ETV Bharat / state

কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰি যাতে আকৌ সদনত নহয়: বিজেপি

কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ বিজেপিৰ । উপাধ্যক্ষ নোমল মমিনক আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

BJP protests against Congress MLA Nurul Huda in Golaghat
নুৰুল হুদাৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ বিজেপি দলৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 7:08 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক বিধানসভাত শাৰীৰিকভাৱে আক্ৰমন কৰাক লৈ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে । বিজেপিৰ গোলাঘাট জিলা অনুসুচিত জনজাতি মৰ্চাই জিলা আয়ুক্ত কাৰ্যালৰ সমীপত মঙলবাৰে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ গুণ্ডাৰাজ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে ।

বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা আয়ুক্তৰ যোগেদি বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে । ইয়াৰ উপৰিও বিধানসভাৰ মজিয়াত এ আই ইউ ডি এফৰ বিধায়কসকলে জেওৰা-জপনা লৈ প্ৰৱেশ কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে গোলাঘাট বিজেপিয়ে ।

নুৰুল হুদাৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ বিজেপি দলৰ (ETV Bharat Assam)

এই সম্পৰ্কে বিজেপি কৰ্মী অজয় ভৰালীয়ে কয়, "বিধানসভাৰ মজিয়াত উপাধ্যক্ষ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰি সদনৰ মৰ্যাদা লাঘৱ কৰা কাৰ্যক এই প্ৰতিবাদৰ মাধ্যমৰে গৰিহণা দিছো । কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰি যাতে আকৌ সদনত নহয় । তাৰ উপৰিও তেখেতসকলৰ শাসনকালত যেনেদৰে গুণ্ডাগিৰি চলাইছিল এতিয়াও তেনেদৰে গুণ্ডাগিৰি চলাই যাব বিচাৰিছে ৷ সেই বাবে সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়নি দিছো- বংগমূলীয় বিধায়ক নুৰুল হুদাই ভৱিষ্যতে যাতে তেনে কাম নকৰে ।"

তেওঁ লগতে কয়, "এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম । ইয়াৰ উপৰিও এ আই ইউ ডি এফৰ বিধায়কে জেওৰা-জপনা লৈ সদনত প্ৰবেশ কৰিছিল, তাৰ পৰা তেওঁলোকে নিজৰ মানসিকতাৰ পৰিচয় দাঙি ধৰিছে । যাৰ বাবে ভৱিষ্যতৰ দিনত এই দুটা দলে সদনৰ গৰিমা যাতে কলুষিত নকৰে তাৰ বাবে সকীয়াই দিছো ।"

লগতে পঢ়ক: মূৰত ডাঙৰ টোপোলা লৈ অসম বিধানসভালৈ আহিল কংগ্ৰেছৰ বিধায়কসকল; কাৰণ বাৰু কি ! - ASSAM ASSEMBLY BUDGET SESSION

বিধায়কৰ হতাহতি পালেগৈ থানাৰ মজিয়া; হুদাৰ বিৰুদ্ধে মমিনৰ এজাহাৰ দাখিল - FIR AGAINST NURUL HUDA