ETV Bharat / state

ঘোচ লৈ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া - Caught for taking bribe

Matia Development Block: এইবাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল খণ্ড উন্নয়ন বিষয়া ৷ তিনি হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিৰ্বাৰক শাখাৰ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া ৷

Matia Development Block
ঘোচ লৈ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা, 10 মে’ : ৰাজ্যত অব্যাহত আছে ঘোচখোৰৰ বিৰুদ্ধে অভিযান ৷ শুকুৰবাৰে গোৱালপাৰা জিলাৰ মাটিয়াত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । অভিযানকালত গ্ৰেপ্তাৰ কৰা হৈছে মাটিয়া খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰক ।

জানিব পৰা মতে, শুকুৰবাৰে আবেলি প্ৰফুল্ল কুমাৰ নাথ নামৰ এজন লোকৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ শিতানৰ ২০২৩-২০২৪ বৰ্ষৰ দেৱাল নিৰ্মাণৰ কামৰ বাবদ তিনি হাজাৰ টকা উৎকোচ বিচাৰিছিল খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰে । প্ৰফুল্ল কুমাৰ নাথে এই বিষয়ে দুৰ্নীতি নিবাৰক শাখাক অবগত কৰে ।

Matia Development Block
মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া (ETV Bharat Assam)

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰাক শাখাই পৰিকল্পনা কৰি শুকুৰবাৰে আবেলি মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিযান চলায় ৷ অভিযান কালত তিনি হাজাৰ টকা উৎকোচ লওঁতে পূৰ্বেই খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰক ।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে চহৰ আলী শিকদাৰক গ্ৰেপ্তাৰ কৰি সোধা-পোছাৰ বাবে পোনে পোনে গুৱাহাটীস্থিত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ মুখ্য কাৰ্যালয়লৈ নিয়ে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কাৰ্যালয়ত বহি অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী নিবাৰক শাখাই মাটিয়া আৰক্ষী থানাৰ এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শক আৰু মাটিয়া প্ৰাথমিক শিক্ষা বিষয়াক পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিচতে শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়াগৰাকী ৷

লগতে পঢ়ক: দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ বৰহাট থানাৰ ASI উত্তম শইকীয়া