ETV Bharat / state

জীৱন চুতীয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী কিয় ? কাৰণ দৰ্শালে প্ৰশাসনে

সৰুপথাৰত বান সাহায্য বিতৰণ কৰি প্ৰশাসনৰ কাৰণ দৰ্শোৱা জাননী লাভ কৰা বিজেপি নেতা জীৱন চুতীয়াইও অৱশেষত মুখ খুলিলে ।

Sarupathar flood relief controversy
বান সাহায্য বিতৰণ জীৱন চুতীয়াৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 1:32 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ : "বানপানী কেৱল সৰুপথাৰতে হোৱা নাই । অসমৰ বিভিন্ন স্থানৰ লগতে গোলাঘাট জিলাৰো খুমটাই, দেৰগাঁও, বোকাখাতত ইয়াতকৈও বান পৰিস্থিতি জটিল হৈছে । তাত বহুতে আহি সাহায্য প্ৰদান কৰিছে...। কিন্তু একেখন জিলাতে সৰুপথাৰত সাহায্য দিয়াৰ কাৰণে মোক যি কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ'ল মই ভাবো একেখন ৰাজ্য বা জিলাত সমষ্টিভিত্তিক বা ব্যক্তিভিত্তিক কোনো নিয়ম থাকিব নোৱাৰে । নিয়ম সকলোৰে বাবে একে হ'ব লাগে । মোৰ কাৰণে যিহেতু পৃথক নিয়ম কৰা হৈছে মই আচৰিক হৈছো ।" এই মন্তব্য সৰুপথাৰৰ বিজেপি নেতা জীৱন চুতীয়াৰ ।

শেহতীয়াকৈ সৰুপথাৰত বান বিধ্বস্ত ৰাইজৰ মাজত সাহায্য প্ৰদান কৰি তেওঁ প্ৰশাসনৰ ৰোষত পৰিছিল । সাহায্য সামগ্ৰী বিতৰণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ।

বিষয়- কাৰণ দৰ্শোৱাৰ জাননী (ETV Bharat)

এইক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থৰো উমান পাইছে জীৱন চুতীয়াই । তেওঁ কয়, "ভাৰতীয় জনতা পাৰ্টীত সেৱাৰ মনোভাৱেৰে মই কাম কৰিছো । '২১ চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলো কিবা কাৰণত নাপালো । তথাপিও সেৱাৰ মনোভাৱেৰে মই কাম কৰি আহিছো । কোনোধৰণৰ আক্ষেপ নোহোৱাকে কাম কৰি আহিছো । তৎসত্বেও কোনোবাখিনিত হয়তো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বা ৰাজনৈতিক স্বাৰ্থ জড়িত থাকিব পাৰে বুলি মোৰ অনুভৱ হৈছে ।"

সমগ্ৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি জীৱন চুতীয়াই লগতে কয়, "আমি সদায় ৰাইজক সহায় কৰি আহিছো । সৰুপথাৰত প্ৰতিটো দুৰ্যোগৰ সময়তেই হওঁক, বানপানীৰ সময়তেই হওঁক, কৰ'ণাৰ সময়তেই হওঁক ৰাইজক উপকৃত হ'ব পৰাকৈ কাম কৰি আহিছো । পূৰ্বৰ পৰাই বান সাহায্যকে ধৰি অন্যান্য সাহায্য দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে কেতিয়াও বাধা দিয়া নাই । সাহায্য প্ৰদানৰ ক্ষেত্ৰত অনুমতি ল'ব লাগে বুলিও জনোৱা নাছিল ।"

প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী দিয়াক লৈ মন্তব্য কৰি তেওঁ কয়, "বৰ্তমান ধনশিৰি নদীৰ বাঢ়নী পানীয়ে সৰুপথাৰৰ কেইবাখনো গাওঁ প্লাৱিত কৰাত বহু লোক আশ্ৰয় শিবিৰত আছিল । সেই কথাৰ খবৰ পাই আমি শিমলুচাপৰি এল.পি স্কুলত থকা আশ্ৰয় শিবিৰত প্ৰয়োজনীয় সামগ্ৰী লৈ উপস্থিত হৈছিলো । ইয়াৰোপৰি আশ্ৰয় শিবিৰত গৈ বুজ লৈছিলো যে তেওঁলোকক আৰু কি কি প্ৰয়োজন হ'ব । চাবোন, ফেনাইল, হাৰপিককে ধৰি বিদ্যুৎ কৰ্তনৰ পিছত পোহৰৰ ব্যৱস্থা নাছিল । এই সামগ্ৰীসমূহ আমি যোগান ধৰাৰ ব্যৱস্থা কৰিছিলো । আমাৰ মানসিকতা হৈছে যে শিবিৰত থকা ব্যক্তিসকলে কোনো কাৰণতে কোনো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন যাতে নহয় । মই অনুভৱ কৰিব পৰা নাছিলো যে ৰাইজৰ এই কাম কৰাৰ বিনিময়ত মই কাৰণ দৰ্শাব লাগিব । ১০-১২ বছৰৰ পিছতো মোৰ বোধগম্য নাছিল যে প্ৰশাসনৰ অনুমতি হ'লেহে ৰাইজক সাহায্য প্ৰদান কৰিব পাৰি ।" সাহায্য প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনৰ নিয়মবোৰ শিথিল কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ উল্লেখ কৰে ।

Sarupathar flood relief controversy
বানপীড়িতৰ খবৰ লোৱাৰ সময়ত বিজেপি নেতা জীৱন চুতীয়া (ETV Bharat)

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিজেপি দলৰ সৈতে জড়িত জীৱন চুতীয়াই বিভিন্ন সময়ত ৰাইজক সাহায্য প্ৰদান কৰি আহিছে । আনকি ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তাও অধিক । যাৰ বাবে বিগত বিধানসভা নিৰ্বাচনত দলৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছিল । অৱশ্যে দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল । টিকট বঞ্চিত হ'লেও তেওঁ ৰাইজক সহায় কৰি গৈছে । তেনেস্থলত প্ৰশাসনে এই পদক্ষেপ লোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই বিষয়টোত প্ৰত্যক্ষভাৱে মাত মাতিছে আৰু সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক বিষয়টো অৱগত কৰিছে ।

কিন্তু এই বিতৰ্কৰ মাজতে প্ৰশাসনেও এই বিষয়টোত স্পষ্টীকৰণ দিছে । সংবাদ মাধ্যমৰ আগত সৰুপথাৰ সমজিলাৰ আয়ুক্ত চৈয়দ ৱাচবীৰ চুভানীয়ে কয়, "আশ্ৰয় শিবিৰত থকা লোকসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দায়িত্ব প্ৰশাসনৰ । সেই ভিত্তিতেই আমি জনাও যে প্ৰশাসনৰ তত্বাৱধানত থকা আশ্ৰয় শিবিৰত কোনো দল-সংগঠনে বা ব্যক্তি বিশেষে সাহায্য বিতৰণ কৰিব বিচাৰিলে প্ৰশাসনক অৱগত কৰিব লাগে বা অনুমতি বিচাৰিব লাগে । সৰুপথাৰত বিগত সময়ত কেইবাবাৰো খাদ্যত বিষক্ৰিয়াৰ ঘটনা হৈছে । গতিকে কোনো ব্যক্তি বা প্ৰতিষ্ঠান, দল-সংগঠনে যদি সাহায্য দিব বিচাৰিছে প্ৰশাসনক জনাব লাগে যে তেওঁলোকে কি কি সামগ্ৰী দিব ।"

লগতে পঢ়ক :ময়ো বান সাহাৰ্য দি আছো, মোক কিয় জাননী দিয়া নাই ? বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্ন চৰকাৰক - GOLAGHAT FLOOD RELIEF CONTROVERSY