লখিমপুৰ: আজি পহিলা ব'হাগ । উখল-মাখল ৰাজ্যৰ উজনি-নামনি । ৰঙালীৰ ৰঙত মচগুল সকলো । ঢোল-পেঁপাৰ মাতে ৰজনজনাইছে চৌদিশ । এনেহেন আনন্দৰ সময়ত কেনেকৈনো পিছপৰি থাকে অসম আৰক্ষী ।
বছৰৰ প্ৰতিটো ক্ষণ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ব্যস্ত একাংশ আৰক্ষীও বিলীন হ'ল ৰঙালীৰ আনন্দত । লখিমপুৰত আৰক্ষীৰ কান্ধৰ পৰা নামিল বন্দুক, আঁতৰিল খাকী পোছাক ।
অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে লখিমপুৰত একাংশ আৰক্ষীয়ে কান্ধৰ পৰা নমাই থলে বন্দুক । খুলি থ'লে খাকী পোছাক । কিছু সময়ৰ বাবে যেন বিৰতি ল'লে বিভাগীয় দায়িত্বৰ পৰা । নৱবৰ্ষৰ প্রথম দিনটোৰ পূৱাবেলাতে এক মনোৰম পৰিৱেশৰ সৃষ্টি হ'ল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত । পিছে এয়া কোনো বিভাগীয় বিদ্ৰোহ নহয় । অসমীয়াৰ হেপাহৰ ৰঙালী বিহু পালন কৰিবলৈহে একাংশ আৰক্ষীয়ে খাকী পোছাক সোলোকাই পিন্ধিলে জাতীয় সাজ ।
বন্দুক এৰি হাতত তুলি ললে ঢোল-পেঁপা । মহিলা আৰক্ষীসকলেও খাকী পোছাক সোলোকাই পিন্ধিলে মূগাৰ সাজ । ঢুলীয়াৰূপী আৰক্ষীৰ ঢোল-পেঁপাৰ চেঁৱত হেঁপাহ পলুৱাই নাছিলে নাচনীয়ে । কেৱল বিহুৱেই নহয়, পৰম্পৰাগত ৰূপত হুচৰিও প্ৰদৰ্শন কৰিলে আৰক্ষীৰ বিহু দলে । শৰাই দি বিহুৱা দলৰ আগত সেৱা ল'লে জিলাৰ আৰক্ষী অধীক্ষকে । হিয়া উজাৰি সকলোৰে মংগল কামনাৰে আশীর্বাদ বৰষিলে বিহুৱা দলে ।
উল্লেখ্য, জিলাৰ আৰক্ষী বিভাগৰ উদ্যোগত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত এনেদৰে বিহুৰ আয়োজন কৰা হয় । উবুৰি খাই পৰে আৰক্ষী বিভাগৰ সকলো লোক । পৰম্পৰাগত সকলো ৰীতি-নীতিৰ পৰা হুচৰি গোৱা, বিহু মৰা সকলো কৰিলে আৰক্ষীয়ে । ঢোল-তালৰ মাতত প্ৰাণ পাই উঠিল আৰক্ষী ছাউনি । আৰক্ষীৰ এই নৱবৰ্ষ উদযাপনত অংশ ল'লে জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতি, বিধায়ক মানৱ ডেকা আদিয়ে । একাংশ স্থানীয় লোকক আমন্ত্রণ কৰি আৰক্ষীৰ তৰফৰ পৰা ফুলাম গামোচাৰে ওলগ জনোৱা হয় ।
আৰক্ষীৰ এই বিহু সম্পৰ্কত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই ই টিভিক কয়, "বিহু কেৱল অসমীয়াৰ জাতীয় উৎসৱেই নহয়, ই অসমীয়া জাতিৰ প্ৰাণ । যদিও আমি বিভিন্ন কৰ্মক্ষেত্ৰত ব্যস্ত হৈ থাকো তথাপি বিহু বুলিলে বিহু উদযাপনৰ প্ৰৱণতা আহে । সেয়ে জিলাৰ আৰক্ষী লোকসকল গোট খাই এই আয়োজন কৰা হৈছে । এই পৱিত্র দিনটোত মই সকলোকে শুভেচ্ছা জনাইছোঁ । আহি থকা দিনবোৰ সকলোৰে মংগল হওক ।"