ETV Bharat / state

শৃংখলক এমাহৰ বিশ্ৰাম; কি হৈছিল শিৱসাগৰৰ নাগৰিক সভাত ?

'মিঞা খেদা' বিতৰ্কক লৈ শিৱসাগৰত তীব্ৰ উত্তেজনা । নাগৰিক সভাৰ গৰিহণা, সভা ত্যাগ শৃংখল চলিহাৰ । সংগঠনে বিশ্ৰাম দিলে শৃংখলক ।

shrinkhal chaliha
শৃংখল চলিহা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 9:03 PM IST

4 Min Read
Choose ETV Bharat

শিৱসাগৰ : বীৰ লাচিত সেনা অসম তথা একাংশ দল-সংগঠনৰ উজনি অসমত 'মিঞা খেদা অভিযানে' অগ্নিকুণ্ড কৰি তোলা শিৱসাগৰত সমাধান বিচাৰি অনুষ্ঠিত হ'ল নাগৰিক সভা । নাগৰিক সভাৰ কিছু সময়ৰ পিছতে মিঞা সম্পৰ্কত বিতৰ্কৰ সূচনা কৰা শৃংখল চলিহাক বীৰ লাচিত সেনাই দিলে এমাহ বিশ্ৰাম লোৱাৰ নিৰ্দেশ ।

শৃংখল চলিহাক বিশ্ৰাম

শেহতীয়াকৈ উজনি অসমত মিঞা খেদা অভিযানক লৈ তৎপৰ হৈছে বিভিন্ন জাতীয় সংগঠন আৰু নেতা । বিশেষকৈ বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহাই এই প্ৰসংগত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াশীল মন্তব্য কৰি আহিছে । উজনি অসমৰ পৰা মিঞা খেদা অভিযানৰ নেতৃত্ব লোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা মন্তব্য কৰি চৰ্চাৰ কেন্দ্ৰ হৈছে শৃংখল চলিহা ।

শিৱসাগৰত নাগৰিক সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ (ETV Bharat Assam)

আনকি তেওঁ উচতনিমূলক মন্তব্য দিয়া বুলিও বহুতে অভিযোগ কৰিছে । উজনি অসমত সামাজিক আৰু ৰাজনৈতিক পৰিৱেশে উত্তাল কৰি তুলিছে তেওঁৰ মন্তব্যই । যেন ৰণক্ষেত্ৰ হৈ পৰিছে শিৱসাগৰ । যাৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও শেহতীয়াকৈ বীৰ লাচিত সেনা অসমলৈ এখন পত্ৰযোগে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে । তাৰ মাজতে শুকুৰবাৰে শৃংখল চলিহা আৰু অন্যান্যসকলৰ বিতৰ্কিত ভূমিকাক লৈ শিৱসাগৰত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা । কিন্তু আধাতে নাগৰিক সভা ত্যাগ কৰিলে শৃংখল চলিহাই ।

নাগৰিক সভা ত্যাগ শৃংখল চলিহাৰ (ETV Bharat)

নাগৰিক সভাক ৰাজনৈতিক সভা আখ্যা দি চলিহাই সভাস্থলী ত্যাগ কৰে । লক্ষণীয়ভাৱে নাগৰিক সভা ত্যাগ কৰাৰ কিছু সময়ৰ পিছতে বীৰ লাচিত সেনা অসমে জাৰি কৰিলে বিশেষ নিৰ্দেশনা পত্ৰ । য'ত সংগঠনৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক ৮ ছেপ্টেম্বৰলৈ সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হয় । সাময়িক বিশ্ৰাম দিয়াৰ লগতে চলিহাক পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হয় । শৃংখলক বীৰ লাচিত সেনাই সাময়িক বিৰতি দিয়াৰ এই পত্ৰই এতিয়া ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে ।

নাগৰিক সভা নিৰপেক্ষ হোৱা নাই : শৃংখল চলিহা

নাগৰিক সভা ত্যাগ কৰি শৃংখল চলিহাই গুৰুতৰ অভিযোগ উত্থাপন কৰে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়,"নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে...। নিৰ্দিষ্ট এটা দলৰ মানুহ ইয়াত সৰহকে আছে । মই সেইকাৰণে সভাৰ পৰা ওলাই আহিছো । এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত ইয়াত সভা হৈছে । শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই ।"

Sivasagar Public meeting
শিৱসাগৰত নাগৰিক সভা (ETV Bharat)

শিৱসাগৰত শান্তি সম্প্ৰীতিৰ স্বাৰ্থত নাগৰিক সভা

মিঞা বিতৰ্কক লৈ উজনি অসম, বিশেষকৈ শিৱসাগৰ জিলাত সৃষ্টি হোৱা সামাজিক তীব্ৰ উত্তেজনাৰ বাবে শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ আৰু নাগৰিক সমাজ । যাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষৰ শংকা কৰি সমাধান বিচাৰি শিৱসাগৰৰ যুৱদলত একত্ৰিত হ'ল বিভিন্ন দল-সংগঠন আৰু জ্যেষ্ঠ নাগৰিক । এই সভাতে নাগৰিক সভাই গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ।

Sivasagar Public meeting
শিৱসাগৰত নাগৰিক সভা (ETV Bharat)

শিৱসাগৰৰ সাতাম পুৰুষীয়া ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে আহ্বান জনাই কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে ভাষণ প্ৰদান কৰে । চিতু বৰুৱা, শৃংখল চলিহা আৰু ইউনুছ তামুলীয়ে মিঞা সন্দৰ্ভত কৰা উচতনিমূলক বক্তব্যক নাগৰিক সভাই গৰিহণা দি পৰৱৰ্তী সময়ত কাকো উচতনিমূলক বক্তব্য প্ৰদান নকৰিবলৈ সকিয়াই দিয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত মিঞা খেদা আন্দোলন হৈছে বুলি কৰা মন্তব্যৰো তীব্ৰ গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰে নাগৰিক সভাই ।

Bir Lachit Sena Assam
শৃংখল চলিহালৈ বীৰ লাচিত সেনা অসমৰ নিৰ্দেশনা পত্ৰ (ETV Bharat)

ইয়াৰ সমান্তৰালকৈ অসমৰ খিলঞ্জীয়া লোকক অনা খিলঞ্জীয়া লোকক মাটি বিক্ৰী নকৰিবলৈও আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে নাগৰিক সভাই । মিঞা খেদা আন্দোলনে বিগত কেইবাদিনো ধৰি উজনি অসমৰ লগতে শিৱসাগৰৰ পৰিৱেশ উত্তাল কৰি থকাৰ মাজতে জিলাখনত শান্তি সম্প্ৰীতিৰ পৰিৱেশ যাতে বিঘ্নিত নহয়, তাৰ পৰিপ্ৰেক্ষিতত আহ্বান কৰা হৈছে নাগৰিক সভাত । এই সভাৰ সিদ্ধান্ত তথা প্ৰস্তাৱ কি ধৰণে কাৰ্যকৰী অথবা বাস্তৱায়িত হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্রত পৰিণত হৈছে শৃংখল : বীৰ লাচিত সেনালৈ অখিল গগৈৰ পত্ৰ - AKHIL GOGOI ON SHRINKHAL CHALIHA