গোলাঘাট: বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক বিধানসভাত শাৰীৰিকভাৱে আক্ৰমন কৰাক লৈ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে । বিজেপিৰ গোলাঘাট জিলা অনুসুচিত জনজাতি মৰ্চাই জিলা আয়ুক্ত কাৰ্যালৰ সমীপত মঙলবাৰে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ গুণ্ডাৰাজ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে ।
বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা আয়ুক্তৰ যোগেদি বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে । ইয়াৰ উপৰিও বিধানসভাৰ মজিয়াত এ আই ইউ ডি এফৰ বিধায়কসকলে জেওৰা-জপনা লৈ প্ৰৱেশ কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে গোলাঘাট বিজেপিয়ে ।
এই সম্পৰ্কে বিজেপি কৰ্মী অজয় ভৰালীয়ে কয়, "বিধানসভাৰ মজিয়াত উপাধ্যক্ষ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰি সদনৰ মৰ্যাদা লাঘৱ কৰা কাৰ্যক এই প্ৰতিবাদৰ মাধ্যমৰে গৰিহণা দিছো । কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰি যাতে আকৌ সদনত নহয় । তাৰ উপৰিও তেখেতসকলৰ শাসনকালত যেনেদৰে গুণ্ডাগিৰি চলাইছিল এতিয়াও তেনেদৰে গুণ্ডাগিৰি চলাই যাব বিচাৰিছে ৷ সেই বাবে সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়নি দিছো- বংগমূলীয় বিধায়ক নুৰুল হুদাই ভৱিষ্যতে যাতে তেনে কাম নকৰে ।"
তেওঁ লগতে কয়, "এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে আমি ইয়াতকৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম । ইয়াৰ উপৰিও এ আই ইউ ডি এফৰ বিধায়কে জেওৰা-জপনা লৈ সদনত প্ৰবেশ কৰিছিল, তাৰ পৰা তেওঁলোকে নিজৰ মানসিকতাৰ পৰিচয় দাঙি ধৰিছে । যাৰ বাবে ভৱিষ্যতৰ দিনত এই দুটা দলে সদনৰ গৰিমা যাতে কলুষিত নকৰে তাৰ বাবে সকীয়াই দিছো ।"