লখিমপুৰ : ৰাজ্য়ত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনভাৰ চলাই থকাৰ মাজতেই মঙলবাৰে বিজেপিৰ নেতা-কৰ্মীয়ে জনালে তীব্ৰ প্ৰতিবাদ । ৰাজ্য়ৰ প্ৰতিখন জিলাতেই বিজেপিৰ অনুসূচিত মৰ্চাই সাব্য়স্ত কৰিছে প্ৰতিবাদ । কিন্তু কিয় কৰিছে এই প্ৰতিবাদ ? কাৰ বিৰুদ্ধে তেওঁলোক হঠাতেই সৰৱ হৈ প্ৰতিবাদ জনাইছে ।
তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা নাই । এই প্ৰতিবাদ ৰাজ্য়ত কংগ্ৰেছে একাংশ জনজাতীয় নেতাক আক্ৰমণৰ লক্ষ্য় কৰি লোৱাৰ বিৰুদ্ধে । বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক শাৰীৰিক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ অনুসূচিত মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী ।
বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ ওপৰত কংগ্রেছী বিধায়কে শাৰীৰিক আক্ৰমণ চলোৱা ঘটনাত আজি বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । আন জিলাৰ দৰে লখিমপুৰতো বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান কৰে । এই প্ৰতিবাদত অংশগ্রহণ কৰি জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মাই কয়, "অসম বিধানসভাত ২৪ মাৰ্চৰ দিনা পূর্ববংগীয় মূলৰ গুণ্ডা প্ৰকৃতিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাঃ নোমল মমিনৰ ওপৰত চলোৱা শাৰীৰিক আক্ৰমণক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে তীব্র ভাষাৰে গৰিহণা দিছো । এই ঘটনাই অসম বিধানসভাৰ গৰিমাত কালিমা সনাৰ লগতে সংসদীয় আচৰণ বিধিকো সম্পূর্ণ ৰূপে উলংঘা কৰি সমগ্ৰ ব্যৱস্থাক লজ্জানত কৰিছে ।"
তেওঁ পুনৰ কয়, "ডাঃ নোমল মমিন অসমৰ এটি অতি ক্ষুদ্র জনগোষ্ঠী গাৰোসকলৰ শক্তিশালী প্রতিনিধি আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ লৈ দুবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হোৱা এগৰাকী অতি প্ৰভাৱশালী জনজাতি নেতা । অসম বিধানসভাৰ ইতিহাসত এক ক'লা অধ্যায় হিচাবে চিহ্নিত ২৪ মাৰ্চৰ ঘটনাই কংগ্ৰেছী বিধায়কসকলৰ প্ৰকৃত চেহেৰাটো স্পষ্ট ৰূপত উদঙাই দিছে । সেয়েহে ভাৰতীয় জনতা পার্টি,অসম প্ৰদেশৰ জনজাতি মৰ্চাৰ হৈ আমি কংগ্ৰেছৰ গুণ্ডাৰূপী বিধায়কগৰাকীৰ এই দুষ্কাৰ্যৰ তাৎক্ষণিক তদন্তৰ ব্যৱস্থা কৰি নজিৰবিহীন শাস্তি বিহিবলৈ দাবী জনাইছো ।"
আনহাতে, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি অনিল দেউৰীয়ে কয়, "এই ঘটনাক গৰিহণা দি প্ৰতিবাদী কাৰ্যসূচীৰ সমানে প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব ।" তেওঁ এনে কাৰ্যৰ বাবে কংগ্রেছী বিধায়কগৰাকীক গৰিহণা দিয়ে । এই প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে তেওঁলোকে অসম বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি আক্ৰমণকাৰী কংগ্রেছী বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ কৰাৰ দাবী জনায় ।