ETV Bharat / state

১৬ টা বিহুৱা দলৰ ঢোল-পেঁপা-গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাট

নাচনীৰ গিৰিপনিত কঁপি উঠিল ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ ।

Bihu Dance Competition in Jamugurihat
বৰপুখুৰীপাৰৰ ৬৪ সংখ্যক মুকলি বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 20, 2025 at 6:20 PM IST

2 Min Read
Choose ETV Bharat

চতিয়া : ঢোল,পেঁপা, গগনাৰ মাতত মুখৰিত ৰাজ্য ৷ এনেহেন বতৰত পিছপৰি থকা নাই ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ । জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰত একেলগে ১৬ টা বিহুৱা দলে প্ৰদৰ্শন কৰিলে বিহুনৃত্য় । পেঁপাৰ টিহিতি টিহিতি মাত, ঢোলৰ গুমগুমণিত ৰজনজনাই গ'ল বৰপুখুৰীপাৰৰ আকাশ-বতাহ ।

অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰৰ ৬৪ সংখ্যক মুকলি বিহুত জিলাখনৰ লগতে ৰাজ্য়ৰ বিভিন্ন স্থানৰ পৰা অহা ১৬ টা বিহুৱা দলে বিহু প্ৰদৰ্শন কৰে ।

বৰপুখুৰীপাৰৰ ৬৪ সংখ্যক মুকলি বিহু (ETV Bharat Assam)

শনিবাৰে বিয়লি ৪ বজাত বিহু প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰাৰ পাছতে এটা এটাকৈ বিহুৱা দলে বৰপুখুৰীপাৰ খেলপথাৰত প্ৰৱেশ কৰি মুকলিকৈ বিহু প্ৰদৰ্শন কৰে ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই ।

প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি একে সময়তে ১৬ টা বিহুৱা দলৰ পেঁপাৰ টিহিতি টিহিতি মাত, ঢোলৰ গুমগুমণিৰে মুখৰিত হ'ল বৰপুখুৰীপাৰ । প্ৰায় দহ সহস্ৰাধিক ৰাইজে বিহুৰ বতৰত একন্তমনে প্ৰাণভৰি উপভোগ কৰিলে মুকলি বিহুৰ মাদকতা ।

Bihu Dance Competition in Jamugurihat
বৰপুখুৰীপাৰৰ ৬৪ সংখ্যক মুকলি বিহু (ETV Bharat Assam)

প্ৰতিযোগিতাখনত উপস্থিত থাকি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ইতিহাসে গৰকা জামুগুৰিহাটৰ বৰপুখুৰী পাৰৰ মুকলি বিহুৰ মাদকতা একক আৰু অনন্য বুলি মন্তব্য় কৰি কয়, "বৰপুখুৰীপাৰৰ ঐতিহ্যমণ্ডিত যি বিহুমেলাৰ প্ৰতিযোগিতাত ১৬ টি দলে অংশগ্ৰহণ কৰিলে । আমাৰ জিলাৰ বাহিৰৰ পৰাও আহিছে । বেছ উন্নত মানৰ দল আহিছে । বিহুৱা দলসমূহে সুন্দৰ প্ৰদৰ্শন কৰিছে । যি উন্নত মানৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ল সেয়াই ইয়াৰ গৰিমা বৃদ্ধি কৰিছে । মই উদযাপন সমিতিৰ হৈ ৰাইজক ধন্য়বাদ জ্ঞাপন কৰিছে ।"

লগতে পঢ়ক:পাঁচশ নাচনীৰ গিৰিপনিত কঁপি উঠিল নদীদ্বীপ মাজুলী - MAJULI 500 DANCERS TO PERFORM BIHU

হায়ৈ ৰহিমলা ৰৈ ৰৈ ধেমালি কৰো... ! চেনেহী বিহুত পথাৰত আনন্দৰে নাচিছে জীয়াৰী-বোৱাৰীয়ে - RONGALI BIHU 2025