জালত পৰিল দুলাল বৰা, সন্তুষ্টি প্ৰকাশ দেৱজিৎ হাজৰিকাৰ পত্নীৰ - RTI activist Dulal Borah
BJP leader suicide case: বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰা পাছতে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰয়াত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পত্নীৰ । আনহাতে আৰক্ষীয়ে সাংবাদিকগৰাকীক আটক কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আখ্যা দিলে টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই ।

Published : September 25, 2024 at 8:35 PM IST
মৰাণ,২৫ ছেপ্টেম্বৰ: চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বুধবাৰে জালত পৰে ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা ।
বুধবাৰে পুৱাই দিল্লীত দিল্লী আৰক্ষীয়ে দুলাল বৰাক গ্ৰেপ্তাৰ কৰে । আনহাতে আজিৰ দিনটোতে বিজেপি নেতাগৰাকীৰ আত্মহত্যাত নাম সাঙোৰ খোৱা এটা আগশাৰীৰ টেলিভিচন চেনেলৰ সোণাৰিৰ সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালী জামিন লাভ কৰিবলৈ সক্ষম হয় ।
যোৱা ২০ ছেপ্টেম্বৰত বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰা দিনাৰে পৰা পলাতক হৈ আছিল বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা আৰু সাংবাদিক ৰফিক আহমেদ । ইতিমধ্যে সোণাৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ দিনাই আন দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত বি ডি অ' ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি তিনিদিন নিজৰ জিম্মাত লৈ জেৰা চলোৱাৰ অন্তত জেললৈ প্ৰেৰণ কৰিছিল ।
তেনেস্থলত সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালীন জামিন লাভ কৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । কিয়নো চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ কৰি গৈছিল আত্মহত্যাৰ কাৰণ । বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই অহাৰ ফলত সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চুইচাইড নোটত উল্লেখ কৰি উক্ত চাৰিজনৰ নাম উল্লেখ কৰি গৈছিল ।
চৰাইদেউৰ বিজেপি কৰ্মীৰ আত্মহত্যাৰ ঘটনাৰ মূল অভিযুক্ত আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰাত সন্তোষ প্ৰকাশ কৰিছে টাইপাই । অৱশ্যে সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালীন জামিন পোৱা কাৰ্যত সন্তুষ্ট নহয় টাইপা । স্মাৰ্ট আৰক্ষীয়ে সাংবাদিকগৰাকীক আটক কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আখ্যা দিলে টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই । আনহাতে বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰা পাছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰয়াত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পত্নীয়ে ।
কি কয় বিজেপি নেতা দেৱজিৎ হাজৰিকা পত্নী মৌচুমী হাজৰিকাই:
আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰা পাছতে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰয়াত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পত্নী মৌচুমী হাজৰিকাৰ । চাৰিজন অভিযুক্তৰ ভিতৰত তিনিজনক আটক কৰাৰ বাবে ধন্যবাদ আৰক্ষী প্ৰশাসনক । চাৰিজনৰ ভিতৰৰ এজনে অগ্ৰিম জামিন পোৱাত বেলেগ কিবা থাকিব পাৰে বুলি সন্দেহ প্ৰয়াত দেৱজিৎ হাজৰিকাৰ পত্নী মৌচুমীৰ ।
তেওঁ কয়,"তেখেতকো গ্ৰেপ্তাৰ কৰা হ'লে বেছি ভাল আছিল ।" লগতে ঘটনাৰ দিনাৰে পৰা সাংবাদিকসকলে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰে মৌচুমী হাজৰিকাই ।

