গুৱাহাটী: এখন বাইকেই সাৰথি । এই বাইকখনক সাৰথি কৰিয়েই এগৰাকী মহিলাই ভ্ৰমণ কৰিছে বিশ্বৰ ৬৪ খন দেশ । বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ পিছতো তেওঁৰ গতি থমকি ৰোৱা নাই । হাৰ মনা নাই । গতিয়েই যেন তেওঁৰ জীৱনৰ লক্ষ্য় ।
বাইক ৰাইডাৰ হিচাপে পৰিচিত এইগৰাকী মহিলাই এইবাৰ লাভ কৰিছে 'অসম গৌৰৱ ' সন্মান । এইগৰাকী বাইক ৰাইডাৰৰ এইবাৰ লক্ষ্য় উত্তৰ-পূৰ্বাঞ্চল আৰু ৰাছিয়া ।
আপোনাৰো পৰিচিত এইগৰাকী বাইক ৰাইডাৰ । তেওঁ হৈছে অসমকন্য়া মীনাক্ষী দাস । গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা বাইক ৰাইডাৰ তথা ফিটনেছ ট্ৰেইনাৰ মীনাক্ষী দাসে উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ স্থান পৰ্যটকৰ দৃষ্টিগোচৰ হোৱা নাই সেই ঠাইলৈ যোৱাৰ লক্ষ্য লৈছে মীনাক্ষী দাসে । তেওঁ এই যাত্ৰা কেতিয়া আৰম্ভ কৰিব ? এই সন্দৰ্ভত ইটিভি ভাৰতক সবিশেষ জনালে বাইক ৰাইডাৰগৰাকীয়ে ।

ব'হাগ বিহুৰ সময়তে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় , "ৰঙালী বিহুৰ সময়ত অৰ্থাৎ ১৪ বা ১৫ এপ্ৰিলত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিম উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ । গুৱাহাটীৰ পৰা পোনে পোনে ছিক্কিম ভ্ৰমণ কৰিম । ছিক্কিমৰ পৰা অসমৰ মাজেৰে অৰুণাচললৈ যাম । অৰুণাচলৰ পৰা নাগালেণ্ড, নগালেণ্ডৰ পৰা মণিপুৰ আৰু তাৰ পৰা মিজোৰামলৈ যাম ।

মিজোৰামৰ পৰা ত্ৰিপুৰা, তাৰ পৰা মেঘালয় আৰু মেঘালয়ৰ পৰা অসমলৈ আহি অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰিম । এই ভ্ৰমণকালত প্ৰতিখন ৰাজ্যৰে প্ৰতিখন জিলালৈ যাম । সেই ঠাইবোৰত থকা যিবোৰ স্থান পৰ্যটকৰ দৃষ্টিগোচৰ হোৱা নাই সেইবোৰ ভ্ৰমণ কৰিম ।" এই ভ্ৰমণত প্ৰায় চাৰি মাহ সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "আগষ্টত এই ভ্ৰমণ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । এই ভ্ৰমণত প্ৰায় ৮ লাখ টকা বাজেটৰ প্ৰয়োজন হ'ব ।"

উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ কিয় পৰিকল্পনা কৰিলে :
উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ কিয় পৰিকল্পনা কৰিলে বুলি প্ৰশ্ন কৰাত মীনাক্ষী দাসে কয়, "মই যেতিয়া ৬৪ খন দেশ ভ্ৰমণ কৰিছিলো তেতিয়াৰ পৰাই মোক বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাইডাৰসকলে অনুসৰণ কৰি আছে । তাৰ ভিতৰত বহু ৰাইডাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে জানিব বিচাৰিছে । সেয়েহে তেওঁলোকক উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে জনোৱাৰ বাবে এই ভ্ৰমণ আৰম্ভ কৰিম ।"
বিদেশ ভ্ৰমণৰ পৰিকল্পনা কি ?
তেওঁ লগতে কয়, "প্ৰায় চাৰিমহীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ সামৰাৰ পিছতে দুৰ্গা পূজাৰ সময়ত ৰাছিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছো । ৰাছিয়াৰ ৰাইডাৰসকলে ৰাছিয়া ভ্ৰমণ কৰাৰ বাবে আমন্ত্ৰণ কৰিছে । সেয়েহে ৰাছিয়াখন অন্বেষণ কৰিবলৈ পৰিকল্পনা কৰিছিলো । যি ৬৪ খন দেশ ভ্ৰমণ কৰিছিলো সেই সময়ত ৰাছিয়াৰ কেইবাখনো ঠাইলৈ গৈছিলো ।
সেই ভ্ৰমণৰ সময়ত ৰাছিয়াৰ যিবোৰ ঠাইলৈ যোৱা হোৱা নাছিল সেইবোৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে । ১৫ দিনীয়া ৰাছিয়া ভ্ৰমণ স্বামীৰ সৈতে কৰাৰ পৰিকল্পনা কৰিছো । আনহাতে, ২০২৬ ত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছো ।"