ETV Bharat / state

এসময়ত ইয়াতেই আত্মগোপন কৰিছিল বিষ্ণু ৰাভাই; ৰাভাৰ আভা স্মৰণ গাঁওবাসীৰ - BISHNU RABHA DIVAS IN BAKSA

কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? ৫৬সংখ্যক বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন ।

Bishnu Rabha divas in Baksa
বাক্সাৰ দীঘেলী গাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 20, 2025 at 1:36 PM IST

3 Min Read

বাক্সা : ২০ জুন, অসমৰ বাবে এটা বিশেষ দিন । কিয়নো ‘‘পৰজনমৰ শুভলগনত’’ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল সৰ্বহাৰাৰ কণ্ঠস্বৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই । আজি হৈছে তেওঁৰ ৫৬ সংখ্যক মৃত্যু তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে মৃত্যু তিথিত স্মৰণ কৰা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু দৰ্শন ।

নিষ্পেষিতজনৰ হৈ সদায় সোচ্চাৰ হৈছিল বিষ্ণু ৰাভা । সেয়া তেওঁৰ সৃষ্টি আৰু কৰ্মত প্ৰকাশ পাইছিল । কামেৰে, গীতেৰে, কবিতাৰে, কথাৰে তেওঁ হালোৱা-হজুৱা-বনুৱাৰ হৈ অহৰহ মাত মাতি আহিছিল । যাৰ বাবে তেওঁ ৰজাঘৰীয়াৰ ৰোষত পৰি আত্মগোপন কৰিবলগাও হৈছিল ।

এসময়ত ইয়াতেই আত্মগোপন কৰিছিল বিষ্ণু ৰাভাই (ETV Bharat Assam)

কৃষক-বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্ৰতিবাদী কণ্ঠ হৈ বাক্সা জিলাৰ বৰমাৰ দীঘেলীত এসময়ত আত্মগোপন কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই । সেই দিনবোৰৰ স্মৃতি আজিও সোঁৱৰে গাঁওবাসীয়ে ।

স্বাধীনোত্তৰ অসমৰ অবিভক্ত কামৰূপ জিলাৰ দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণু ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল । গীত-মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্ৰতি ৰাইজক সজাগ কৰিছিল ।

১৯৪৮ চনৰ পৰা চাৰিবছৰ আত্মগোপন কৰি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল । দীঘেলীত সেই সময়ত কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে তেওঁক সংগ দিছিল । চলো ৰাম দাস, চমিৰউদ্দিন আহমেদ, ৰতি স্বৰ্গীয়াৰী, তিথি দাস, কাতিৰাম দাস, ধৰ্মেশ্বৰ দাস আদিয়ে আগভাগ লৈছিল ।

বিষ্ণুপ্ৰসাদ ৰাভাই দীঘেলী অঞ্চলৰ ৰাইজৰ হৈ যুঁজ দিছিল । তেওঁ দীঘেলী অঞ্চলত এটা সশস্ত্ৰ বাহিনী গঢ়ি তুলিছিল । সেই সময়ত টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো ভূমি-বাৰী সংক্ৰান্তীয় কাৰণতেই জ্বলাই দিয়া হৈছিল ।

কৃষক-বনুৱাৰ প্ৰকৃত স্বাধীনতা হোৱা নাই বুলি এই দীঘেলীৰ খেলপথাৰতে ত্ৰিৰংগ পতাকাৰ ঠাইত ক'লা পতাকা উৰুৱাই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল ৷ বৃহত্তৰ দীঘেলী অঞ্চলত চলিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ একনায়কত্ববাদ ।

তেওঁৰ কথা আছিল শিলৰ ৰেখা । কোনো ব্যক্তিয়ে তেওঁৰ কথা অৱজ্ঞা কৰা নাছিল । আত্মগোপন কৰাৰ সময়ত গণ সংগীত আৰু ফুটবলৰ যোগেদি ডেকা-বুঢ়া সকলোকে একত্ৰিত কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই চেষ্টা কৰিছিল আৰু সফলো হৈছিল । বিষ্ণু ৰাভা আছিল মুক্তিৰ পথৰ পথিক ।

তাহানিৰ লোকৰ বসতিস্থল দীঘেলীৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে বুলি দোহাৰি কৃষকৰ বাবে, সাধাৰণ জনতাৰ বাবে আকৌ বিষ্ণু ৰাভাৰ দৰে সত্তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ।

প্ৰতিবছৰে দীঘেলীবাসী ৰাইজে বিষ্ণু ৰাভা দিৱস পালন কৰে যদিও আজিও তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । তাকেই লৈ দুখ প্ৰকাশ কৰে গাঁওবাসীয়ে ।

বিষ্ণু ৰাভাক স্মৰণ কৰি স্থানীয় লোকে কয়, "দৰিদ্ৰ লোকৰ, দৰিদ্ৰ জনতাৰ হিতাৰ্থে তেওঁ আন্দোলনত নামি পৰিছিল । নিষ্পেষিত, নিৰ্যাতিত, পদদলিত কৃষকসকলৰ উদ্ধাৰৰ কাৰণে তেওঁলোকে লাগি পৰিছিল আৰু সেই সূত্ৰে দীঘেলীত সোমাই পৰাৰ এটা মূল কাৰণ হৈছিল দীঘেলীৰ বেছিভাগ কৃষকৰ মাটি জমিদাৰৰ অধীনত আছিল । গতিকে সেই জমিদাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ৰাভাদেৱে আহি ইয়াত কৃষকসকলক একত্ৰিত কৰিছিল আৰু কৃষক সভা অনুষ্ঠিত কৰি এই জমিদাৰৰ বিৰুদ্ধে আন্দোলন কৰি বিশেষভাৱে সফলতাও লাভ কৰিছিল ।"

লগতে পঢ়ক :এগৰাকী গণশিল্পীৰ দৃষ্টিৰে গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা - KALAGURU BISHNU PRASAD RABHA
লগতে পঢ়ক :কি পৰিস্থিতিত কলাগুৰুৱে ৰচনা কৰিছিল জীৱনৰ অন্তিমটো গীত ? - BISHNU PRASAD RABHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.