ETV Bharat / state

টোলকৰৰ বৃদ্ধিৰ প্ৰসংগত ক্ষোভ উজাৰিলে স্বয়ং বিজেপি নেতাই; সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল - TOLL TAX HIKE IN ASSAM

Tollgate Charges in Assam : "আমি ভাগৰি পৰিছো, আমাৰ হাতত পৰ্যাপ্ত ধন নাই ৷"- এয়া এগৰাকী বিজেপি কাৰ্যকৰ্তাৰ হতাশাভৰা কথা ৷ ধনৰ অভাৱত টোলগেটত কৰ দিব নোৱাৰি অপমানৰ সন্মুখীন হোৱা শোণিতপুৰৰ বিজেপি কৰ্মী ৰাকেশ দাসে দলৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰকাশ কৰিলে কিছু কথা ৷ যি কথাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

Toll tax in Assam
টোলকৰৰ বৃদ্ধিৰ প্ৰসংগত ক্ষোভ প্ৰকাশ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2024 at 2:01 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, 14 জুন : শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাম-কাজত ক্ষুব্ধ একাংশ দলীয় কৰ্মী । শাসকীয় দলৰ বিধায়কৰ পিছত এইবাৰ বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীয়ে সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰিলে গেৰুৱা দলটোৰ বিৰুদ্ধে । সম্প্ৰতি সামাজিক মাধ্যমত তোলপাৰ হোৱা এটি ভিডিঅ’ৱে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সাধাৰণ লোকৰ মাজত ৷

সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল (Etv Bharat Assam)

ঘটনাৰ বিৱৰণী অনুসৰি, শোণিতপুৰ জিলাৰ বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক সদস্য ৰাকেশ দাসে দলৰ বিৰুদ্ধে ক্ষোভিত হৈ প্ৰকাশ কৰা কিছু মন্তব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ নেতাগৰাকীয়ে ভিডিঅ’টোত প্ৰকাশ কৰিছে এনেদৰে, "আমি ভাগৰি পৰিছো, আমাৰ হাতত পৰ্যাপ্ত ধন নাই" ৷

লগতে পঢ়ক: Toll gates in Assam: এবছৰত টোলগেটৰ যোগেদি অসমৰ পৰা সংগ্ৰহ ৪৬৬ কোটি টকা

যুৱনেতাগৰাকীয়ে ৰহা টোলগেটত টোলকৰ দিব নোৱাৰাৰ বাবে তাৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰে ৷ যাৰ বাবে সামাজিক মাধ্যমত চৰকাৰত তীব্ৰ সমালোচনা কৰে যুৱনেতা দাসে ৷ তেওঁ আক্ষেপেৰে কয় যে যুৱ মৰ্চাৰ বা সাধাৰণ কাৰ্যকৰ্তাই এতিয়া চৰকাৰৰ তৰফৰ পৰা নাপায় কোনো সঁহাৰি । নিৰ্বাচনৰ সময়ত দিনে-ৰাতি ভোট সংগ্ৰহৰ স্বাৰ্থত প্ৰচাৰকাৰ্যত নমা কাৰ্যকৰ্তাসকলক দলটোৰ জ্যেষ্ঠ নেতৃত্বই চিনি নোপোৱাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ যুৱনেতা ৰাকেশ দাসে ৷

লগতে পঢ়ক: Toll gates in Assam: ফুৰিব নে ৰাজহৰ ধন দিব চৰকাৰক ?

উল্লেখ্য যে, টোলগেটত মাথো দলৰ একাংশ জ্যেষ্ঠ নেতাকহে টোলকৰ ৰেহাই দিয়া হয় ৷ তাৰ পৰিৱৰ্তে সাধাৰণ নেতা-পালিনেতাই তেনে সুবিধা লাভ নকৰে ৷ ইতিমধ্যে এই বিষয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক অৱগত কৰাৰ কথা প্ৰকাশ কৰে ৰাকেশ দাসে ।

উল্লেখ্য যে, এই ঘটনাৰ মাথো এদিন পূৰ্বে বিজেপি বিধায়ক মৃণাল শইকীয়াই টোলকৰৰ সন্দৰ্ভত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ প্ৰেৰণ কৰিছে এক পত্ৰ । মুঠৰ ওপৰত স্বয়ং দলীয় কৰ্মীয়ে এতিয়া বিষোদগাৰ প্ৰকাশ কৰিছে গেৰুৱা দলটোৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: ৰহা টোলগেটৰ টোল সংগ্ৰহ বাতিল কৰক: কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ আহ্বান বিজেপি বিধায়কৰ - MLA Mrinal Saikia