ETV Bharat / state

নাও দুৰ্ঘটনাত সন্ধানহীনৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ লেচী

পেৰাধৰা পাৰঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন দুই ছাত্ৰৰ আজিও নোলাল শুংসূত্ৰ ।

Arrested in Nalbari Boat Accident Case
পেৰাধৰা পাৰঘাটৰ লেচী গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 9:05 PM IST

4 Min Read
Choose ETV Bharat

নলবাৰী : নলবাৰীৰ লাৰকুছিৰ পেৰাধৰা পাৰঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন আব্দুল গফুৰ নামৰ লোকজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে । অৱশ্য়ে এই দুৰ্ঘটনাত সন্ধানহীন দুই ছাত্ৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল । আনহাতে আৰক্ষীয়ে এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে পেৰাধৰা পাৰঘাটৰ লেচীজনক ।

পেৰাধৰা পাৰঘাটৰ লেচীক গ্ৰেপ্তাৰ :

নলবাৰীৰ লাৰকুছি পেৰাধৰা পাৰঘাটত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক শোকাৱহ নাও দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত পতিত হৈছিল শিক্ষাৰ্থীভৰ্তি এখন যন্ত্ৰচালিত নাও । অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলত নাওখনৰ চালি অংশ ডুবি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছিল প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় লোকে । ইয়াৰ পিচতেই অভিযোগ উত্থাপিত হৈছিল লেচীৰ বিৰুদ্ধে । শনিবাৰে পেৰাধৰা পাৰঘাটৰ লেচী ৰমিজ আলীক গ্ৰেপ্তাৰ কৰে মুকালমুৱা থানাৰ আৰক্ষীয়ে । মুকালমুৱা আৰক্ষীয়ে ভাৰতীয় ন্য়ায় সংহিতাৰ U/S 282/284/105 BNS ধাৰাৰ অধীনত 156/25 নম্বৰত গোচৰ ৰুজু কৰি লেচী ৰমিজ আলীক গ্ৰেপ্তাৰ কৰে ।

পেৰাধৰা পাৰঘাটত নাও দুৰ্ঘটনাত সন্ধানহীনৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

এই কৰুণ ঘটনাটোত ডেৰ শতাধিক শিক্ষাৰ্থীৰ লগতে কেইবাগৰাকী আন যাত্ৰী পতিত হৈছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হোৱাত মাছমৰীয়াৰ সৰু নাও কেইখনমানৰ লগতে স্থানীয় লোক উদ্ধাৰত নামি পৰে । প্ৰায় সকলো যাত্ৰীয়েই নাওখনৰ পৰা উদ্ধাৰ হৈছিল যদিও দুগৰাকী স্কুলীয়া ছাত্র মাজিদুৰ ইছলাম, আৰিয়ান ইছলাম আৰু এজন অস্থায়ী স্বাস্থ্যকৰ্মী সন্ধানহীন হৈ আছিল ব্ৰহ্মপুত্ৰৰ বুকুত ।

নিৰুদ্দিষ্ট অস্থায়ী স্বাস্থ্যকৰ্মীৰ মৃতদেহ উদ্ধাৰ :

যোৱা দুদিন ধৰি উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই কোনো সুফল নোপোৱাত আজি পুৱাৰ ভাগত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ কৰে বৰপেটা জিলাৰ চেঙাৰ চেনীমাৰী চৰত । ব্ৰহ্মপুত্ৰৰ চেনীমাৰী চৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় নিৰুদ্দিষ্ট অস্থায়ী স্বাস্থ্যকৰ্মীজনৰ মৃতদেহটো । পিচত এই মৃতদেহটো আব্দুল গফুৰৰ বুলি চিনাক্ত কৰে স্থানীয় লোক আৰু প্ৰশাসনে ।

Abdul Gafur who died in  boat accident
নাও দুৰ্ঘটনাত নিহত আব্দুল গফুৰ (ETV Bharat Assam)

উল্লেখ্য যে বৃহস্পতিবাৰে পেৰাধৰা পাৰঘাটত ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশৰ পৰা উত্তৰ দিশৰ দৌলাশাল ৰামপুৰ অভিমুখে অতি কম যাত্ৰী কঢ়িয়াব পৰা যন্ত্ৰচালিত নাও এখন অত্যধিক যাত্ৰী কঢ়িওৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ সুঁতিত দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন হৈছিল অস্থায়ী স্বাস্থ্যকৰ্মী আব্দুল গফুৰ । এইগৰাকী স্বাস্থ্যকৰ্মী আব্দুল গফুৰে বহু শিক্ষাৰ্থীৰ লগতে নিজৰ সন্তানকো উক্ত নাওখনৰ পৰা উদ্ধাৰ কৰিছিল । পৰৱৰ্তী সময়ত আব্দুল গফুৰে আকৌ উদ্ধাৰৰ বাবে পানীত নামিছিল যদিও দুই ছাত্ৰৰ সৈতে সলিল সমাধি ঘটিছিল আব্দুল গফুৰৰ ।

ভাল বাদ্যযন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল গফুৰ । আব্দুল গফুৰৰ মৃতদেহ আজি বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰৰ খবৰ পোৱাত স্থানীয় আৰক্ষী-প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এই ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যুমুখত পৰা আব্দুল গফুৰৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত শনিৰোডত । আনহাতে উক্ত দুৰ্ঘটনাত সন্ধানহীন আন দুজনৰ কোনো সন্ধান বৰ্তমান পৰ্যন্ত পোৱা হোৱা নাই । আন দুজন ছাত্ৰৰ সন্ধানত আজি তৃতীয় দিনাও এছডিআৰএফ আৰু এনডিআৰএফে ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

ইপিনে, এই ঘটনাটো সংঘটিত হোৱাৰ পিচত যন্ত্ৰচালিত নাওসমূহকলৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । অত্যধিক যাত্ৰী কঢ়িয়াই থকা সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে সকলোৱে অভিযোগৰ আঙুলি টোৱাইছে । এই বিভাগটোৱে নাওসমূহ পৰ্যবেক্ষণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "তিনিদিন ধৰি বিচাৰ-খোচাৰ কৰাৰ পিচত আব্দুল গফুৰ নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে ।"

লগতে পঢ়ক:শিক্ষাৰ্থীৰে ভৰা নাও জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত, কেইবাগৰাকীও সন্ধানহীন - NALBARI BOAT TRAGEDY