মাজুলী: আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৰঙালী বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্র ৰাজ্যত । পৰম্পৰা অনুসৰি ৰাজ্যজুৰি সোমবাৰৰ দিনটোত পালন কৰা হৈছে গৰু বিহু । সত্ৰনগৰী মাজুলীতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । ঢোল, পেঁপা, বাঁহীৰ মাতত মুখৰিত হৈ পৰিছে সত্ৰনগৰী মাজুলীৰ আকাশ-বতাহ ।
মাজুলীৰ সত্ৰানুস্থানসমূহতো উলহ-মালহেৰে পালন কৰা হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । সোমবাৰে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুষ্ঠিত হয় মালা সেৱা পৰ্ব । সত্ৰৰ বৈষ্ণৱসকলে আজি গুৰুৰ ওচৰত দুডাল মালা দি সেৱা লয় আৰু তাৰে এডাল মালা গুৰুৱে গ্ৰহণ কৰি আনডাল মালা পাছত ঘূৰাই দিয়ে ভকতসকলক ।
পূৰ্বৰ পৰম্পৰা অনুসৰি সোমবাৰে ঐতিহাসিক দক্ষিণপাট সত্ৰত মালা সেৱা পৰম্পৰা অনুষ্ঠিত হয় । সত্ৰৰ চাৰিহাটী ভকতসকলে সত্ৰৰ নামঘৰত সেৱা লয় সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত । পুৱা পূজা-অৰ্চনা, নাম প্ৰসংগৰ পাচতে ঐতিহাসিক সত্ৰখনৰ ভকতসকলে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে সকলোৱে গ্ৰহণ কৰে মালা সেৱা ।
ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীয়ে কয়, "আজি মহাবিষুৱ সংক্রান্তি । আজিৰ দিনটোত মহাপ্ৰভু যাদৱ ৰাইৰ চৰণত চিৰা, পিঠা, দৈ ভোগ আগবঢ়োৱা হয় বিহু উপলক্ষে । ইয়াৰ পাছতে সত্ৰৰ বৈষ্ণৱে বিহুৰ ঘোষাৰে নাম গায় । তাৰপাছত সত্ৰীয়া পৰম্পৰাৰে আৰু বহুকেইটা কাৰ্যসূচী অনুষ্ঠিত হয় । অন্তিম কাৰ্যসূচী হিচাপে বিয়লি ভাগত উঠা নাম অনুষ্ঠিত হয় ।" ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে অসমবাসীলৈ অসমীয়াৰ নতুন বছৰৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
লগতে পঢ়ক: গৰুবিহুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ৰঙালীৰ ৰং, ভিন্ন ভাষা-ভাষী লোকেও কৰিলে অংশগ্ৰহণ