গুৱাহাটী: গুৱাহাটী মহানগৰীত আন এক হত্যাকাণ্ড অভিযোগ । বলীউডৰ ছবিত অভিনয় কৰা অসমৰ অভিনেতাগৰাকীক দুৰ্বৃত্তই হত্যা কৰি জলাশয়ত পেলাই থৈ যোৱাৰ আভিযোগ তুলিছে শিল্পীগৰাকীৰ পৰিয়ালে । গুৱাহাটীৰ গড়ভাঙা বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা ।
দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ । তেওঁক ৰোহিত বাছফৰ বুলি চিনাক্ত কৰা হৈছে । বলীউডৰ ছবি 'ফেমিলি মেন 3'ত অভিনয় কৰি আছিল ৰোহিতে ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিগত এমাহ পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰলৈ আহিছিল ৰোহিত । দেওবাৰে কেইজনমান বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল ৰোহিত বাছফৰ । ভৰলুৰ অমৰ জিমনাষ্টিকছত প্ৰশিক্ষণ লোৱা বন্ধুৰ সৈতে গৈছিল ৰোহিত ।

দুপৰীয়া প্ৰায় ১২.৩০ বজাত বৰ্ষাপাৰাৰ ঘৰৰ পৰা ৰোহিত ওলাই গৈছিল । পিছে আবেলিৰ পৰা ৰোহিতৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । নিশা এজন বন্ধুৱে পৰিয়ালক ফোন কৰি ৰোহিতৰ দুৰ্ঘটনা হোৱা বুলি জনায় । কিন্তু পৰিয়ালৰ লোক গৈ এখন ব্যক্তিগত হাস্পতালত মৃত অৱস্থাত দেখা পায় ৰোহিতক ।

জানিব পৰা মতে, নিশা এছ ডি আৰ এফে ৰোহিতৰ মৃতদেহ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছিল । ইফালে চাৰি বন্ধুৱে পৰিকল্পিতভাৱে ৰোহিতক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ অভিযোগ অনুসৰি, তিনি বন্ধুৰ সৈতে এটা সপ্তাহ পূৰ্বে পাৰ্কিঙক লৈ ৰোহিতৰ কাজিয়া হৈছিল । তেতিয়াই ৰোহিতক হত্যা কৰাৰ ভাবুকি দিছিল তিনি বন্ধুৱে ।
সেই ঘটনাৰ এটা সপ্তাহৰ পিছতেই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো । ৰোহিতে ফুৰিবলৈ যোৱা বন্ধুৰ দলটোত আছিল অভিযুক্ত সেই তিনি বন্ধু । তেওঁলোক ক্ৰমে ৰঞ্জিত বাছফৰ, অশোক বাছফৰ আৰু ধৰম বাছফৰ । তিনি বন্ধুৰ লগতে জিমনাষ্টিক চেণ্টাৰৰ স্বত্ত্বাধিকাৰীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
কিয়নো চেণ্টাৰটোৰ স্বত্ত্বাধিকাৰী অমৰ নাথে ফুৰিবলৈ মাতি নিছিল ৰোহিতক । যাৰ বাবে পৰিয়ালে তিনি বন্ধুৰ লগতে অমৰ নাথৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে । ইফালে সোমাবৰে জি এম চি এইচৰ মৰ্গত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় ৰোহিতৰ ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কয়, "অমৰ ছাৰে শনিবাৰে মোৰ ল'ৰাক ফোন কৰিছিল যে কালিতো আমাৰ ৰেষ্ট আছে ব'লা আমি ফুৰি আহো । ল'ৰাক মাতি লৈ গ'ল । মাতি লৈ যোৱাৰ পিছত তাতে মাৰি পেলালে । ফোনৰ ছুইচ অফ । ১২ টাৰ পৰা ফোন নাপাওঁ । বাইকো নাই, মানীবেগো নাই আৰু তাক মাৰি নদীত পেলাই দিছে । পিছত গড়ভাঙাত নদীত পালে ।"