ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনত অক্ষুণ্ণ থাকিব বিজেপি-অগপৰ মিত্ৰতা - ASSAM PANCHAYAT ELECTIONS 2025

বিজেপি আৰু অগপৰ গুৰুত্বপূৰ্ণ বৈঠক । পঞ্চায়ত নিৰ্বাচন পুনৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ ।

BJP-AGP joint meeting
পঞ্চায়ত নিৰ্বাচনত অক্ষুণ্ণ থাকিব বিজেপি-অগপৰ মিত্ৰতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 11:11 AM IST

3 Min Read

গুৱাহাটী : ব'হাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । একেদৰে অহা বছৰ ২০২৬ চনত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব । যাৰ বাবে এতিয়া সাজু হৈ উঠিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী । বিজেপিৰ সমান্তৰালভাৱে তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ প্ৰতিটো মিত্ৰ ৰাজনৈতিক দলৰ । তাৰ মাজতে দেওবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি আৰু অগপ দলৰ এক গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয় । য'ত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাসহ দুয়োটা দলৰে কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

অক্ষুণ্ণ থাকিব মিত্ৰতা

এই যৌথ সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনকে ধৰি ৰাজ্যখনৰ সমসাময়িক ৰাজনৈতিক আৰু আর্থ-সামাজিক বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয় । সভাৰ অন্তত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়," আমাৰ অতি পুৰণি বিশ্বস্ত অগপ দলৰ সৈতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি বিজেপিৰ কাৰ্যালয়ত মিলিত হৈছো । য'ত আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কিছু আলোচনা কৰিছো । আমি সকলোৱে দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো । সেয়েহে আমি অসমৰ প্ৰতিটো নিৰ্বাচনত একেলগে মিত্ৰতাত থাকি নিৰ্বাচন খেলি আগুৱাই গৈ আমাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব লাগিব । ২০০১ৰ পৰাই অগপৰ সৈতে আমাৰ মিত্ৰতা আছে । কেৱল নিৰ্বাচনতে মিত্ৰতা নহয়, আমি দলৰ সকলোৰে লগত আত্মীয়তা গঢ়ি তুলিম ।"

পঞ্চায়ত নিৰ্বাচনত অক্ষুণ্ণ থাকিব বিজেপি-অগপৰ মিত্ৰতা (ETV Bharat)

তেওঁ লগতে কয়, "আজি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনাত বহিছো । দুয়োটা দলে পঞ্চায়ত নিৰ্বাচন একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । সেয়েহে প্ৰতিটো লোকসভা সমষ্টিলৈ অগপ আৰু বিজেপিৰ পৰা একোজনকৈ জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হ'ব । ক'ৰবাত দুজনকৈও তত্বাৱধায়ক থাকিব । এইবাৰ যিহেতু জিপি মেম্বাৰ কোনো প্ৰতীকত নাথাকে । জিলা পৰ্যায়ত জিলা নেতৃবৰ্গই আলোচনা কৰিব । কোনোধৰণৰ ক'তো গেপ নথকাকৈ আমি জিপি মেম্বাৰক জিকাব পাৰো । এপি মেম্বাৰৰ ক্ষেত্ৰতো দুয়োটা দলে একেলগে খেলিম । জিলা পৰিষদৰ নিৰ্বাচনো একেলগে খেলিম ।"

BJP-AGP joint meeting
বিজেপি-অগপৰ যৌথ সভা (ETV Bharat)

আনহাতে এই প্ৰসংগত অগপ সভাপতি অতুল বৰাই কয়, "পঞ্চায়ত নিৰ্বাচন মিত্ৰতাৰে খেলা হ'ব । প্ৰতিখন জিলালৈ পত্ৰ প্ৰেৰণ কৰা হ'ব । জ্যেষ্ঠসকলৰ ওচৰলৈও যাব । প্ৰতিটো লোকসভা সমষ্টিটো দুয়োটা দলৰ এজনকৈ তত্বাৱধায়ক থাকিব । পঞ্চায়ত নিৰ্বাচন এইবাৰ চাবলগীয়া হ'ব । পঞ্চায়ত নিৰ্বাচনত মিলিত হৈ জিলাভিত্তিত মিত্ৰতা হ'ব । কিছু সৰু-সুৰা ভুল থাকিলেও এইখিনি আমি যিমান পাৰো কম কৰিবলৈ চেষ্টা কৰিম ।" ইফালে প্ৰাক্তন মন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কন্যাৰ মৃত্যুক লৈ অতুল বৰাই শোকপ্ৰকাশ কৰে আৰু পৰিয়াল তথা আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

BJP-AGP joint meeting
বিজেপি-অগপৰ যৌথ সভা (ETV Bharat)

উল্লেখ্য যে বিজেপি কাৰ্যালয়ত অনুষ্ঠিত যৌথ সভাত বিজেপি আৰু অগপ দলৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :দুই-চাৰিদিনতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা: মুখ্যমন্ত্ৰীয়ে ক'লে - CM ON PANCHAYAT ELECTION DATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.