সতৰ্ক হৈ থাকক ! ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাব লখিমপুৰক
লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত বায়ু সেনাৰ বোমা নিষ্ক্ৰিয়কৰণ । সতৰ্ক কৰি দিয়া হৈছে জিলাবাসীক ।

Published : February 12, 2025 at 1:20 PM IST
লখিমপুৰ: লখিমপুৰত ভয়ংকৰ বিস্ফোৰণৰ সতৰ্কবাণী ভাৰতীয় বায়ুসেনাৰ । ভয়ংকৰ বোমা বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে জিলা প্ৰশাসনে সতৰ্কবাৰ্তা জাৰি কৰিছে । কিন্তু ক'ত হ'ব এই বিস্ফোৰণ ? প্ৰশাসনে জনোৱা মতে জিলাখনৰ দুলুং সংৰক্ষিত বনাঞ্চলত হ'ব এই ভয়ংকৰ বোমা বিস্ফোৰণ । এটা নহয়, দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণ হ'ব দুলুং সংৰক্ষিত বনাঞ্চলৰ খেৰবাৰী গাঁৱৰ সমীপত ।
কাৰ নেতৃত্বত হ'ব বোমা বিস্ফোৰণ ?

আচলতে ভাৰতীয় বায়ুসেনা বাহিনীয়ে এই বিস্ফোৰণ ঘটাব । প্ৰায় ৬ কুইণ্টল ওজনৰ দুটাকৈ বোমা বিস্ফোৰণ ঘটাব ভাৰতীয় বায়ুসেনাই । ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ বলৰাজ সিঙে লখিমপুৰ জিলা প্ৰশাসনক এক পত্ৰযোগে ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ যিকোনো এটা দিনত এই বোমা দুটা বিস্ফোৰণ ঘটোৱা হ'ব বুলি জনাইছে ।
প্ৰকৃত ঘটনাটো কি ?
উল্লেখ্য যে ২০২৪ চনৰ ২৩ আগষ্টত লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ দুলুঙত উদ্ধাৰ হৈছিল ৬ কুইণ্টল ওজনৰ দুটাকৈ বোমা । এই বোমা দুটা আছিল ভাৰতীয় বায়ুসেনাৰ । দুলুং সংৰক্ষিত বনাঞ্চলৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ ঝিলী নদীত ৰাইজে প্ৰত্যক্ষ কৰিছিল এই বোমা দুটা । ঝিলী নদীত ক্ৰমে ৫০০ কিঃগ্ৰাঃ আৰু ১০০ কিঃগ্ৰাঃ ওজনৰ দুটাকৈ সক্ৰিয় বোমা কুৱেৰী খনন কৰা লোকে প্ৰত্যক্ষ কৰি বায়ুসেনা বাহিনীক খবৰ দিয়ে ।

উল্লেখ্য যে উক্ত বনাঞ্চলৰ মাজতে আছে ভাৰতীয় বায়ুসেনাৰ সামৰিক অনুশীলন ক্ষেত্ৰ । এই বায়ুসেনাৰ বোম্বিং ৰেঞ্জৰ সমীপতে অতিকৈ শক্তিশালী বোমা দুটা প্ৰত্যক্ষ কৰি বায়ুসেনা বাহিনীয়ে লখিমপুৰ জিলা প্ৰশাসন আৰু অৰুণাচলৰ প্ৰশাসনক খবৰ দিয়াৰ পাছতে লখিমপুৰ জিলাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া সহিতে বৃহৎ আৰক্ষী বাহিনী আৰু অৰুণাচল আৰক্ষী তথা বায়ুসেনা বাহিনী বোমা উদ্ধাৰ হোৱা স্থলীত উপস্থিত হৈ বোমা নিষ্ক্ৰিয় কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰে । কিন্তু নিষ্ক্ৰিয় কৰাত সফল নহ'ল । সেই সময়ত প্ৰকাশিত তথ্য মতে বায়ুসেনা বাহিনীয়ে ২৫ বছৰৰ পূৰ্বে পৰীক্ষা কৰিবলৈ নিক্ষেপ কৰা ৫০০ কিঃগ্ৰাঃ ওজনৰ এয়াৰক্ৰাফ্ট বোমাটো তাতেই পৰি ৰৈছিল ।
আনহাতে ১০০ কিঃগ্ৰাঃ ওজনৰ বোমাটো ৮ বছৰ ধৰি সক্ৰিয় অৱস্থাত নদীতেই পৰি আছিল আৰু নদীৰ গভীৰতাত থকাৰ বাবেহে ইমান দিনে এই বোমা বিস্ফোৰণ নোহোৱাকৈ আছিল । বোমা দুটা ইমানেই শক্তিশালী যে কেনেবাকৈ যদি বোমা দুটা বিস্ফোৰণ ঘটিলহেঁতেন তেন্তে প্ৰায় তিনি কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে বোমা বিশেষজ্ঞসকলে । তাতোকৈ ভয়ংকৰ কথাটো হ'ল যে উদ্ধাৰ হোৱা বোমা দুটা যদি কেনেবাকৈ বিস্ফোৰণ ঘটিলহেঁতেন তেন্তে নিলগত থকা নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈয়ো ভাবুকি অহাৰ সম্ভাৱনা আছিল । তেতিয়াৰে পৰা বিশেষ ব্যৱস্থাৰে সুৰক্ষিতভাৱে থোৱা বোমা দুটা এতিয়া বায়ুসেনাই নিষ্ক্ৰিয়কৰণৰ উদ্যোগ লৈছে । বোমা দুটা নিষ্ক্ৰিয়কৰণৰ বাবে ভাৰতীয় বায়ুসেনাই ১২ আৰু ১৩ ফেব্ৰুৱাৰী দিন দুটা নিৰ্দিষ্ট কৰিছে ।
জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা
ভাৰতীয় বায়ুসেনাই এই বোমা দুটা বিস্ফোৰণ ঘটোৱা হ'ব বুলি জিলা প্ৰশাসনক অৱগত কৰাৰ লগে লগে জিলা দণ্ডাধীশে ন্যায় সংহিতাৰ ১৬৩ ৰ আধাৰত নিষেধাজ্ঞা আৰোপ কৰিছে । এই দুটা দিনত বোমা থকা উক্ত স্থানৰ পৰা ২.৫ কিলোমিটাৰ দূৰত্বত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । বনাঞ্চলখনত মানুহৰ লগতে জীৱ-জন্তুৰ প্ৰৱেশ যাতে হ'ব নোৱাৰে তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হৈছে । আনহাতে চাউলধোৱা গাঁও পঞ্চায়ত আৰু পদুমণি গাঁও পঞ্চায়তৰ তৰফৰ পৰাও সতৰ্কবাৰ্তা দিয়া হৈছে ।
লগতে পঢ়ক :টেট পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব কেতিয়া ? ক'লে শিক্ষামন্ত্ৰীয়ে - TET TEST RESULT

