ETV Bharat / state

'২৫ ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও

২০২৫ত কৃষিমন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও । নুমলীগড় শোধনাগাৰে স্থাপন কৰিব ৰঙালাও প্ৰছেচিং উদ্যোগ ।

Bokakhat Farmers will be import pumpkins
২০২৫ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 1:27 PM IST

5 Min Read
Choose ETV Bharat

গোলাঘাট : প্ৰতিদিনে শুনি থকা হত্যা-হিংসা, চুৰি-ডকাইতি ইত্যাদি বাতৰিতকৈ কিছু পৃথক আজিৰ এই প্ৰতিবেদন ৷ ই টিভি ভাৰতে আজি লৈ আহিছে এটা ভাল খবৰ ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা আহিছে এই সু-সংবাদটো । সেয়া হৈছে বোকাখাতৰ ৰঙালাও ৷

নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই ৷ ইতিমধ্যে সকলোৱে জানে যে ২০২৩ চনত ২ কোটি, ২০২৪ চনত ৬ কোটি টকাৰ ৰঙালাও কৃষিমন্ত্ৰী গৃহ সমষ্টি বোকাখাতৰ পৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল ৷ পিছে এইবাৰ, অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিল-মে' মাহত ইয়াৰ পৰা ৰপ্তানি হ'ব ১২ কোটিৰো অধিক টকা মূল্যৰ ৰঙালাও । ইয়াকে লৈ এতিয়া বোকাখাতৰ নৈ-পৰীয়া কৃষকৰ মাজত ভীষণ ব্যস্ততা ।

কোটি টকাৰ ৰঙালাও (ETV BharatbAssam)

২০২৩ বৰ্ষত এহেজাৰ বিঘা মাটিত কৰিছিল ৰঙালাওৰ খেতি । সেই বছৰ বহিঃৰাজ্য পাইছিলগৈ ২ কোটি টকাৰ ৰঙালাও । ২০২৪ বৰ্ষত তিনি হাজাৰ বিঘাত ৰঙালাও খেতি কৰি উৎপাদিত ৰঙালাওৰ পৰা আয় হৈছিল ৬ কোটি টকা । এই লাভজনক আয়ৰ প্ৰতি আকৰ্ষিত হৈছিল বোকাখাতৰ বিহংগম নামৰ কৃষকৰ গোটে । সেয়েহে এইবাৰ কৃষকে মূল ৰবি খেতিৰূপে বাচি লয় ৰঙালাওৰ খেতি ।

লগতে পঢ়ক : সশস্ত্ৰ সংগ্ৰাম কৰা দুহাতেৰে কুটীৰশিল্পৰ সাধনা; গঢ়িছে স্বাৱলম্বনৰ সেন্দুৰী আলি

এইবাৰ ৭ হাজাৰ বিঘাৰো অধিক মাটিত কৃষকে কৰিছে ৰঙালাও খেতি । সেয়েহে কৃষকৰ এইবাৰৰ উপাৰ্জন ১২ কোটিৰো অধিক হ’বগৈ বুলি অনুমান কৰা হৈছে । ৰঙালাও খেতি আৰু উৎপাদনক গুৰুত্ব দি বোকাখাতৰ নৈ-পৰীয়া অঞ্চলক লৈ গঠিত "বিহংগম কৃষি প্ৰডিউচাৰ কোম্পানী" নামৰ সংগঠনটোৰ সঞ্চালক মণ্ডলীৰ বিশিষ্ট যুৱ কৃষক ললিত দত্তই জানিবলৈ দিয়া মতে, বিগত দুটা বছৰে ৰঙালাও উৎপাদন কৰি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ ফলত তেওঁলোক অধিক লাভাম্বিত হৈছিল ৷ সেই দেখিয়েই এইবাৰ দুগুণ উৎসাহেৰে কৃষকসকল আগবাঢ়ি আহিছে আৰু বিগত বৰ্ষৰ দৰে এইবাৰ বিহংগমে প্ৰায় ৭ হাজাৰ বিঘাৰ অধিক ৰঙালাও আৰু কিছু পৰিমাণে সৰিয়হ খেতি কৰা হৈছে ।

এইক্ষেত্ৰত তেওঁলোকে কৃষিমন্ত্ৰী অতুল বৰাৰ পৰাও যথেষ্ট সহায় সহযোগিতা লাভ কৰিছে বুলি উল্লেখ কৰে । ‘‘এইবাৰৰ ৰঙালাও খেতিৰ বাবে সংগঠনটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা ৪০ কেজি আৰু নুমলীগড় শোধনাগাৰৰ পৰা ৮০ কেজি বীজ লাভ কৰিছে ৷ যাৰ বাবে খেতিয়কসকল যথেষ্ট পৰিমাণে সুবিধা পাইছে । এইবাৰ ৭ হাজাৰ বিঘাৰো অধিক ৰঙালাও খেতি কৰা হৈছে আৰু বিগত বৰ্ষৰ তুলনাত এইবাৰ ১২ কোটিৰো অধিক টকাৰ ৰঙালাও বৰ্হিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব ৷’’ এগৰাকী যুৱ কৃষকে কয় ৷

লগতে পঢ়ক : ভকত চাপৰিত সোণ বুটলিছে মনৰ উদ্যমেৰে সাহসী যুৱ-কৃষকে

‘‘ইয়াৰ উপৰিও নুমলীগড় শোধনাগাৰে বোকাখাতত স্থাপন কৰা শীত-তাপ নিয়ন্ত্ৰিত ভঁৰালত আমি আলুৰ বীজ থৈছিলো ৷ যাৰ বাবে সেইখিনি সংৰক্ষণ হ'ল আৰু এতিয়া সুন্দৰকৈ আমি আলু খেতি কৰিব পাৰিছো ।’’ যুৱ কৃষকগৰাকীয়ে কয় ৷ বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈৰ উৎসাহ আৰু সহযোগিতা এই খেতিৰ মূল উৎসাহ বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

কৃষিমন্ত্ৰীগৰাকীয়ে নিজে কৃষিক্ষেত্ৰলৈ গৈ এইবাৰ আলুৰ বীজ ৰোপণ কৰি কৃষকসকলক উৎসাহিত কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে ৷ অলপতে বৃহৎ উদ্যোটোৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ কৃষিক্ষেত্ৰলৈ গৈ কৃষকৰ অভাৱ অভিযোগৰো বুজ লয় । শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ যোগদি এই অঞ্চলৰ বাটপথৰ লগতে সামগ্ৰিক বিকাশৰ বাবে পাঁচ বছৰীয়া এক পৰিকল্পনা গ্ৰহণ কৰা বুলিও জনায় যুৱ কৃষকে ।

লগতে পঢ়ক : সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে - Self Reliant Cultivator

আনহাতে, কৃষিমন্ত্ৰীগৰাকীৰ আহ্বানক সঁহাৰি জনাই অচিৰেই বোকাখাতত এটা ৰঙালাও প্ৰছেচিং উদ্যোগ স্থাপনৰো আশা দিছে নুমলীগড় শোধনাগাৰে । এই উদ্যোগত ৰঙালাওসমূহ অত্যাধুনিক পদ্ধতিৰে সংশোধন কৰি পুনৰ পেকেজিং কৰা হ'ব । এই পেকেটসমূহ উপযোগিতা থকা বহিৰৰ উদ্যোগলৈ পঠোৱাৰ ব্যৱস্থা কৰিব ।

তাৰোপৰি ৰঙালাওৰ গুটিসমূহ যিহেতু বীজৰ বাবে সংৰক্ষণ কৰিব পৰা নহ'ব, সেয়ে এই গুটিসমূহো বিজ্ঞানসন্মতভাৱে পেকেজিং কৰা হ'ব । ৰঙালাওৰ গুটি এক উৎকৃষ্ট খাদ্য । ই মুখৰোচক, বলবৰ্ধক, মেদ প্ৰতিৰোধী । ইয়াৰ নিয়মিত সেৱনে মগজুৰ দুৰ্বলতাও দূৰ কৰে বুলি আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাত উল্লেখ আছে । বোকাখাতত ৰঙালাওৰ উৎপাদনত অধিক গুৰুত্ব দিয়াত এইবাৰ খুব কম পৰিমাণেহে সৰিয়হ খেতি কৰা হৈছে বুলি যুৱ কৃষকগৰাকীয়ে কয় ।

লগতে পঢ়ক : আঘোণৰ পথাৰত এতিয়া সপোনৰ সোণগুটি বুটলিছে চহা কৃষকে

লগতে পঢ়ক : ক'লা আলু ! এক একৰ খেতিত উপাৰ্জন ৩-৪ লাখ টকা