ETV Bharat / state

বিজেপিয়ে ভৱিষ্যতেও নকৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি : মুখ্যমন্ত্ৰী - BJP FOUNDATION DAY 2025

১৯৮০ চনৰ ৬ এপ্ৰিলত গঠন হৈছিল ভাৰতীয় জনতা পাৰ্টী । পঞ্চ নিষ্ঠাৰ (৫ টা প্ৰতিশ্ৰুতি) ভিত্তিত গঠন হৈছিল এই দলটো ।

BJP 45TH FOUNDATION DAY CELEBRATED IN GUWAHATI
বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 5:21 PM IST

2 Min Read

গুৱাহাটী : ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ আজি ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস । দেশৰ ভিন্ন প্ৰান্তত বিজেপিৰ কাৰ্যালয়সমূহত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন অনুষ্ঠান । ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আয়োজন কৰা হয় এই দিৱসৰ বিভিন্ন কাৰ্যসূচী । ইয়াৰ সৈতে সংগতি ৰাখি বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়তো পুৱা আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যিক কাৰ্যালয়ত পুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে আদি কৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাৰ লগতে কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস পালন (ETV Bharat Assam)

প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত অতীত ৰোমন্থণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ভাৰতীয় জনতা পাৰ্টী অন্য ৰাজনৈতিক দলতকৈ পৃথক । আন ৰাজনৈতিক দলতকৈ একক সংকল্প লৈ জন্ম হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ । অটল বিহাৰী বাজপেয়ী অধ্যক্ষ হিচাপে আসন শুৱনি কৰিছিল জন্মৰ সময়ত । প্ৰতিষ্ঠা দিৱসৰ সন্মুখত ৱাকফ বিল আইনলৈ ৰূপান্তৰিত হৈছে যিটো আমাৰ দলৰ বৃহৎ সফলতা । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অসমৰ ৰাইজৰ হৈ অভিনন্দন ৱাকফ বিধেয়কক আইনত পৰিণত কৰাৰ বাবে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "ভাৰতীয় জনতা পাৰ্টী সৰ্ববৃহৎ দল । পাৰ্টীৰ নীতি আদৰ্শৰে আমি সৰ্বাধিক জনপ্ৰিয় । ৪৫ টা বছৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰা বিজেপিয়ে ভৱিষ্যতেও নকৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি । চিৰদিন-চিৰকাল কাৰ্যকৰ্তাৰ দল হৈ থাকিব বিজেপি ।"

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ১৯৫১ চনত ভাৰতীয় জনসংঘ নামেৰে এই ৰাজনৈতিক দলটো প্ৰতিষ্ঠা কৰা হৈছিল । পাছলৈ ১৯৮০ চনৰ ৬ এপ্ৰিলত ইয়াক ভাৰতীয় জনতা পাৰ্টী নামেৰে নামকৰণ কৰা হয় । তেতিয়াৰ পৰাই আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱস পালন কৰি অহা হৈছে ।

লগতে পঢ়ক:দলৰ প্ৰতিষ্ঠা দিৱসত বিজেপিৰ পতাকা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ - BJP 45TH FOUNDATION DAY

কি পৰ্যায়ৰ পৰা আজি বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ? - BJP FOUNDATION DAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.