বৰপেটা : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ অন্যান্য সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে সোমবাৰৰ পৰা উদযাপন কৰা হৈছে । বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ দিনৰে পৰা এই পৰম্পৰাৰে বিহু উদযাপন কৰি অহা হৈছে । ইয়াৰ লগতে গুৰুদুজনা স্থাপিত প্ৰতিখন সত্ৰতে সত্ৰীয়া নীতি-নিয়মেৰে ব'হাগ তথা ৰঙালী বিহু উদযাপন কৰি অহা হৈছে ।
উল্লেখ্য় যে, বৰপেটাত ব'হাগ বিহুক স্থানীয় ভাষাত ‘‘বৈহাগৰ দম্হী’’ বুলি কোৱা হয় । ইপিনে পহিলা ব'হাগৰ দিনটোত আজি সত্ৰখনত বৰ দোমাহী পালন কৰা হৈছে ।
এই সন্দৰ্ভত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে কয়, "পৰম্পৰা অনুসৰি চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা বৈহাগৰ দম্হীৰ আজি বৰ দোমাহি উপলক্ষে সত্ৰত পুৱা নাম প্ৰসংগৰ পিচত গায়ন বায়নে গুৰুঘাট বজায় ৷ এনেদৰে ছয় ব'হাগলৈ একে পৰম্পৰাৰে সত্ৰীয়া নীতি-নিয়ম সমূহ ৰূপায়ণ কৰা হ'ব । এই বছৰটো অসমবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰাৰ আশা কৰিছো । গোটেই বছৰটো হৰিনাম লৈ আনন্দত থাকক । "

বৈহাগৰ দম্হী উপলক্ষে হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ ৷ পহিলা ব'হাগৰ দিনটোত সত্ৰত সেৱা জনাবলৈ আজি বহু লোকৰ সমাগম হয় । ইপিনে, প্ৰসংগৰ পাছতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হয় ৷ সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈও অগণন লোকৰ সমাগম হয় ।
