ETV Bharat / state

এইখন বাজেটে অসমৰ বাবে অধিক টকা দিছে : কল্যাণ গগৈ - India Budget 2024

Union Budget 2024 : জিলাই জিলাই বিজেপি চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটৰ প্ৰচাৰ । ডিফুত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈৰ সংবাদমেল । সংবাদমেলত এই বাজেট যে জনতাৰ বাবে অতি কল্যাণকামী তাৰ প্ৰচাৰ চলাই ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ।

BJP state spokesperson Kalyan Gogoi's press conference on Union Budget
ডিফুত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 3, 2024 at 9:15 PM IST

2 Min Read
Choose ETV Bharat

ডিফু,৩ আগষ্ট: বিজেপি চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট যে জনতাৰ বাবে অতি কল্যাণকামী তাৰ প্ৰচাৰ চলাবলৈ জিলাই জিলাই ঘূৰিছে বিজেপি নেতা । দলে দায়িত্ব দিয়া নেতাসকলে সংবাদমেল পাতি নিৰ্মলা সীতাৰমণৰ বাজেটখনে অসমৰ কিমান উপকাৰ কৰিব , দেশৰ কিমান কল্যাণ কৰিব তাৰ ব্যাখ্যা আগবঢ়াইছে । শনিবাৰে দিনৰ প্ৰায় ১ বজাত ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় বাজেট ২০২৪ ৰ বাখ্যা আগবঢ়াবলৈ সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈয়ে ।

ডিফুত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈ (ETV Bharat Assam)

বিজেপি চৰকাৰৰ দিনত মূদ্ৰাস্ফীতি হোৱা নাই:

তেওঁ বিজেপি চৰকাৰৰ দিনত জি ডি পি বৃদ্ধি পোৱাৰ লগতে মূদ্ৰাস্ফীতি হোৱা নাই বুলি দাবী কৰি কয়,"এইখন বাজেটত নিবনুৱাক ইন্টাৰ্ণশ্বিপ দিয়াৰ বাবে ব্যৱস্থা লৈছে ৷ অসমৰ বাবে অধিক টকা দিছে ৷ বানৰ বাবে হয়তো অসমে বিহাৰতকৈ বহু বেছি ৩০/৪০ হাজাৰ কোটি টকাও পাব পাৰে । কাৰণ বিত্তমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা তথা দেশৰ পৰা কিদৰে পানী আহি অসমৰ ক্ষতি কৰে সেয়া প্ৰথমবাৰলৈ উপলব্ধি কৰিছে ।"

সকলোকে চাকৰি দিব নোৱাৰি:

ইয়াৰোপৰি বিজেপি চৰকাৰে ২০১৪ চনত দিয়া বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি আৰু এতিয়া ৩ হাজাৰৰ পৰা ১০ হাজাৰ টকীয়া ইন্টাৰ্ণশ্বিপৰ বিষয়ে প্ৰশ্ন কৰাত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে কয়, "সকলোকে চাকৰি দিব নোৱাৰি । সেয়ে এনে নতুন নতুন ক্ষেত্ৰৰ বিকাশ কৰিব বিচৰা হৈছে ।"

আনহাতে শুকুৰবাৰে অশোক শৰ্মাই দল এৰা, ৰাজেন গোহাঁয়ে সভা অনুষ্ঠিত কৰা, মুখ্যমন্ত্ৰীয়ে যি দললৈ গ’লেও যাওঁক কিন্তু হিন্দুত্ব বৰ্তাই ৰখাৰ আহৱান জনোৱাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়,"দলৰ উৰ্দ্ধত কোনো নহয় । দল সদায় শক্তিশালী হৈ থাকিব । তেওঁলোকে দলীয় মঞ্চত কোনো কথা কোৱা নাই ।"

লগতে পঢ়ক: ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে কংগ্ৰেছ বিধায়ক ৰছিদ মণ্ডলে : গুৰুতৰ অভিযোগ বিজেপিৰ - Ronjib Kumar Sharma

সমগ্ৰ দেশৰ বিকাশৰ বাবে চেষ্টা কৰিছে চৰকাৰে : ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰ - India Budget 2024