দুষ্প্ৰাপ্য বনৰৌ, উদৰ ছালসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Wildlife organ trafficking
Pangolin skins recovered: ৰাজ্যত বন্যপ্ৰাণীৰ ছাল আৰু বিভিন্ন অংগৰ সৰবৰাহ অব্যাহত আছে । তিনিচুকীয়াত বনৰৌ আৰু উদৰ ছালসহ বিভিন্ন বন্যপ্ৰাণীৰ অংগ উদ্ধাৰ । সৰবৰাহত জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ ।

Published : September 27, 2024 at 1:11 PM IST
তিনিচুকীয়া, ২৭ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাত বন বিভাগৰ বৃহৎ অভিযান । এই অভিযানত জব্দ দুষ্প্ৰাপ্য প্ৰাণীৰ ছাল আৰু বিভিন্ন অংগ । তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তথা ছৈখোৱা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ডাঙৰীৰ সমীপৰ লাল বাংলাত বৃহস্পতিবাৰে নিশা বন বিভাগে এই অভিযান চলায় ।
অভিযানত বন বিভাগৰ লোকসকলে দুষ্প্ৰাপ্য বনৰৌ আৰু উদৰ ছাল আৰু বিভিন্ন অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বন্যপ্ৰাণীৰ ছাল আৰু অংগৰ লগতে অভিযানকাৰী দলটোৱে ৩ জন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দুষ্প্ৰাপ্য প্ৰাণীৰ অংগৰ সৰবৰাহ
বৃহস্পতিবাৰে সন্ধিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা AS-২৩-AD-৮৯১৬ আৰু AR-১৮-০০২৪ নম্বৰৰ দুখন বাহনত দুষ্প্ৰাপ্য প্ৰাণীৰ অংগ লৈ তিনিচুকীয়া অভিমুখে অহি থকাৰ এক গোপন তথ্য লাভ কৰিছিল বন বিভাগে । সেই খবৰৰ ভিত্তিত ডুমডুমা বন-সংমণ্ডলৰ কাৰ্যালয়ৰ লগতে ছৈখোৱা বনাঞ্চলিক কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে ডাঙৰীৰ লাল বাংলাত তালাচী চকী স্থাপন কৰে ।

তালাচীৰ মাজতে উক্ত বাহন কেইখনৰ পৰা দলটোৱে দুষ্প্ৰাপ্য বনৰৌ আৰু উদৰ ছালসহ বিভিন্ন অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত সামগ্ৰীখিনিৰ সৰবৰাহৰ লগত জড়িত তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় ।
৩ সৰবৰাহকাৰীক জেৰা
বন বিভাগৰ লোকে জনোৱা মতে ধৃত তিনি সৰবৰাহকাৰী ক্ৰমে অৰুণাচলৰ চাংলাং জিলাৰ বিজয়পুৰ গাঁৱৰ নিহাৰ বিন্দু চাকমা, পশ্চিম চিয়াং জিলাৰ আল'ৰ ডগাম আংগো আৰু অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰশমণি চাংমাই । তিনিওজনে বাহন দুখনত বন্যপ্ৰাণীৰ অংগসমূহ অৰুণাচলৰ পৰা সৰবৰাহ কৰি কোনো লোকক বিক্ৰীৰ উদ্দেশ্যে লৈ আহিছিল ।

ধৃত লোককেইজনক জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে । এই সৰবৰাহ চক্ৰত জড়িত আন আন লোকৰ বিৰুদ্ধেও শীঘ্ৰে অভিযান চলোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

