ETV Bharat / state

উত্তপ্ত টেঙাখাত;তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ - PANCHAYAT ELECTION 2025

প্ৰাৰ্থীৰ মনোনয়নৰ পুনৰীক্ষণ চলি থকাৰ মাজতে নিৰীক্ষণ কক্ষত বিধায়ক তেৰছ গোৱালা । স্থানীয় বিধায়কক জবাবদিহি বিৰোধীৰ ।

Panchayat Election 2025
তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 2:05 PM IST

3 Min Read

ডিব্ৰুগড় : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত আছে । ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পৰ্বও সমাপ্ত হৈছে । ৰাজনৈতিক দলবোৰৰ মাজতো ব্যাপক তৎপৰতা দেখা গৈছে । শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে নিজৰ সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিছে । ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ সমান্তৰালভাৱে বিৰোধী দলসমূহেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইতিমধ্যে প্ৰতিটো সমষ্টিতে বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । বিশেষকৈ শাসকীয় দলৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়ী হোৱাৰ সংখ্যাই বেছি দেখিবলৈ পোৱা গৈছে ।

নিৰ্বাচনী আচৰণ বিধি উলংঘন তেৰছ গোৱালাৰ !

অৱশ্যে তাৰ মাজতে পঞ্চায়ত নিৰ্বাচনক লৈ নিশা টেঙাখাত খণ্ড উন্নয়ন কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাৰ্থীৰ মনোনয়ন নিৰীক্ষণ চলি থকাৰ সময়ত নিৰীক্ষণ কক্ষৰ ভিতৰত বিধায়ক তেৰছ গোৱালাৰ উপস্থিতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় বিধায়কগৰাকীয়ে অকৰ্তৃত্বশীলভাৱে নিৰীক্ষণ কক্ষত প্ৰৱেশ কৰাৰ অভিযোগ কৰে একাংশ লোকে । যাক লৈ বিভিন্নজনে বিধায়কগৰাকীক উভতি ধৰে । নিৰ্বাচনৰ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধী দলৰ নেতা-কৰ্মীসকলে বিধায়কগৰাকীক জবাবদিহি কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ (ETV Bharat)

জানিব পৰা মতে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ টা গাঁও পঞ্চায়তৰ ১৬০ টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত ৩২ জন ৱাৰ্ড সদস্য, ২ জন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰে । এই ফলাফলক লৈ টেঙাখাত খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত বিধায়ক তেৰছ গোৱালাৰ লগতে শ শ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকে বিজয় উল্লাস কৰে । ইয়াতেই ক্ষুণ্ণ হৈ পৰে বিৰোধী দলসমূহ । লগতে মনোনয়ন পুনৰীক্ষণৰ সময়ত নিৰীক্ষণ কক্ষৰ ভিতৰত বিধায়ক তেৰছ গোৱালাই বাৰে বাৰে প্ৰৱেশ কৰা কাৰ্যত ক্ষুণ্ণ হৈ বিৰোধীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । বহু প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ পাছতে কেইবাটাও পঞ্চায়তৰ প্ৰাৰ্থীয়ে বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত জবাবদিহি কৰে । ইয়াৰ পাছতে দলীয় সমৰ্থকসকলক লৈ আঁতৰি যায় বিধায়কগৰাকী ।

বিধায়কৰ কৰ্মকাণ্ডত ক্ষুণ্ণ একাংশ নেতাই কয়,"যিহেতু ৱাৰ্ডসমূহত এইবাৰ কোনো দলৰ হৈ প্ৰাৰ্থী অৱতীৰ্ণ নহয় গতিকে তেওঁ সকলোৰে বিধায়ক । কিন্তু বিধায়কগৰাকীয়ে টেঙাখাত খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত বিজেপিৰ সমৰ্থনত কথা কৈ ফটকা ফুটাইছে । বিধায়কগৰাকীয়ে পুনৰীক্ষণৰ সময়ত নিৰীক্ষণ কক্ষৰ ভিতৰত বহু সময় আছে । তেওঁ ৰাইজৰ মাজত কংগ্ৰেছ, বিজেপিক ভাগ ভাগ কৰিছে । প্ৰাৰ্থীসমূহ জয়ী হোৱা বুলি ঘোষণা কৰাৰ পূৰ্বে কাৰ্যালয়ৰ চৌহদত তেওঁ গামোচা পিন্ধাইছে ।"

লগতে পঢ়ক :তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ - RAIJOR DAL JOINING PROGRAMME

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.