কিলোমিটাৰ বেগৰ সাগৰীয় ধুমুহাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বতৰত প্ৰভাৱ পৰিছে ।
আজি আৰু কাইলৈ অসমৰ বেছিভাগ অঞ্চলতে ঘন কুঁৱলীৰ আৱৰণ থাকিব । অসমৰ ঠায়ে ঠায়ে বৰষুণ হ'ব । ইপিন অহা দুদিনত অৰুণাচল প্ৰদেশত ঘন কুঁৱলীৰ আৱৰণ থকাৰ লগতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ লগতে হিমপাত হ'ব ।"

তেওঁ লগতে জনাই যে বতৰ কিছু সলনি হ’লেও নূন্যতম তাপমাত্ৰাত বিশেষ সলনি নহয় । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অহা দুদিনত অসমৰ ঠায়ে ঠায়ে বিশেষকৈ উজনি অসমত ৩.৫ মিলিমিটাৰত বৰষুণ হোৱা সম্ভাৱনা আছে ।

অহা ৫ দিনত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ২৬ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমান ১৪ ডিগ্ৰী ছেল’চিয়াছৰ ভিতৰত থাকিব । ইপিনে ঘন কুঁৱলীৰ আৱৰণৰ বাবে বৰঝাৰ বিমানবন্দৰত কেবাখনো বিমানৰ উৰণ আৰু অৱতৰণৰ সময় সালসলনি কৰা হয় ।

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ কৰ্তৃপক্ষই সদৰী কৰা মতে, "ঘন কুঁৱলীৰ আৱৰণৰ বাবে বৰঝাৰ বিমানবন্দৰত ১৮ খন বিমানৰ উৰণৰ সময় পিছুৱাই দিয়া হৈছে । এইক্ষেত্ৰত সৃষ্টি হোৱা অসুবিধাৰ বাবে বিমানকোঠ কৰ্তৃপক্ষই যাত্ৰীসকলৰ সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷"
লগতে পঢ়ক: ঘন কুঁৱলীৰ বাবে বিমানবন্দৰত ব্যাহত বিমান সেৱা; শুকুৰবাৰে পুৱা শতাধিক বিমানত বিলম্ব

