শিলচৰ : অহা ১৯ জুনত অনুষ্ঠিত হ'ব অসমৰ খালী হ'বলগীয়া দুখন ৰাজ্যসভাৰ আসনত নিৰ্বাচন । ইতিমধ্যে বিজেপিয়ে এখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বিজেপিৰ ৰাজ্যিক সম্পাদক তথা শিলচৰৰ প্ৰভাৱশালী নেতা কণাদ পুৰকায়স্থক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
কণাদ পুৰকায়স্থ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ একমাত্ৰ পুত্ৰ । পুত্ৰই ৰাজ্যসভাৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈছে পিতৃ কবীন্দ্ৰ পুৰকায়স্থ । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে শয্যাশায়ী যদিও পুত্ৰই প্ৰাৰ্থিত্ব লাভ কৰাৰ খবৰ পোৱাৰ পিছতে মনৰ আনন্দত বিছনাৰ পৰা উঠিছে জ্যেষ্ঠ নেতাগৰাকী ।
অসমত বিজেপিৰ প্ৰতিষ্ঠাৰ অন্যতম গুৰি ধৰোঁতা কবীন্দ্ৰ পুৰকায়স্থই কয়, "কণাড পুৰকায়স্থ মোৰ কাৰণেই নহয়, বিজেপিৰ এগাৰকী কাৰ্যকৰ্তা হিচাপে প্ৰথমে নিজকে প্ৰতিষ্ঠা কৰিছে, ফলত এইবাৰ তেওঁক দলে যোগ্য বুলি ভাবিছে ৷ কণাডক এই দায়িত্ব দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো । লগতে অসম চৰকাৰকো ধন্যবাদ জনাইছো ।"

উল্লেখ্য যে অসমত খালী হ'বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিজেপি আৰু আনখনত মিত্ৰদল অসম গণ পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়াব । বিজেপিয়ে প্ৰাৰ্থীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যদিও এতিয়াও অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।

ৰাজ্যসভাৰ অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত সমাপ্ত হ'ব । খালী হ'বলগীয়া এই দুখন আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব নির্বাচন । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ জুন । ১০ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন ।

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী বৰাকৰ কণাদ পুৰকায়স্থ - ASSAM BJP CANDIDATE FOR RS POLLS