ETV Bharat / state

শিক্ষাৰ্থীৰে ভৰা নাও জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত, কেইবাগৰাকীও সন্ধানহীন

চৰাঞ্চলৰ পৰা ১০০ ৰো অধিক যাত্ৰী লৈ গৈ আছিল যন্ত্ৰচালিত নাওখন । বেছিসংখ্যকে স্কুলীয়া শিক্ষাৰ্থী । সন্ধানহীনসকলৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান ।

Nalbari Boat Accident
দুৰ্ঘটনাত পতিত স্কুলীয় শিক্ষাৰ্থী লৈ যোৱা নাও (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 1:43 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: নলবাৰী জিলাৰ মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ পেৰাধৰা ঘাটত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী এখন যন্ত্ৰচালিত নাও । দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন কেইবাগৰাকীও যাত্ৰী । তাৰ ভিতৰত অধিকাংশই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে । সম্প্ৰতি অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

পুৱা প্ৰায় ৭ মান বজাতে এই নাও দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, যন্ত্ৰচালিত নাওখনত ১০০ ৰো অধিক যাত্ৰী আছিল । তাৰ বেছিসংখ্যকে স্কুলীয়া ছাত্ৰ-ছাত্ৰী । চৰাঞ্চলৰ পৰা নাওখন দৌলাশাল ৰামপুৰলৈ গৈ আছিল । নাওখন পেৰাধৰা ঘাট পোৱাৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত হয় । লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । নাওখনে ভাৰসাম্য হেৰুওৱাৰ ফলত একাংশ শিক্ষাৰ্থীয়ে পানীত জঁপিয়ায় ।

ব্ৰহ্মপুত্ৰত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা (ETV Bharat)

অভিযোগ অনুসৰি যন্ত্ৰচালিত নাওখনত প্ৰয়োজনতকৈ অধিক বোজা আছিল । ৪০-৫০ জন যাত্ৰীৰ ক্ষমতা থকা নাওখনত অনা হৈছিল ১০০ ৰো অধিক যাত্ৰী । যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি ৰাইজে আশংকা কৰিছে । দুৰ্ঘটনাটোৰ পিছত ৫-৬ গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে বুলি অনুমান কৰা হৈছে । কিন্তু এই সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে । সম্প্ৰতি যাত্ৰী তথা পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগিছে । দুৰ্ঘটনাস্থলীত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে প্ৰশাসনৰ লোকসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

উল্লেখ্য যে নলবাৰী জিলাৰ বৃহত্তৰ বৰক্ষেত্ৰী চৰাঞ্চলত দীৰ্ঘদিনে এনেদৰে চলি আহিছে ব্ৰহ্মপুত্ৰৰ বুকুত বিপদসংকুল নাও বা ফেৰী যাত্ৰা । মালিক তথা কৰ্তৃপক্ষই নীতি-নিয়ম পালন নকৰি মইমতালিৰে অধিক বোজা কঢ়িয়াই আছে । কিন্তু এই ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগ নিমাত । সকলো দেখিও কোনো ব্যৱস্থা নলয় বিভাগে । যাৰ বাবে আজি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগা হ'ল । এনে পৰিস্থিতিত জাঙুৰ খাই উঠিছে স্থানীয় লোক তথা যাত্ৰীসকল ।

Nalbari Boat Accident
নলবাৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন ব্যক্তি (ETV Bharat)

এজন স্থানীয় লোকে কয়,"নাওখনত এখন চালি থাকে । সেই চালিখন ভাগি গৈছে । লগে লগে চালিত থকা ল'ৰা-ছোৱালীবিলাক নাওখনৰ বুকুত পৰিছে । তলত থকা ল'ৰা-ছোৱালীৰ ওপৰতে তেওঁলোক পৰি গৈছে । তেতিয়া তেওঁলোকৰ মাজত সন্ত্ৰাস হৈছে…। নাওখনত ক্ৰমান্বয়ে পানী সোমাই আছিল । পানী সোমোৱাৰ লগে লগে নাওখন ডুবি গৈ আছিল । তেতিয়া ল'ৰা-ছোৱালীবিলাকে ভয়তে জঁপিয়াই দিছে । মাছমৰীয়াবিলাকে উদ্ধাৰৰ বাবে নাও লৈ গৈছিল আৰু যিয়ে যেনেকৈ পাৰে তেওঁলোকক উদ্ধাৰ কৰে ।"

স্থানীয় লোকজনৰ মতে প্ৰায় ৬ গৰাকী শিক্ষাৰ্থী সন্ধানহীন হৈ আছে । এজন অভিভাৱকে সন্তানক ৰক্ষা কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে বুলিও তেওঁ উল্লেখ কৰিছে ।

লক্ষণীয়ভাৱে বিদ্যালয়ত চলি আছে পৰীক্ষা । যাৰ বাবে শিক্ষাৰ্থীসকলে পৰীক্ষা দিবলৈ বিদ্যালয়লৈ বুলি নাওখনেৰে যাত্ৰা কৰি আছিল । বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল তেওঁলোক । ইফালে বছৰি এইধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা চৰকাৰে ব্যক্তিগত ফেৰীসেৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

তেওঁলোকে অভিযোগ কৰা মতে নাওবোৰে কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা পালন নকৰে । প্ৰয়োজনতকৈ অধিক বোজা লৈ যায় । কেৱল এয়াই নহয় যাত্ৰীৰ সুৰক্ষাৰ প্ৰতিও কোনো গুৰুত্ব নাই । লাইফ জেকেট বা অন্যান্য সুৰক্ষাজনিত ব্যৱস্থা নাথাকে এই নাওবোৰত ।

লগতে পঢ়ক: পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিতৰ অভিযোগ, ৰাজপথলৈ ওলাল ক্ষুব্ধ মহিলা - CORRUPTION IN ROAD CONSTRUCTION