ETV Bharat / state

বছৰজোৰা এক পৰিক্ৰমা, সন্তানৰ দৰে লালন-পালন কৰে গছক

পথত পৰি থকা গছপুলিটোৱেও নতুন জীৱন পাই এজন প্ৰকৃতিপ্ৰমীৰ হাতৰ পৰশত । গছক নিজ সন্তানৰ মৰ্যাদা দিয়া কোন এইগৰাকী বিশেষ ব্যক্তি । এক প্ৰতিবেদন ।

Bipul Medhi has nurtured the trees like a child in Guwahati
সন্তানৰ দৰে লালন-পালন কৰে গছক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 5:01 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: যি সময়ত উন্নয়নৰ নামত চৰকাৰে মহানগৰীত গছ কাটি তহিলং কৰিছে সেই সময়তে উদ্ভিদক সন্তানৰ দৰে লালন পালন কৰিছে এগৰাকী ব্যক্তিয়ে । ৰাস্তাত পৰি থকা গছৰ পুলি উঠাই নি বিগত ১৮ বছৰে লালন পালন কৰি একোডাল পূৰ্ণাংগ উদ্ভিদত পৰিণত কৰিছে তেওঁ । লগতে গছকেইজোপাক দিছে নিজ সন্তানৰ মৰ্যদা ।

কেৱল সিমানেই নহয় গছকেইজোপাক নতুন জীৱন দিয়া দিনটোত প্ৰতিবছৰে পালন কৰি আহিছে জন্মদিন । ইয়াৰোপৰি তেওঁ গ্ৰহণ কৰি আহিছে আন বহু পদক্ষেপো । প্ৰকৃতি সুৰক্ষাৰ বাবে নিজক সমৰ্পণ কৰা এই ব্যক্তিজন কোন আৰু তেওঁ কিয় এতিয়া বিশেষভাৱে চৰ্চিত জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

প্ৰকৃতিপ্ৰমী বিপুল মেধি (ETV Bharat Assam)

গছৰ জন্মদিন:

সেয়া আছিল ২০০৭ চনৰ কথা । ২০০৭ চনৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ কৰিবলৈ আনি কোনোবাই পেলনীয়া সামগ্ৰীৰ দৰে গছৰৰ পুলিকেইটা পেলাই থৈ গৈছিল । ৬ জুনৰ পুৱা ঘৰৰ পৰা দোকানলৈ গৈ থকা অৱস্থাত গছৰ পুলিকেইটা গণেশগুৰিত পৰি থকা দেখি বুটলি আনিছিল বিপুল মেধি নামৰ লোকজনে । পুলিকেইটা বুটলি আনি সযতনে তেওঁ ভেটাপাৰা-লালমাটি সংযোগী পথৰ কাষত থকা নিজৰ কিতাপৰ দোকানখনৰ সম্মুখত দুজোপা কৃষ্ণচূড়া আৰু এজোপা চতিয়না গছ ৰোপণ কৰে ।

Bipul Medhi has nurtured the trees like a child in Guwahati
বিপুল মেধিৰে ৰোপণ কৰা গছ (ETV Bharat Assam)

দুজোপা আমলখি ওচৰ-চুবুৰীয়াক দিলে । তেতিয়াৰ পৰাই তেওঁ ১৮ বছৰ গছ কেইজোপা প্ৰতিপালন কৰি আহিছে । তেওঁৰ প্ৰতিপালনতেই পত্রে-পুষ্পে বিকশিত হৈ এইবাৰ ১৯ বছৰত ভৰি দিলে । ২০০৮ চনৰ পৰাই বিপুল মেধিয়ে প্রতি বছৰে ৬ জুনত তেওঁ প্ৰতিপালন কৰা গছকেইজোপাৰ জন্মদিন পালন কৰি আহিছে । তদুপৰি গছ-গছনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জুলাইৰ প্ৰথম দেওবাৰে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে ।

Bipul Medhi has nurtured the trees like a child in Guwahati
গছৰ জন্মদিন উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা (ETV Bharat Assam)

গছপুলি কেইটা দেখি কিয় বুটলি আনিবলৈ মন গৈছিল বিপুল মেধিৰ ?

বিপুল মেধিয়ে কয়,"মোৰ দেউতাই গছ খুব ভাল পাইছিল । সৰুৰে পৰাই মোক গছপুলি ৰোপণ কৰিবলৈ শিকাইছিল । ২০০৭ চনৰ ৬ জুনৰ পুৱা যেতিয়া কৃষ্ণচূড়া, ৰাধাচূড়া, চতিয়না, আমলখি গছ কেইজো মৰহি পৰি থকা দেখি মনত দুখ লাগিছিল । যাৰ বাবে মই গছপুলি কেইটা বুটলি লৈ আহিলোঁ । ইয়াত যিহেতু ঠাইৰ অভাৱ সেয়ে দোকানৰ সন্মুখত তিনি জোপা গছ ৰোপণ কৰিলোঁ আৰু বাকী কেইজোপা ওচৰ চুবুৰীয়াক বিতৰণ কৰি দিওঁ ।"

Bipul Medhi has nurtured the trees like a child in Guwahati
বিপুল মেধিৰে ৰোপণ কৰা গছ (ETV Bharat Assam)

তেওঁ লগতে কয়, "তদুপৰি প্ৰতি বছৰে ৬ জুনত গছ কেইজোপাৰ জন্মদিন পালন কৰাৰ লগতে গছৰ বিষয়ে সজাগতা সৃষ্টি কৰোঁ । মোৰ মূল উদ্দেশ্য হৈছে গছৰ প্ৰতি সজাগতা সৃষ্টি কৰা । গছ আমাক কিয় লাগে , গছৰ উপকাৰিতা , গছক কাটিব নালাগে, গছে যে আমাৰ সদায় উপকাৰ কৰে সেয়া ছাত্ৰ ছাত্ৰী সকলোৰে মাজত সজাগতা সৃষ্টি কৰা হয় । তদুপৰি সেই দিনটোত এজোপাকৈ গছপুলি ৰোপণ কৰি আগ্ৰহ থকা ব্যক্তিক গছজোপা চোৱা চিতাৰ দায়িত্ব দিয়া হয় । নতুনকৈ ৰোপণ কৰা গছবোৰ প্ৰতিপাল কৰি থকা লোকবোৰক সম্বৰ্ধনা জনোৱা হয় ।"

Bipul Medhi has nurtured the trees like a child in Guwahati
গছৰ জন্মদিন উদযাপন কৰা মুহূৰ্ত (ETV Bharat Assam)

গাঁৱটো গছপুলি ৰোপণ কৰিছে :

তেওঁ কয়, "মোৰ জন্ম স্থান লাওপাৰা চাপৰিত মই পাঁচ বিঘা মাটিত চেগুন, আমলখি,ভোমৰা, বাঁহ আদি পাঁচ বিঘা মাটিত ৰোপণ কৰিছোঁ । প্ৰতিজোপা গছ ৰোপণিৰ পৰিচিত এটা দাগ দি চনটো লিখি যাওঁ ।"

Bipul Medhi has nurtured the trees like a child in Guwahati
বিপুল মেধিৰে ৰোপণ কৰা গছ (ETV Bharat Assam)

উন্নয়নৰ নামত মহানগৰীত গছ কটাক লৈ কি কয় তেওঁ:

শেহতীয়াকৈ মহানগৰীত উন্নয়নৰ নামত গছ স্থানান্তৰকৰণৰ কথা কৈছে । সেইটো ভাল কথা কিন্তু অসমত স্থানান্তৰকৰণ সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় , "কিছুমান কথাত উপায় নাই গছ কাটিব লগা হয় । কিন্তু গছ কাটিলে নহ'ব এজোপা গছ কাটিলে দুজোপা ৰোপণ কৰাৰ ব্যৱস্থা কৰিব লাগিব । অকল ৰোপণ কৰিলেই নহ'ব সেই গছবোৰ ভালদৰে প্ৰতিপালন পৰিব লাগিব ।"

লগতে পঢ়ক: শিক্ষাৰ্থীৰে ভৰা নাও জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত, কেইবাগৰাকীও সন্ধানহীন - NALBARI BOAT TRAGEDY

সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বাৰম্বাৰ নাম ঘোষণা; যোগদান নকৰিলে কংগ্ৰেছৰ পঞ্চায়ত সদস্যই - BJP MEETING IN TINSUKIA