সংঘ আছে বাবেহে দল আছে : বাজপেয়ী ভৱনত ক'লে নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই - EX MP Ramen Deka in BJP office
Governor of Chhattisgarh : বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন সভাপতি ৰমেন ডেকাক বিদায় সম্বৰ্দ্ধনা জনায় ৷ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদানৰ সময়ৰ কথা সুঁৱৰি ‘‘সংঘ আছে কাৰণেহে দল আছে’’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ছত্তিশগড় ৰাজ্যৰ নৱ-নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই ৷

Published : July 30, 2024 at 2:06 PM IST
গুৱাহাটী, 30 জুলাই : ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড় ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া উপলক্ষে মঙলবাৰে বশিষ্ঠ চাৰিআলিস্থিত বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰাক্তন সাংসদগৰাকীক সম্বৰ্দ্ধনা জনোৱা হয় । দলটোৰ অন্যান্য কাৰ্যকৰ্তাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰমেন ডেকাক সম্বৰ্দ্ধনা জনায় ।
নিজৰ অনুভৱ ব্যক্ত কৰি ৰমেন ডেকাই সংবাদ মাধ্যমৰ আগত কয়, "আজি মই সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ ইংনিছ সামৰিলো । মোক এক নতুন সাংবিধানিক দায়িত্ব দিয়া হৈছে । নিশ্চয় এই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিম । ছত্তিশগড়ৰ দৰে ৰাজ্যৰ ৰাজ্যপাল হোৱাটো এক প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বানক ইতিবাচক কৰি তুলিব লাগিব । ছত্তিশগড় এখন সম্ভৱনাময় ৰাজ্য । ৰাজ্যখনৰ সম্ভাৱনাক বিকশিত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা হ'ব ।"
ইপিনে অনুষ্ঠানত ভাষণ প্ৰদানৰ আৰম্ভণিতে আৱেগিক হৈ পৰা দেখা যায় ৰমেন ডেকাক । ডেকাই ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদানৰ সময়ত সাক্ষাৎ লাভ কৰা নেতা-কৰ্মীসকলক স্মৰণ কৰি কয়, "আজি মোৰ বাবে বৰ বেদনাদায়ক এটা দিন । 1976 চনৰ জুলাই মাহত যোগদান কৰিছিলো সংঘত । সমাজত আমাৰ বিশেষ একো পৰিচয় নাই । বিজেপিৰ নামটো লাগি আছে বাবেই ৰমেন ডেকা হৈ আছো ।"
দলটোৰ প্ৰতি আৱেগিক হৈ তেওঁ পুনৰ কয়, "ভাৰতীয় জনতা পাৰ্টী এদিনতে হোৱা দল নহয় । 2009 চনত অগপৰ সৈতে কৰা মিত্ৰতা বিজেপিৰ বাবে বুনিয়াদ আছিল । বিজেপি নিজৰ আদৰ্শ-বিচাৰধাৰাৰ বাবেই চলি আছে । আমি বিচাৰধাৰাৰ পৰা বিচ্যুত হ'ব নালাগে । কেৱল নিজে নেতা হ'লে নহ'ব, আমি কৰ্মীক নেতা বনাবলৈও শিকাব লাগিব । জিলা এখনত জিলা সভাপতি যদি দলে বিচাৰি নাপাই, তেন্তে সেয়া দলৰ দুৰ্বলতাহে ৷ Unsung Hero সকলে নীৰৱে কাম কৰি আছে বাবেহে পাৰ্টী জীয়াই আছে । সংঘ আছে কাৰণেহে দল আছে । সেয়া সকলোৱে মনত ৰখাটো দৰকাৰ ।"

