ETV Bharat / state

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যন

ৰাজ্যৰ দুগ্ধ উৎপাদনৰ ছবিখন অতি শোচনীয় ৷ ফলত বঞ্চিত হৈছে প্ৰকৃত গো-পালকসকল ৷ ফেডাৰেচনৰ তদৰ্থ কমিটীৰ সভাপতি বিৰিঞ্চি কাশ্যপে এনেকৈয় কিয় ক’লে জানেনে ?

Gir Cow Procurement Scam
গীৰ গাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 7:48 AM IST

|

Updated : July 1, 2025 at 8:02 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : সম্প্ৰতি সময়ত ৰাজ্যত চৰ্চাত আছে গৰু । গৰু, গৰুখুটিৰ গীৰ গাই, ৰাজসাহায্যক লৈ অসমৰ ৰাজনীতি তোলপাৰ লাগি আছে । সাংসদ, বিধায়ক, মন্ত্রীপত্নী, নেতা-পালিনেতা, মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰ, পশু চিকিৎসক আদিয়ে গো-পালনৰ বিবিধ চৰকাৰী সা-সুবিধা, ৰাজসাহায্য লোৱাৰ কথা পোহৰলৈ অহাৰ পিছতেই সামাজিক মাধ্যমৰ পৰা ৰাজনীতিলৈ সকলোতে গৰুৰ প্ৰসংগই স্থান পাইছে ।

সাংসদ, বিধায়ক, মন্ত্রী পত্নী, নেতা-পালিনেতা, মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰ, পশু চিকিৎসক আদিয়ে গো-পালনৰ বিবিধ চৰকাৰী সা-সুবিধা, ৰাজসাহায্যৰ সুবিধা লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ গো-পালন, দুগ্ধ উৎপাদনৰ ছবিখন অতি শোচনীয় ! এই খণ্ডটো ক্রমাৎ মৃতপ্রায় খণ্ডলৈ পর্যবসিত হ'বলৈ ধৰিছে । বহু গো পালকে গো-পালন এৰি আন অন্য কৰ্মৰ লগত জড়িত হ'বলৈ ধৰিছে ৷ অ’ ৰৱ, এই কথা আমি কোৱা নাই । এই তথ্য সদৰী কৰিছে The Assam State Co-Operative Milk Marketing Federation Ltd-এ ।

গো-পালক সন্দৰ্ভত বিৰিঞ্চি কাশ্যপৰ মন্তব্য (ETV Bharat Assam)

ফেডাৰেচনৰ তদৰ্থ কমিটীৰ সভাপতি বিৰিঞ্চি কাশ্যপৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয়, ‘‘শেহতীয়াকৈ জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত ৰাজ সাহায্য পোৱাটো এতিয়াহে পোহৰলৈ আহিছে । বিগত ৫ বছৰত এনে উদাহৰণ বহুত পোৱা যাব । মন্ত্ৰী, বিধায়ক, মন্ত্ৰীৰ নিজৰ মানুহে এনেবোৰ সুবিধা লাভ কৰিছে ।’’

লগতে পঢ়ক : খেদ ঐ খেদ গৰু চোৰক খেদ ! গীৰ গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

লগতে পঢ়ক : যদি গৰুখুটিত প্ৰকৃততে গৰুৰ মৃত্যু হৈছিল কিয় চৰকাৰীভাৱে লিপিবদ্ধ নহ'ল ? উপমন্যু হাজৰিকাই উভতি ধৰিলে চৰকাৰক

বিৰিঞ্চি কাশ্যপে আৰু কয়, ‘‘যুৱ প্ৰজন্মক আত্মনিৰ্ভৰ কৰাৰ কথা চৰকাৰে শ্ল’গান দি আহিছে । প্ৰকৃতাৰ্থত সেয়া হোৱা নাই । প্ৰকৃতাৰ্থত যিসকল গো- পালকে গো-পালন কৰি আছে তেওঁলোকৰ মন ভাগি গৈছে । গৰুৰ খাদ্যৰ মূল্যবৃদ্ধিয়ে তেওঁলোকক জুৰুলা কৰি পেলাইছে । সেয়ে বিভিন্ন অঞ্চলৰ সাধাৰণ গো-পালকে গৰু বিক্ৰী কৰি অন্য ব্যৱসায় আৰম্ভ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰকৃত গো-পালকসকল চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হৈ আছে ।’’

তেওঁ লগতে কয়, ‘‘তদুপৰি সমবায়ৰ জৰিয়তে গো-পালকে গাখীৰ বিক্ৰী কৰিলে লিটাৰে প্ৰতি ৫ টকাকৈ ৰাজসাহায্য লাভ কৰিব বুলি দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা আজিলৈ কাৰ্যকৰী নহ’ল । দানা, চাপৰ আদিৰ দাম উৎপাদনকাৰী প্রতিষ্ঠানে নিজৰ খেয়াল-খুচি মতে যেতিয়াই-তেতিয়াই বঢ়াই দিয়ে । তেওঁলোকক নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ কোনো‌ধৰণৰ নীতি নিয়ম নাই । গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিবলৈ পথাৰত ধান, গোহালিত গৰু আৰু পুখুৰীত মাছৰ লাগিবই । এই তিনিটা ক্ষেত্ৰত যিসকল থলুৱা লোকে কাম কৰিবলৈ আহিছে, তেওঁলোকৰ কামিহাঁড় ভাঙি দিছে । বনিক গোষ্ঠীক ধনী কৰিছে ।"

তেওঁ লগতে কয়, ‘‘National Programme For Dairy Development চমুকৈ NDDB-এ গৰুখুটিলৈ ৩০০ গীৰ গাই আনিছিল । ৰুগীয়া গৰু দিছিল । ইয়াৰ পিছতো অসম চৰকাৰ আৰু wamul আৰু NDDB ৰ ত্ৰিপক্ষিক চুক্তি কৰিছে । অসমত লুণ্ঠন কৰিবলৈ বাছি লৈছে NDDB-এ ।’’

লগতে পঢ়ক : বিধায়কে গৰু কিনাটো ভালহে কথা: গৰুখুঁটিৰ গীৰ গাই প্ৰসংগত মুখ্যমন্ত্ৰী

লগতে পঢ়ক : ৯০ জনী গীৰ গাই আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মাজত সম্পৰ্ক কি ? - GIR COW CONTROVERSY

Last Updated : July 1, 2025 at 8:02 AM IST