ETV Bharat / state

গৌৰৱ গগৈয়ে ৩ ভাগৰ ১ ভাগহে কৈছে... : দিলীপ শইকীয়া - DILIP SAIKIA SLAMS GAURAV GOGOI

পাকিস্তান সংযোগক লৈ মুখ খোলাৰ পিছতে গৌৰৱ গগৈক উভতি ধৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।

Dilip Saikia slams Gaurav Gogoi
গৌৰৱ গগৈক সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 8:22 AM IST

3 Min Read

গুৱাহাটী : দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত অৱশেষত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা আৰু পত্নীয়ে পাকিস্তানত কাম কৰাৰ কথা স্বীকাৰ কৰে । নতুন দিল্লীত এক সংবাদমেলত পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈক সমালোচনাৰে লক্ষ্য কৰি লয় দিলীপ শইকীয়াই । তেওঁ কয়, "আজি অৱশেষত জোলোঙাৰ মেকুৰী ওলালে । মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈ সন্দৰ্ভত কোৱা কথা সত্য প্ৰমাণিত হ'ল । এতিয়া ৩ ভাগৰ ১ ভাগহে গৌৰৱ গগৈয়ে কৈছে আৰু ২ ভাগ কথা ক'ব বাকী আছেই । গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰিলে, কাক লগ কৰিলে এইবোৰ আজিলৈ ক'ব সাহস গোটাব পৰা নাই । অসমত আহি তেওঁ সঁচা কথাবোৰ কওঁক । ১০ ছেপ্টেম্বৰত ভূমিকম্প আহিব, তাৰ পূৰ্বানুমান কৰিহে আজি কিছু কথা কৈছে । গৌৰৱ গগৈ পাকিস্তানৰ ক'ত গৈছিল, আইএছআইৰ শিবিৰত গৈছিল নে, তাত কি কি কৰিলে, ১০ ছেপ্টেম্বৰত সকলো 'দুধ কা দুধ পানী কা পানী' হ'ব । গৌৱৰ গগৈ এইবোৰ ক্ষেত্ৰত মৌন আছিল । ওলোটাই আমাকে মিছা কোৱা বুলি উল্লেখ কৰিছিল ।"

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (ETV Bharat)

দিলীপ শইকীয়াই লগতে কয়, "পাকিস্তানত যোৱা সকলো কাৰ্যসূচী গৌৰৱ গগৈয়ে ক'ব লাগিব । তেওঁ আৰু সংবাদমেল কৰিব লাগিব । একাংশই গৌৰৱ গগৈক ধোৱা তুলসীৰ পাত সজাব বিচাৰি আছিল । আজি সেইবোৰ সকলো ওলাই পৰিল, প্ৰকৃত ঘটনা কি । ভোট বেংক তুষ্টিকৰণৰ নীতিৰ বাবে কংগ্ৰেছে পাকিস্তানপ্ৰেমী স্বৰূপ দেখুৱাই । গৌৰৱ গগৈৰ দৰে নেতাই ভয়ংকৰ অসম বিৰোধী নীতি লৈছে । গৌৰৱৰ ভয়ংকৰ অতীত ৰাইজৰ আগত প্ৰকাশ কৰিব লাগিব । যোৰহাটবাসীয়েও ইয়াৰ উত্তৰ বিচাৰিব লাগিব । ১০ ছেপ্টেম্বৰলৈ গৌৰৱ গগৈক সাজু হ'বলৈ আহ্বান । ভাৰত বিৰোধী, পাকিস্তান প্ৰেমীসকল যিখন পাতালত থাকে উলিয়াই অনাৰ দায়িত্ব আমাৰ, মুখ্যমন্ত্রীৰ । নেতা ডুবক, দল ডুবিব নালাগে । ১০ ছেপ্টেম্বৰৰ পূৰ্বে দোষ স্বীকাৰ কৰি গৌৰৱ গগৈযে পদত্যাগ কৰিব লাগে । কংগ্ৰেছৰ একাংশ ভাৰতপ্ৰেমীক এনডিএত চামিল হ'বলৈ আমি আহ্বান জনাইছো । বিজেপিৰ দুৱাৰ মুকলি আছে ।"

এই প্ৰসংগত কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে দিলীপ শইকীয়াই । তেওঁ কয়, "কংগ্ৰেছৰ ইতিহাস খুচৰি লাভ নাই, কাৰণ খুচৰিলে বহুত ওলাব । ৮৫৫ জন শ্বহীদক আমি স্বীকৃতি দিছোঁ । হিতেশ্বৰ শইকীয়াৰ দিনত অ'চিজন হিন্দু হ'লে দ্বিতীয় অ'চিজন মুছলমান হ'ব লাগিব । তেনে ভয়ংকৰ নীতি আছিল কংগ্ৰেছৰ ।"

লগতে পঢ়ক :পত্নীয়ে এবছৰ পাকিস্তানত চাকৰি কৰিছিল... মই গৈছিলো এবাৰ : গৌৰৱ গগৈৰ স্বীকাৰোক্তি - GAURAV GOGOI PAKISTAN LINK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.