ETV Bharat / state

মহানগৰীত পালন বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস - SATI SADHANI DIVAS

গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ সাধনীয়ে আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে ।

Birangana Sati Sadhani Divas celebrates in Guwahati
বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 10:20 PM IST

4 Min Read

গুৱাহাটী : ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে তথা সাত ব'হাগত চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী তথা বীৰাংগনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজধানী গুৱাহাটীৰ মহানগৰীতো স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক তথা অসমৰ মহীয়সী বীৰাংগনা সাধনীক স্মৰণ কৰা ।

এই উপলক্ষে বৰবাৰীৰ পাথৰকুৱেৰী মেগাজিনস্থিত সাধনী ভৱনত দিনজোৰা কাৰ্যসূচীৰ সাধনীৰ স্মৃতি দিৱস পালন কৰা হয় । গুৱাহাটীবাসী চুতীয়া সমাজৰ উদ্যোগত তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰি মহিয়সী নাৰীগৰাকীক স্মৰণ কৰে ।

Birangana Sati Sadhani Divas celebrates in Guwahati
বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন (ETV Bharat Assam)

দিব্যজ্যোতি ৰাজখোৱা আৰু কুণ্ডিল চুতীয়াই সাধনী স্মৃতি দিৱসৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰাৰ পাছতে চৌহদত থকা বীৰাংগনা সাধনী প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে ।

একেদৰে পুষ্পাঞ্জলী অৰ্পণ কৰে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ কোষাধ্যক্ষ ৰঞ্জন চুতীয়াই । সাধনীক স্মৰণ কৰি চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক দাসে কয়, ''প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কেইগৰাকী অসমীয়া বীৰ-বীৰাংগনা নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম বীৰাংগনা সতী সাধনী ।''

''তেওঁৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে ।'' দাসে কয় ।

আনহাতে, এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি তৰুণ চুতীয়াৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

মহানগৰীত পালন বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস (ETV Bharat Assam)

সভাৰ সভাপতি চুতীয়াই কয়, ''এইগৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে যুগে মৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰোৱাই আহিছে ।'' সতী সাধনীৰ আদৰ্শেৰে অসমৰ নতুন প্ৰজন্মক উদ্বুদ্ধ হ'বলৈ তেওঁ আহ্বান জনায় । সভাত নাট্যকাৰ মুনমী বৰদলৈ শইকীয়াই অংশগ্ৰহণ কৰি সাধনীৰ জীৱন বিতান্ত দাঙি ধৰে ।

লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণত সম্পাদক দাসে চুতীয়া জাতিৰ ইতিহাস দাঙি ধৰে । সভাত জ্যেষ্ঠ নাগৰিক আনন্দ বৰুৱা, অনন্ত নেওগ, সাংস্কৃতিক কৰ্মী স্মৃতিৰেখা শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, অনুষ্ঠানত বৰতিলা শিৱ মন্দিৰ দিহানাম দলে দিহানাম পৰিৱেশন কৰাৰ লগতে কেবাটাও দলে চুতীয়াৰ কৃষ্টি-সংস্কৃতিৰ লগতে অন্যান্য জনজাতিসকলৰ নৃত্য প্ৰদৰ্শন কৰে ।

  • মুখ্যমন্ত্ৰী ড০ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালকে ধৰি বিভিন্নজনে স্মৰণ কৰে

ইফালে, বীৰাংগনা সাধনীক স্মৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহীয়সী অসমীয়া নাৰীৰ বীৰত্বৰে মহীয়ান ভাৰত বুৰঞ্জী ৷ চুতীয়া সম্ৰাজ্যৰ ৰাণী সতী সাধনীৰ স্বজাতি তথা স্বদেশৰ প্ৰতি কৰা ত্যাগে বীৰাংগনাগৰাকীক যুগ যুগলৈ বন্দিত কৰি ৰাখিব ৷

এক ভিডিঅ' বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, ''চুতীয়া ৰাজ্য আৰু প্ৰজাগনৰ স্বাভিমান ৰক্ষাৰ বাবে বীৰাংগনা সাধনীয়ে আত্মবলিদান দিছিল, সেই ৰাজ্য আৰু চুতীয়া জাতি অসমৰ গৰিমামণ্ডিত ইতিহাসৰ এক সোণোৱাৰী অধ্যায়ৰ অংশ ।''

একেদৰে বীৰাংগনা সাধনীক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ''বীৰাংগনা সতী সাধনীৰ অদম্য সাহস, পৰাক্ৰম আৰু ত্যাগৰ অমৰ গাথাই চুতীয়া সাম্ৰাজ্যৰ বুৰঞ্জীক মহিমামণ্ডিত কৰি থৈ গৈছে । তেওঁৰ অতুলনীয় কৰ্মচেতনা আৰু স্বদেশ-স্বজাতিৰ প্ৰতি দায়বদ্ধতাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব ।''

লোকসভাৰ বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও বীৰাংগনা সাধনীক স্মৰণ কৰি কয়, ''সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল । দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিয়া নাৰীশক্তিৰ অনন্য উদাহৰণ দাঙি ধৰা বীৰাংগনা গৰাকীক মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো ।''

একেদৰে কৃষিমন্ত্ৰী অতুল বৰাই, ''দেশপ্ৰেম, ত্যাগৰ অতুলনীয় গাথাৰে ইতিহাসৰ পাতত জিলিকি ৰোৱা এটি নাম হ'ল বীৰাংগনা সতী সাধনী । এই সাহসৰ নিদৰ্শনেৰে প্ৰতিগৰাকী ব্যক্তিয়ে অনুপ্ৰাণিত হোৱা উচিত ।''

লগতে পঢ়ক : তোমাৰে বেজাৰত ঘূৰি মই ফুৰিছোঁ... বুকুত বেথা, মনত উলাহ: কঁকাল ভাঙিলে ৯০ বছৰীয়া আইতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.