সাংসদপত্নীক প্ৰাৰ্থিত্ব কিয় ? ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ জিলা সভাপতি-সাধাৰণ সম্পাদকে
সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীক প্ৰাৰ্থিত্বৰ বিৰোধিতা ৷ ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ 34 দলীয় কৰ্মীয়ে ৷

Published : October 19, 2024 at 5:22 PM IST
বঙাইগাঁও: অৱধাৰিতভাৱেই খহিল অসম গণ পৰিষদৰ 40 বছৰীয়া এটা দুৰ্গ ৷ বঙাইগাঁও বিধানসভা সমষ্টি, যিটো সমষ্টিক অগপৰ অভেদ্য দুৰ্গৰূপে বিগত চাৰি দশকজুৰি অসমৰ মানুহে জানি আহিছিল সেই দুৰ্গত ঘটিল অথন্তৰ ৷
কিয়নো বঙাইগাঁৱৰ উপ-নিৰ্বাচনৰ অগপৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা মনোমালিন্যৰ পাছত শনিবাৰে দুপৰীয়া অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহ আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ লগতে আৰু 34 গৰাকী নেতাই অগপ ত্যাগ কৰিলে ।

যাৰ ফলত কাৰ্যতঃ অগপৰ সমগ্ৰ জিলা সমিতিখনেই ভংগ হৈ পৰিল বুলি ক’ব পাৰি ৷
উল্লেখ্য যে, সুদীৰ্ঘ 40 বছৰে জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছিল ৷ কিন্তু যোৱা লোকসভা নিৰ্বাচনত তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত বঙাইগাঁৱত উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰে ৷

স্বাভাৱিকতে এই উপ-নিৰ্বাচনৰ বাবে অগপৰ প্ৰাৰ্থিত্ব বিচাৰি শক্তিশালী ৰূপত অৱৰ্তীণ হয় জিলা অগপৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰ ৷ ইয়াৰ বিপৰীতে অগপৰ শীৰ্ষ নেতৃত্বই সাংসদ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক দলীয় প্ৰাৰ্থিত্ব দিবলৈ প্ৰায় নিশ্চিত কৰে ৷

ইয়াতেই ক্ষুদ্ধ হৈ আজি বঙাইগাঁও জিলা অগপৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি 34 গৰাকী নেতাই অগপ ত্যাগ কৰে ।
লগতে পঢ়ক: বঙাইগাঁৱত অগপৰ প্ৰাৰ্থিত্ব কাক ? সাংসদপত্নীক নে আন কাৰোবাক ?

