ETV Bharat / state

ৰাজ্যিক বিজেপিৰ অভিলেখ;৫১ লক্ষাধিক সদস্যভৰ্তিৰে দেশৰ শীৰ্ষত অসম - BJP membership Campaign 2024

Assam State BJP: দেশত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা অভিযান চলি আছে । অসমত বিজেপিয়ে নিৰ্ধাৰিত লক্ষ্যৰ ৮৫ শতাংশ নামভৰ্তি কৰি আগবাঢ়ি আছে ৷ বাকী ৰাজ্যৰ তুলনাত শীৰ্ষত অসম ।

Assam State BJP
ৰাজ্যিক বিজেপিৰ অভিলেখ;৫১ লক্ষাধিক সদস্যভৰ্তিৰে দেশৰ শীৰ্ষত অসম (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : September 28, 2024 at 2:02 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : দেশজুৰি চলি থকা বিজেপিৰ সদস্যতা অভিযান ২০২৪ৰ দ্বিতীয় পৰ্যায়ত সদস্যভৰ্তিৰ সংখ্যাৰে শীৰ্ষত আছে অসম । নিৰ্ধাৰিত লক্ষ্যৰ ৮৫ শতাংশ সদস্যভৰ্তি কৰি দেশৰ ভিতৰতে তালিকাৰ শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক বিজেপি । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিয়ে ৰাজ্যৰ সদস্যভৰ্তি অভিযানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সাংগঠনিক)বি এল সন্তোষে শনিবাৰে সদৰী কৰে এই তথ্য ।

সামাজিক মাধ্যমযোগে তেওঁ জনায়, "বিজেপিৰ সদস্যতা অভিযান ২০২৪ৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে অসম বিজেপিয়ে নিৰ্ধাৰিত লক্ষ্যৰ ৮৫ শতাংশ নামভৰ্তি কৰি আগবাঢ়ি আছে ৷ তাৰ পিছতে হাৰিয়ানা (HP) ৭৫ শতাংশ, মধ্য প্ৰদেশ (MP) ৭০ শতাংশ, গুজৰাট ৭০ শতাংশ, উত্তৰ প্ৰদেশ (UP) ৬৫ শতাংশ, উত্তৰাখণ্ড ৬৫ শতাংশ, অৰুণাচল প্ৰদেশ ৬৫ শতাংশ আৰু ত্ৰিপুৰা লক্ষ্যৰ ৬০ শতাংশত আছে । সকলো ৰাজ্যিক দললৈ অভিনন্দন ৷"

উল্লেখ্য যে অসম বিজেপিয়ে সদস্যভৰ্তিৰ সংখ্যা ৫০ লাখ অতিক্ৰম কৰিছে । উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ পিছত অসম হ'ল ৫০ লাখৰ ওপৰত সদস্য ভৰ্তি কৰা ৰাজ্য ৷ উত্তৰ প্ৰদেশক অতিক্ৰমী লক্ষ্যৰ ৮৫ শতাংশ সদস্যভৰ্তি কৰিবলৈ সক্ষম হৈছে অসম বিজেপি ।

অসমৰ শীৰ্ষত মুখ্যমন্ত্ৰীৰ সমষ্টি :

অসমত বিজেপিৰ সমস্যভৰ্তিৰ সংখ্যাই মুঠ ৫১ লাখ অতিক্ৰম কৰিছে ৷ ৰাজ্যৰ মুঠ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৬২ টা সমষ্টিত ইতিমধ্যে সদস্যভৰ্তিৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম কৰিছে ৷ ৪০,০০০ সদস্যভৰ্তি কৰোৱা বিধানসভা সমষ্টিসমূহৰ বিজেপি কৰ্ম-কৰ্তালৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাই মন্তব্য কৰিছে,"অসমত বিজেপি সদস্যতা অভিযান ২০২৪য়ে ৫১ লাখ মাইলৰ খুঁটি অতিক্ৰম কৰিছে ৷ সদস্যৰ নামভৰ্তিৰ সংখ্যা ৪০,০০০ অতিক্ৰম কৰা ৬২ টা সমষ্টিত আমাৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলৰ বাবে এক বিশেষ অভিবাদন!”

মন কৰিবলগীয়া যে ১,০৩,৩৭৪ গৰাকী সদস্যভৰ্তিৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টি অসমৰ সমষ্টিসমূহৰ তালিকাৰ শীৰ্ষত আছে । জালুকবাৰী সমষ্টিৰ পিছতেই ৯৩,৮৪০ সদস্যভৰ্তিৰে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত আছে জাগীৰোড সমষ্টি । জাগীৰোড বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ৮৮,২৫৩ সদস্যভৰ্তিৰে তালিকাৰ তৃতীয় স্থানত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নলবাৰী সমষ্টি ।

উল্লেখ্য যে, ৫০ লাখ সদস্যভৰ্তিৰ লক্ষ্যৰে অসমত যোৱা ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল বিজেপিৰ সদস্যভৰ্তি অভিযান । ১২৬ টা বিধানসভা সমষ্টিত ৪০ হাজাৰ সদস্যভৰ্তিৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছিল । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনোৱা অনুসৰি ৪০ হাজাৰ সদস্যভৰ্তি হোৱা সমষ্টিসমূহত বন্ধ হ'ব এই অভিযান । মুখ্যমন্ত্রীগৰাকীৰ ভাষ্য অনুসৰি ৪০ হাজাৰ সদস্য নোহোৱাকৈ যিবোৰ সমষ্টি থাকিব, সেইবোৰত অহা ৯ অক্টোবৰলৈ অব্যাহত থাকিব সদস্যভৰ্তি অভিযান ।

লগতে পঢ়ক :বিজেপিৰ সদস্যতা অভিযান দেখি কংগ্ৰেছ জ্বলি-পকি মৰিছে: পীযুষ হাজৰীকা - Minister Pijush Hazarika

বিজেপিৰ সদস্য ভৰ্তি অভিযানত পিছ পৰি আছে উজনি অসম, ময়দানত নামিছে খোদ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল-মাৰ্ঘেৰিটা - BJP MEMBERSHIP DRIVE 2024