অশোক শৰ্মাক কোনে চিনি পায় ? বিজেপিকহে চিনি পায়: ভৱেশ কলিতা - Independence Day 2024
Bike rally by BJP: দেশপ্ৰেমমূলক গীতৰ তালে তালে নাচি বাগি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত নলবাৰী সমষ্টিৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । লগতে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, জিলা আয়ুক্ত বৰ্ণালী ডেকা ।

Published : August 13, 2024 at 5:20 PM IST
নলবাৰী,১৩ আগষ্ট: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো আৰু দুটা দিন বাকী । দেশপ্ৰেমমূলক বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ভাৰতবৰ্ষ । নলবাৰীতো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিভিন্ন দেশপ্ৰেমমূলক কাৰ্যসূচী হাতত লোৱা হৈছে । আজি নলবাৰী জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত নলবাৰী সমষ্টিৰ ভিত্তিত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুই সহাস্ৰাধিক যুৱ মৰ্চাৰ লোকৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ অসম প্ৰদেশ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী । এক মুকলি মঞ্চত দেশপ্ৰেমমূলক গীতৰ তালে তালে নাচি বাগি আনন্দ উল্লাস কৰা দেখা যায় তিনিওজন নেতাৰ লগতে জিলা পৰ্যায়ৰ নেতাসকলক । লগতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা ।
ইয়াৰ পাছতে অনুষ্ঠিত কৰা বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । এই কাৰ্যসূচীত উপস্থিত থাকি স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো সকলোকে সম্ভাষণ জনোৱাৰ লগতে নলবাৰীত অব্যাহত থকা ডাম্পাৰৰ দৌৰাত্ম্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নলবাৰী চহৰত দিনৰ ভাগত ডাম্পাৰ চলাচল বন্ধ কৰি দিবলৈ নিৰ্দেশ দিয়াৰ লগতে মূল্যবৃদ্ধি সন্দৰ্ভতো তদন্তৰ আশ্বাস দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । আনহাতে আজিৰ এই শুভক্ষণত দেশৰ প্ৰতি সমাৰ্পিত প্ৰতিজন ব্যক্তিৰ নাম ল'বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "মহামানৱ মহাত্মা গান্ধীৰ যি অহিংস আন্দোলনৰ ফলত এই দেশ স্বাধীন হৈছিলে, সেই স্বাধীনতাৰ সোৱাদ সমগ্ৰ দেশবাসীক দিয়াৰ নিমিত্তে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জাতীয় পতাকাৰ সংবিধান বিধি সংশোধন কৰি সমগ্ৰ জাতিৰ কাৰণে ত্ৰিৰংগ পতাকা প্ৰতিখন ঘৰত লগোৱাৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যেৰে জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত বাইক ৰেলী উলিওৱা হৈছে ।"
লগতে সদ্য বিজেপিত্যাগী অশোক শৰ্মাৰ সন্দৰ্ভত কলিতাই কয়,"তেখেত এতিয়া গ'ল । তেওঁ এতিয়া পাষ্ট । তেওঁ এতিয়া হীনমান্যতাত ভুগি থাকিব । আগতে এখন ডাঙৰ সমাজত আছিল । অশোক শৰ্মাক কোনে চিনি পায় ? বিজেপিকহে চিনি পায় । যিহেতু তেওঁ এতিয়া বিজেপিত নাই গতিকে এতিয়া তেওঁক কোনেও চিনি নাপায় ।"

