ETV Bharat / state

মুখ্যমন্ত্ৰীক লগত লৈ লখিমপুৰত মনোনয়ন দাখিল প্ৰদান বৰুৱাৰ; উপস্থিত কেইবাগৰাকীও মন্ত্রী-বিধায়ক - lok sabha elections

Pradan Baruah Files Nomination : বিজেপিৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই মঙলবাৰে লখিমপুৰত মনোনয়ন-পত্র দাখিল কৰে । তেওঁৰ এই মনোনয়ন পত্র দাখিল পৰ্বত সংগ দিয়ে মুখ্যমন্ত্রীসহ কেইবাগৰাকীও মন্ত্রী-বিধায়কে ।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান বৰুৱাৰ মনোনয়ন দাখিল
মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান বৰুৱাৰ মনোনয়ন দাখিল
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 1:35 PM IST

2 Min Read
Choose ETV Bharat
লখিমপুৰত মনোনয়ন দাখিল প্ৰদান বৰুৱাৰ

লখিমপুৰ, ২৬ মাৰ্চ : লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন দাখিল । মুখ্যমন্ত্রীসহ কেইবাগৰাকীও মন্ত্রী-বিধায়কৰ সহযোগ ।

১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই মঙলবাৰে লখিমপুৰত মনোনয়ন-পত্র দাখিল কৰে । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী অশোক সিংহল, অতুল বৰা, বিধায়ক মানৱ ডেকা, নৱ দলে আদিৰ সৈতে গৈ প্ৰদান বৰুৱাই লখিমপুৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন-পত্র দাখিল কৰে ।

ইয়াৰ পূৰ্বে নগৰৰ ত্যাগ ক্ষেত্রত বিজেপিৰ প্ৰাৰ্থীসহ নেতা-কৰ্মী সকল সমবেত হৈ সমদল কৰি মনোনয়ন জমা দিবলৈ আহে । ত্যাগ ক্ষেত্রত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলীয় কৰ্মীসকলক উদেশ্য কৰি চমু উৎসাহভৰা বক্তব্য প্ৰদান কৰে । নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰূপে আনিবলৈ দলীয় কৰ্মীসকলক তেওঁ আহ্বান জনোৱাৰ লগতে প্ৰদান বৰুৱাৰ বিজয় নিশ্চিত বুলি কয়

তেওঁ দলীয় কৰ্মীসকলক উদ্দেশ্যি কয়, "না আমি বাঁও ফালে চাম, না আমি সোঁফালে চাম । আমি পিছফালেও নাচাওঁ । আমি কেৱল পদুমকহে চাম ।" আনহাতে, প্ৰাৰ্থী প্ৰদান বৰুৱাক লগত লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে প্ৰদান বৰুৱা অভিলেখ পৰিমাণৰ ভোটত জিকিব ।

তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা ২০২৫ চনত এশ শতাংশ বিজেপিলৈ আহিব বুলি পুনৰবাৰ মন্তব্য কৰে । কংগ্রেছ দল নিঃশেষ হোৱাৰ সম্ভাৱনা বহুত বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, ভৰত-ৰাণীৰ প্ৰসংগত তেওঁ কয় ভৰত নৰহে দলত্যাগ কৰিছে । ভৰত নৰহ বা ৰাণী নৰহৰ সৈতে এই পৰ্যন্ত বিজেপিৰ যোগাযোগ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় বুধবাৰে কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ পাচতহে বিষয়টো পৰিষ্কাৰ হ'ব ।

উল্লেখ্য যে প্ৰাৰ্থী প্ৰদান বৰুৱাই মনোনয়ন দাখিল কৰাৰ প্ৰাক মুহূৰ্তত তেওঁ কয় যে তেওঁ অতি শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । এক সুন্দৰ ফলাফল লাভ কৰিব । বিৰোধীৰ প্ৰতিবন্ধকতা সৃষ্টি প্ৰসংগত বিশেষ সমস্যা নাই বুলি উল্লেখ কৰি তেওঁ বিৰোধীক বিৰোধী হিচাপে লোৱা বুলিও কয় ।

লগতে পঢ়ক :ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী - Lok Sabha Elections