ETV Bharat / state

যতীন মেচৰ মৃত্যু হ'ল কেনেকৈ ? কোনেও পোৱা নাই উৱাদিহ

কিয় হঠাৎ বেগেৰে ওলাই গৈছিল এক্সকেভেটৰখন ?

DEAD BODY RECOVERED IN SARUPATHAR
সৰুপথাৰত ৰহস্য়জনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 10:06 AM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : গোলাঘাট জিলাৰ সৰুপথাৰৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অঘটন ৷ সৰস্বতী পূজাৰ দিনাই বিদ্যালয়ৰ চৌহদত সন্ধিয়া এই অঘটন সংঘটিত হয় । এক্সকেভেটৰে মহটিয়াই নিয়াত যতীন মেচ নামৰ এজন লোকৰ মৃত্যু ঘটে ৷ বিদ্যালয় চৌহদত মাটি পূৰোৱা কামৰ লগত জড়িত আছিল মৃত যতীন মেচ ৷

ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এক্সকেভেটৰ চালকসহ পেলাই থোৱা মাটি মিলাবলৈ আহিছিল যতীন মেচসহ ভাস্কৰ মহন্ত আৰু জান নামৰ লোককেইজন । ইয়াৰ পিছতেই এক ৰহস্য়জনক পৰিস্থিতিত মৃত্য়ু হয় লোকজনৰ । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এক্সকেভেটৰসহ চালকে পলায়ন কৰাত ঘটনাটোক লৈ ৰহস্য়ৰ সৃষ্টি হৈছে ।

সৰুপথাৰত ৰহস্য়জনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ :

ইপিনে, উক্ত এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মৃত যতীন মেচৰ পৰিয়ালবৰ্গই ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্য়ে আৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একে পৰিসৰতে তিনিজন লোক ক্ৰমে ভাস্কৰ মহন্ত, জান, মৃত যতীন মেচসহ এক্সকেভেটৰ চালকে মাটি সমান কৰাৰ কামত ব্যস্ত আছিল । এই সন্দৰ্ভত বিদ্যালয়ৰ কৰ্মত নিয়োজিত হৈ থকা ভাস্কৰ মহন্তই সংবাদ মাধ্যমে আগত কয়, "আমি বিদ্যালয়ৰ চৌহদতেই কাম কৰি আছিলো । মৃত যতীন মেচৰ লগতে এক্সকেভেটৰৰ চালক দুয়োজনেই মাটি সমান কৰাৰ কাম ব্যস্ত আছিল । মই জানৰ লগত কিছু নিলগত গাড়ীত বহি আছিলো । প্ৰায় এঘণ্টামানৰ পিছতেই এক্সকেভেটৰখন খুব বেগেৰে ওলাই যায় । তেনে অৱস্থাতেই গৈ দেখিলো যে যতীন মেচ মৃত অৱস্থাত পৰি আছে ।"

আত্মীয়ই কি কয় ?

ইপিনে, যতীন মেচৰ আত্মীয়ই উক্ত ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি কয়, "যতীন মেচৰ লগত মাটিৰ কামত নিয়োজিত থকা জান, ভাস্কৰ মহন্তৰ লগতে এক্সকেভেটৰৰ চালকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত কৰিব লাগে । এক্সকেভেটৰখন জনৈক বাবা হাজৰিকাৰ বুলি গম পাইছো । মই ব্যক্তিগতভাৱে বাবা হাজৰিকাক চিনি নাপাওঁ । তেওঁকো তদন্তৰ আওতালৈ আনিব লাগে । তেতিয়াহে ৰহস্যজনক মৃত্যুৰ সত্য উদঘাটন হ'ব । এই ঘটনাৰ লগত জড়িত সকলো ব্যক্তিকে উচিত শাস্তি দিব লাগে ।"

লগতে পঢ়ক:চিলাপথাৰ হত্যাকাণ্ড: অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তি - SILAPATHAR MURDER CASE

অবৈধ প্ৰেমৰ বাবেই হত্যা কৰা হ’ল নেকি সুমন দাসক ? - BRUTAL MURDER