দেৱলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীৰে বিজেপি নেতা-কৰ্মীৰ প্ৰতিবাদ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গাৰ্লোচাই ডিমা হাছাও জিলাত একনায়কত্ববাদ চলোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে ।

Published : July 1, 2025 at 1:52 PM IST
হাফলং: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক অপসাৰণৰ দাবী ৷ এই দাবীৰে ডিমা হাছাও জিলা বিজেপিৰ তৃণমূল স্তৰৰ কৰ্মীসকলে হাফলংস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গাৰ্লোচাই ডিমা হাছাও জিলাত একনায়কত্ববাদ চলোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে ।
নিয়োগৰ ক্ষেত্ৰতে হওঁক বা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰতে হওঁক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই দীৰ্ঘদিনৰে পৰা বিজেপিৰ তৃণমূল স্তৰৰ কৰ্মী তথা দুখীয়া ৰাইজক বঞ্চিত কৰি পৰিয়াল-আত্মীয়ক সুবিধা প্ৰদান কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে ৷
আনকি জিলাখনত চলি থকা ছিণ্ডিকেটৰাজ, চৰকাৰী ভূমি বেদখলৰ দৰে অনৈতিক কামতো গাৰ্লোচা জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে তেওঁক অপসাৰণৰ দাবী তুলি বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিজেপিৰ তৃণমূল স্তৰৰ কৰ্মীসকলে ‘‘দেৱলাল গ’বেক, দেৱলাল গাৰ্লোচা হটাও ডিমা হাছাও জিলা বচাও, ডিমা হাছাও জিলাত দেৱলাল গাৰ্লোচাৰ একনায়কত্ববাদ নচলিব, ছিণ্ডিকেটৰাজ নচলিব’’ আদি শ্ল’গানৰে উত্তাল কৰি তোলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগ ।
উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা ডিমা হাছাও জিলা বিজেপিৰ একাংশ নেতা-কৰ্মী আৰু তৃণমূল স্তৰৰ কৰ্মীৰ মাজত দেৱলাল গাৰ্লোচাৰ কাম-কাজক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল । বিগত ১ জানুৱাৰীত মানদাৰদিছা, ২ জানুৱাৰীত হাৰেংগাজাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৭ জানুৱাৰীত হাফলঙত দেৱলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ৷ ইতিমধ্যে বিষয়টো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জনোৱাৰ পিছতো কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷
বিজেপিৰ জ্যেষ্ঠ নেতা তথা মাহুৰ টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ অনুপ লাংথাচাই এই সন্দৰ্ভত কয়- ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ একনায়কত্ববাদৰ বাবে আজি বিজেপিৰ তৃণমূল স্তৰৰ কৰ্মীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে । যোৱা ৯ বছৰৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত বিজেপিৰ আধিপত্য চলি আছে । কিন্তু বিজেপিৰ তৃণমূল স্তৰৰ কৰ্মী আৰু দুখীয়া ৰাইজে চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিলৈকে সকলোৰে পৰা বঞ্চিত হৈ আহিছে ।’’
লাংথাচাই লগতে কয়- ‘‘দেৱলাল গাৰ্লোচাৰ এনে একনায়কত্ববাদ বন্ধ কৰাৰ বাবে আজি আমি প্ৰতিবাদ কৰিবলগা হৈছে ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিগত নিৰ্বাচনত পাৰ্বত্য পৰিষদৰ সাতটা সমষ্টিত বিজেপি দলে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, এই প্ৰাৰ্থীসকলৰ সৈতে দেৱলালৰ সম্পৰ্ক ভাল নোহোৱাৰ বাবেই সমষ্টিকেইটাত নিৰ্দলীয় হিচাপে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷’’
১৫ জুলাইৰ ভিতৰত বিজেপি শাসিত ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰে যদি দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰে লাংথাচাই ৷ তদুপৰি সাংবাদিকৰ আগত সকলোৱে একেলগে বিজেপি দল ত্যাগ কৰিব বুলিও ভাবুকি প্ৰদান কৰে বিজেপি নেতা অনুপ লাংথাচাই ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন, কনভয়লৈ বটল নিক্ষেপ কংগ্ৰেছ কৰ্মীৰ

