আবেদনৰ ৰায় বাটে-ঘাটে দিব নোৱাৰি : বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী - CM Himanta Biswa Sarma
Biswajit Doimary on Congress MLA : কংগ্ৰেছৰ পাঁচগৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজৰ বাবে প্ৰদেশ কংগ্ৰেছে বাৰম্বাৰ দাবী কৰি আহিছে । কিন্তু এই আবেদন সন্দৰ্ভত এতিয়ালৈকে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য । লগতে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত অন্তৰ্ভু্ক্ত কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

Published : June 27, 2024 at 6:20 PM IST
গুৱাহাটী, ২৭ জুন : কংগ্ৰেছত থাকি বিজেপিৰ শৰণাপন্ন হোৱা পাঁচগৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজৰ বাবে প্ৰদেশ কংগ্ৰেছে অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত বাৰম্বাৰ আবেদন জনাই আহিছে । কিন্তু এই আবেদনৰ ক্ষেত্রত সঁহাৰি নোপোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ চিন্তা-চৰ্চা কৰিছে । কংগ্ৰেছৰ নিলম্বিত বিধায়কৰ বিধায়ক পদ খাৰিজৰ ক্ষেত্রত সঁহাৰি নিদিয়া বুলি প্ৰদেশ কংগ্ৰেছে অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয় যে সকলো নিয়ম আৰু প্ৰক্ৰিয়া মতে হ'ব । কোনোবাই মনে বিচৰা ধৰণে হ'ব নোৱাৰে । এই বিষয়ত ৰাজহুৱাকৈ একো ক'ব নোৱাৰি বুলি সদৰী কৰি তেওঁ কয় যে তেওঁলোকে বাহিৰত বহু কথা ক'ব পাৰে যদিও তেওঁ নিজৰ আসনৰ মৰ্যাদা ৰাখি বক্তব্য ৰাখিব লাগিব ।
পাঁচগৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজৰ বাবে প্ৰদেশ কংগ্ৰেছে আবেদন কৰিছে আৰু সেইমৰ্মে প্ৰক্ৰিয়াটো চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আবেদন দিছে আৰু আবেদনৰ ৰায় বাটে-ঘাটে দিব নোৱাৰি । সকলো এটা নিয়মৰ মাজেৰে হয় আৰু নিয়ম মতেই হ'ব । এইক্ষেত্ৰত তেওঁলোক আশ্বস্ত নহ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে আশ্বস্ত নহ'লে তেওঁলোকে আন প্ৰক্ৰিয়াৰ মাজেৰেও যাব পাৰে ।
আনহাতে, হেঁচাত একো হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ স্পষ্টভাৱে কয় যে আইনগতভাৱে সকলো হ'ব, আইনক বাদ দি একো কৰিব নোৱাৰি ।
আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থান লাভ কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে এয়া সম্পূৰ্ণ ৰাজনৈতিক কথা । কাৰো ইচ্ছা অনুসৰি একো নহয় । অধ্যক্ষৰ পদবীত থাকি এই বিষয়ত একো মন্তব্য কৰিব নোৱাৰো বুলি তেওঁ কয় যে সকলো বিষয় আলোচনাৰ বিষয় নহয় । অধ্যক্ষৰ দায়িত্বত থকা বাবে ৰাজনীতিৰ ক'ত কি হৈ আছে একো গম নাপাওঁ বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ লগতে কয় যে মুখ্যমন্ত্রীয়ে যাক য'ত যি দায়িত্ব লাগে তাতে তেওঁক সেই দায়িত্ব দিব পাৰে । এইক্ষেত্রত মুখ্যমন্ত্রীৰ কৰ্তৃত্ব আছে । ৰাজনীতিত নিজে বিচৰা ধৰণে সকলো নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁক যি দায়িত্ব দিয়া হয়, সেই দায়িত্বই পালন কৰিব । পলিচী মেকাৰসকলে সকলো নিৰ্ণয় কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তেওঁলোকে কাৰোবাক উঠাব পাৰে আৰু কাৰোবাক নমাব পাৰে ।

