ETV Bharat / state

ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁওখনলৈ নৌকা বিহাৰ কৰিব কেনেকৈ ?

গুপ্তকাশী বিশ্বনাথঘাটে আজিও আহোম যুগৰ সাক্ষী বহন কৰি আছে । বৃটিছ শাসনকালতে গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজঘাট ।

Boat ride from Tezpur to Guptkashi
তেজপুৰ জাহাজঘাট আৰু গণেশঘাটৰ পৰা আৰম্ভ হ'ব নৌকা বিহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 7:27 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: মহাশিৱৰাত্রি উপলক্ষে নৌকাৰে তেজপুৰৰ পৰা বিশ্বনাথ জিলাৰ গুপ্তকাশী দৰ্শন কৰিবলৈ সুবিধা লাভ কৰিব পৰ্যটকসকলে । দৈনিক পুৱাৰ ভাগত এই নৌকাৰে তেজপুৰ জাহাজঘাট আৰু গণেশঘাটৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব পাৰিব । তেজপুৰ চহৰৰ বিভিন্ন পৰ্যটনস্থলী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰে গণেশ মন্দিৰ দেৱী সিংঘাট আৰু অন্যান্য স্থানসমূহ পৰিদৰ্শন কৰাৰ সুবিধা লাভ কৰিব কেনেকৈ ?

এই বিশেষ নৌকা বিহাৰৰ বাবে প্রকৃতি ট্ৰেভেলছে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । প্রকৃতি ট্ৰেভেলছৰ স্বত্বাধিকাৰী বিশ্বজিত শইকীয়াই ই টিভি ভাৰতক কয়, "পুৱা ৮ বজাৰ পৰা এই সুবিধা উপলব্ধ হ'ব । নৌকাৰে যাত্ৰা কৰোতে গণেশঘাট, কলীয়া ভোমোৰাৰ দুয়োখন দলঙৰ সৌন্দৰ্য, জীয়াভৰলী নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ লগতে নদী ডলফিনৰ জলকেলি উপভোগ কৰিবলৈ সুবিধা লাভ কৰিব পাৰিব । ইয়াৰ পিছত দলটোৱে বিশ্বনাথঘাটৰ গুপ্তকাশী দৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ মাজত থকা উমাতুমনিত ৰাফটিং কৰাৰ সুযোগ লাভ কৰিব । সকলোৱে নাৱৰ বুকুত অহাৰ গ্ৰহণ কৰিব পাৰিব । শিৱৰাত্রি উপলক্ষে এই সকলো সম্ভৱ হ'ব ১,২০০ টকাৰ বিনিময়ত ।"

তেজপুৰ জাহাজঘাট আৰু গণেশঘাটৰ পৰা আৰম্ভ হ'ব নৌকা বিহাৰ (ETV Bharat Assam)

ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও :

উল্লেখ্য় যে শোণিতপুৰৰ লগতে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আছে । পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হৈছে । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত তেতিয়াৰে পৰা এক বিশেষ গুৰুত্ব লাভ কৰিছে গুপ্তকাশী বিশ্বনাথঘাটে ।

Boat ride from Tezpur to Guptkashi
তেজপুৰ জাহাজঘাট আৰু গণেশঘাটৰ পৰা আৰম্ভ হ'ব নৌকা বিহাৰ (ETV Bharat Assam)

গুপ্তকাশী বিশ্বনাথঘাটত কি আছে ?

উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথঘাটে আজিও সেই আহোম যুগৰ সাক্ষী বহন কৰি আহিছে । আহোম ৰজাসকলৰ বহু কীৰ্তিচিহ্ন আজিও গুপ্তকাশী বিশ্বনাথঘাটত সজীৱ হৈ আছে । বৃটিছ শাসনকালতে এই গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজঘাট । মুঠ ২৭ খন বিভিন্ন দেৱালয়ৰে পৰিপূৰ্ণ ক্ষুদ্ৰতম নদীদ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যৱস্থা, উমাটুমণিক সংলগ্ন কৰিবলৈ ৰ'পৱে নিৰ্মাণ কৰাৰ যো-জা, এক সুন্দৰ গ্ৰাম্য পৰ্যটন স্থান বিশ্বনাথঘাটক পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰাত পৰ্যটনৰ দিশত অধিক গুৰুত্ব লাভ কৰিছে ।

লগতে পঢ়ক:অৰুণে আঁচল পাতি দিয়া অৰুণাচলৰ কেইখনমান মনোমোহা পৰ্যটনস্থলী - TOURIST DESTINATIONS OF ARUNACHAL