খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ
প্ৰাৰ্থিত্বক লৈ খেলিমেলি লাগিছে বঙাইগাঁও জিলা অগপত । পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগ সাংসদ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ।

Published : October 15, 2024 at 10:09 PM IST
|Updated : October 15, 2024 at 10:42 PM IST
বঙাইগাঁও,১৫ অক্টোবৰ: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বঙাইগাঁও অগপত সৃষ্টি হৈছে বিসম্বাদ । সাংসদ তথা বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ । ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ পৰিছে বঙাইগাঁও জিলা অগপ ।
অগপৰ এটা গোটে অগপ প্ৰাৰ্থী হিচাবে বিচাৰিছে শৈলেন্দ্ৰ সৰকাৰক আৰু এটা গোটে বিচাৰিছে বৰ্তমানৰ সাংসদ তথা বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীৰ পত্নী দ্বিপ্তীময়ী চৌধুৰীক ।
ইফালে এইবাৰ নিৰ্বাচনত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিচৰা নাই বহুসংখ্যক অগপ কৰ্মীয়ে । ইয়াৰ মাজতে প্ৰাৰ্থিত্ব প্ৰত্যাশী শৈলেন্দ্ৰ সৰকাৰে কয়,"এতিয়া বঙাইগাঁৱৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে । যদি অগপ দলে মোক দলীয় টিকট প্ৰদান নকৰে তেনেহ'লে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচন খেলিম ।" লগতে তেওঁ কয়,"ইতিমধ্যে বহু ৰাজনৈতিক দলে যোগাযোগ কৰি আছে ।"
এই মন্তব্যৰ পিছতে উত্থাপন হৈছে আন এক প্ৰশ্ন- ভংগ হ'ব নেকি বঙাইগাঁও জিলা অগপ । কিয়নো সোমবাৰে অনুষ্ঠিত হোৱা অগপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত নাছিল অগপৰ বঙাইগাঁও জিলাৰ সভাপতি বিজয় সিংহসহ বহু অগপ নেতা । শৈলেন্দ্ৰ সৰকাৰে দাবী কৰা অনুসৰি ফণীভূষণ চৌধুৰী লাগি পৰিছে নিজৰ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ।
ইফালে সংবাদ মাধ্যমৰ আগত সাংসদ ফণীভূষণ চৌধুৰীয়ে কয়,"দলত কোনো ধৰণৰ সমস্যা নাই । কমিটীয়ে যাক প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিব তেৱেঁই প্ৰাৰ্থিত্ব লাভ কৰিব । ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন । কোন হব অগপ দলৰ প্ৰাৰ্থী তাকে লৈ চলিছে ব্যাপক জল্পনা-কল্পনা ।

