ETV Bharat / state

বিহুৱে নঙলা খোলো খোলো... ! নাচনীৰ গচকত দূবৰি মৰিছে-বৰটি টানি ঢুলীয়াও ওলাইছে - BOHAG BIHU 2025

দূবৰি গছকি মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিবলৈ সাজু ৰংমন চেমনীয়া হুঁচৰি দল ৷ বৰ অসমৰ সমন্বয়ৰ বাৰ্তাৰে বিহুলৈ বুলি সাজু সুৰৰ আকাশ ৰহমৰীয়া দলো ৷

Bihu dance practice
গাত তৰণি নাই ৰংমন-ৰাংঢালীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 12:40 PM IST

4 Min Read

ডিব্ৰুগড়: ৰাজ্যৰ চৌদিশে এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে ঢোল-পেঁপা-গগণাৰ মাত ৷ গছৰ ডালত পৰি কুলিজনীয়েও দিছে ৰঙালী বিহুৰ বতৰা ৷ ইফালে চেনাইক বৰফুলৰ গামোচা দিবলৈ চোতালৰ ইমূৰৰ পৰা সিমূৰলৈকে তাঁতবাতি কৰি আহৰি পোৱা নাই ৰাংঢালীজনীও ৷

অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ সমগ্র ৰাজ্যতে চলিছে ব্যাপক প্ৰস্তুতি । হেঁপাহৰ বিহুটি বুলি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ডেকা-বুঢ়া-চেমনীয়াসকলেও চলাইছে বিহুৰ আখৰা । কোনোৱে যদি বিহু নাম গাই নাচিছে, আন কোনোজন আকৌ ব্যস্ত ঢোলৰ বৰটি লগোৱাত ৷ মুঠৰ ওপৰত বিহু বুলি কাৰো গাত যেন তৰণিয়েই নাই ৷

বিহুলৈ বুলি সাজু সুৰৰ আকাশ ৰহমৰীয়া দল (ETV Bharat Assam)

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ডিব্ৰুগড়তো দেখা গৈছে সেই একেই পৰিৱেশ । ক’ৰবাত যদি বিহু কৰ্মশালা, আন ক’ৰবাত আকৌ চলিছে বিহুৰ আখৰা । ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া ঢোল, পেঁপাৰ লহৰত জাকে-জাকে নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল । নতুন প্ৰজন্মক বিহুৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে অসমীয়াৰ আয়ুসৰেখা ৰঙালীক আদৰিবৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ।

Preparations for Bihu

ডিব্ৰুগড় জিলাৰ বাঘটলী পথাৰত এজাক কিশোৰ-কিশোৰী ব্যস্ত হৈ পৰিছে বিহু হুঁচৰিৰ আখৰাত । বাঘটলী পথাৰ সন্মিলিত ৰংমন চেমনীয়া হুঁ‌চৰি দল নামেৰে দলটোক নামকৰণ কৰি আখৰা আৰম্ভ কৰিছে কিশোৰ-কিশোৰীসকলে । মৰাণ আৰু খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ কিশোৰ-কিশোৰীসকল লগলাগি হুঁচৰি দলটো গঠন কৰিছে ।

গৃহস্থৰ চোতালত বিহু গোৱাৰ লগতে এইবাৰ বিভিন্ন বিহু মঞ্চত এই দলটোৱে হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । তাৰ বাবে অতি সুন্দৰভাৱে দলটো প্ৰস্তুত হৈ উঠিছে । দলটোৰ আশা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেওঁলোকে বিহু মঞ্চ বিলাকত সুনাম অৰ্জন কৰিব ।

Preparations for Bihu
অসমীয়াৰ আয়ুসৰেখা ৰঙালী (ETV Bharat Assam)

লগতে পঢ়ক : ৫ টকাৰ ঢোলটো এতিয়া ১০ হাজাৰ হ'ল: বিদ্যাধৰে নেৰিলে হাতৰ বিদ্যা

লগতে পঢ়ক : পদূলিত হেঁপাহৰ ৰঙালী; খিতিক খিতিক কৰি তাঁত বোৱাত ব্যস্ত শিপিনী গাঁৱৰ লাহৰী

ৰংমন চেমনীয়া হুঁ‌চৰি দলৰ সদস্যসকলে বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয়, "এইবাৰ গৃহস্থৰ চোতাল বিহুৰ লগতে বিভিন্ন বিহু মঞ্চত দলটোৱে হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিগত দহ দিনৰ পূৰ্বৰ পৰাই আখৰা আৰম্ভ কৰিছে ।’’

বিহু দলটোৰ উদ্যোক্তাই কয়, ‘‘ৰংমন চেমনীয়া হুঁ‌চৰি দলটো গঠন কৰা চাৰি বছৰ হ'ল । বিহু ভালপোৱা যুৱক-যুৱতীসকলক লগত লৈ এই বিহুৰ দলটো গঠন কৰা হৈছে । এইবাৰ গৃহস্থৰ চোতালত বিহু গোৱাৰ লগতে বিভিন্ন বিহু মঞ্চত দলটোৱে হুঁ‌চৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।’’

বৰ অসমৰ সমন্বয় বাৰ্তাৰে বিহুলৈ সাজু কলা-কুশলী :

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ চাবুৱাৰ অন্যতম কৃষিভিত্তিক অঞ্চল হিচাপে পৰিচিত ৰহমৰীয়াত ৰঙালী বিহুক আদৰক লৈ ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি । অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা কিছু বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰেৰে বিহুলৈ সাজু হৈছে এদল কলা-কুশলী । বৰ অসমৰ সমন্বয় বাৰ্তাৰে এইসকল কলা-কুশলীয়ে নৃত্য প্ৰদৰ্শন কৰিবলৈ সাজু হৈ উঠিছে ।

Preparations for Bihu
বিহুৰ আখৰাত ব্যস্ত সকলো (ETV Bharat Assam)

"সুৰৰ আকাশ ৰহমৰীয়া" সাংস্কৃতিক দলটিয়ে বিহুনাচৰ পৰা আৰম্ভ কৰি অসমৰ কেইবাটাও জনগোষ্ঠীয় লোকনৃত্য প্ৰদৰ্শন কৰিব । ৰাইজৰ আগত প্ৰদৰ্শন কৰিব বিহুনৃত্যৰ লগতে লোকবাদ্য আৰু লোকনৃত্য । উদীয়মান প্ৰতিশ্ৰুতি সম্পন্ন ৰহমৰীয়া সুৰৰ আকাশ সাংস্কৃতিক দলটিয়ে আগন্তুক ৰঙালী বিহুত চোতালত ৰঙীন কৰি তুলিবলৈ আখৰাত ব্যস্ত হৈছে ।

উদ্যোক্তাসকলে কয়, "অসমীয়া থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে চেষ্টা কৰা হ'ব । সকলো লোকবাদ্য একত্ৰিত কৰি একেলগে নৃত্যৰ সৈতে প্ৰদৰ্শন কৰাৰ বাবে আখৰা কৰা হৈছে । বৰ অসমৰ সকলো লোকনৃত্য প্ৰদৰ্শন কৰা হ'ব ।"

লগতে পঢ়ক : ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত

লগতে পঢ়ক : মটৰ মেকানিকৰ হাতৰ পৰশত কিৰিলী মাৰিছে ম'হৰ শিঙৰ পেঁপাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.