ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ মানৱীয়তাত আপোনজনক ওভতাই পালে বলৱন্ত চৌধুৰীয়ে

বিহাৰৰ বানপানীত নিখোঁজ হোৱা ব্যক্তি অসমত উদ্ধাৰ । ৫ বছৰ পিছত নিজগৃহলৈ ৰাওনা বলৱন্ত চৌধুৰী ।

Bihar man rescued in Assam
ৰূপজ্যোতি কুৰ্মীৰ মানৱীয়তাত আপোনজনক ওভতাই পালে বলৱন্ত চৌধুৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 8:33 AM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : ৫ বছৰ পূৰ্বে বিহাৰৰ বানপানীত নিখোঁজ হৈছিল এগৰাকী ব্যক্তি । কিন্তু কিবা প্ৰকাৰে আহি সেই ব্যক্তিজন উপস্থিত হয়হি অসমত । অৱশেষত বহু কষ্টৰ বিনিময়ত তেওঁ লাভ কৰে নিজৰ ঘৰ তথা পৰিয়ালৰ সৈতে যোগাযোগৰ সুবিধা আৰু পাঁচ বছৰ পিছত নিজগৃহ অভিমুখে যাত্ৰা কৰে এইগৰাকী ব্যক্তিয়ে । ব্যক্তিগৰাকীৰ নাম হৈছে বলৱন্ত চৌধুৰী ।

কেনেদৰে উদ্ধাৰ হ'ল বলৱন্তৰ পৰিচয়

ৰূপজ্যোতি কুৰ্মীৰ মানৱীয়তাত আপোনজনক ওভতাই পালে বলৱন্ত চৌধুৰীয়ে (ETV Bharat Assam)

কিছুদিন পূৰ্বে যোৰহাট মেডিকেল কলেজত হাস্পতালৰ এক ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল । অভিভাৱকহীন কেইবাগৰাকীও ৰোগীয়ে দীৰ্ঘদিন ধৰি হাস্পতালৰ বিছনা দখল কৰি থকাৰ অভিযোগত হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকক উলিয়াই দিছিল । তাৰে ভিতৰত দুগৰাকী ব্যক্তিক মৰিয়নী জংচনৰ পাছফালে অভিভাৱক নথকাৰ অজুহাতত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অসুস্থ অৱস্থাত পেলাই থৈ গৈছিল । তেওঁলোক হৈছে বিহাৰৰ বলৱন্ত চৌধুৰী আৰু যোৰহাটৰ কমল দত্ত ।

পৰৱৰ্তী সময়ত এই সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন হোৱাৰ পাছতেই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেইগৰাকীমান সাংবাদিক তথা সচেতন লোকৰ সহযোগত দুয়োকে উদ্ধাৰ কৰি তিতাবৰৰ SIVASH নামৰ এটা আশ্ৰয়গৃহলৈ প্ৰেৰণ কৰে । ইয়াৰ পিছত দুয়োৰে স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পুনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় । তাত চিকিৎসা চলি থকা অৱস্থাতেই আশ্ৰয়গৃহৰ স্বত্বাধিকাৰী ৰিমঝিম মহন্তৰ প্ৰচেষ্টাত বিহাৰৰ লোকজনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সক্ষম হয় ।

পৰিয়ালে শ্ৰাদ্ধ পাতিছিল বলৱন্তৰ

ইফালে তেওঁৰ ঘৰৰ ঠিকনা উদ্ধাৰৰ পিছতে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হয় আৰু অৱশেষত পৰিয়ালৰ লোক আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় । উল্লেখ্য যে বলৱন্ত চৌধুৰী নামৰ লোকজনৰ ঘৰ হৈছে বিহাৰৰ ছিৱান জিলাৰ দোংৰা গাঁৱত । ৫ বছৰ পূৰ্বে বিহাৰত হোৱা বানপানীত তেওঁ নিখোঁজ হৈছিল । ইয়াৰ পাছতেই পৰিয়ালৰ লোকে প্ৰায় এটা বছৰ বিচাৰ-খোচাৰ কৰা পাছতো কোনো শুংসূত্ৰ নোলোৱাত তেওঁক মৃত বুলি ভাবি শ্ৰাদ্ধও অনুষ্ঠিত কৰিছিল । কিন্তু ৫ টা বছৰৰ মূৰত এতিয়া বলৱন্ত চৌধুৰীক জীৱন্ত অৱস্থাত লাভ কৰি যথেষ্ট আনন্দিত পৰিয়ালৰ লোক ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মহানুভৱতা

উল্লেখ্য যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত বিশেষভাৱে আগভাগ লৈছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁৰ তৎপৰতাতে ৱলৱন্ত চৌধুৰীয়ে নিজগৃহ লাভ কৰাৰ লগতে যোৰহাটৰে আনজন ব্যক্তিয়ে আশ্ৰয়স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই ঘটনাৰ পিছত তেওঁ নিৰাশ্ৰয় আৰু অভিভাৱকহীন লোকৰ বাবে আশ্ৰয়গৃহ স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, "এসপ্তাহমান আগতে যেতিয়া এই ঘটনাটো পোহৰলৈ আহিছিল মৰিয়নীৰ সংবাদ মাধ্যমৰ যোগেদি যে দুজন ব্যক্তিৰ ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ দুই-এজন চিকিৎসকৰ দ্বাৰা এক অমানৱীয় কাণ্ড সংঘটিত হৈছিল । ইয়াত পেলাই থৈ যোৱা হৈছিল দুজন ব্যক্তিক । এজন যোৰহাটৰে দত্ত উপাধিৰ । আনজন বিহাৰৰ বলৱন্ত চৌধুৰী । দুয়োজন ব্যক্তিকে আমি লগে লগে জিলা প্ৰশাসনৰ সৈতে কথা পাতিছিলোঁ ষ লগতে SIVASH এন জি অ'ৰ ৰিমঝিম বাইদেউৰ লগত কথা পাতিছিলোঁ । শেষত বাইদেউ আৰু জিলা প্ৰশাসনে সহায় কৰিলে । আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ তেওঁলোকক ভৰ্তি কৰাওঁ । প্ৰায় এসপ্তাহৰ চিকিৎসাৰ অন্তত সম্পূৰ্ণ সুস্থ হোৱাত বিহাৰৰ বলৱন্ত চৌধুৰীৰ পৰিয়ালৰ লগত ৰিমঝিম বাইদেৱে যোগাযোগ কৰিলে । আৰু এনেদৰে আজি তেওঁক পঠোৱা হ'ল । মই টিকট কাটি দিলোঁ ।"

লগতে পঢ়ক :আন্দোলন কৰিবলৈ আমাৰ ফুৰ্তি লগা নাই: মুখ্য়মন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ - BHUPEN BORAH SLAMS ASSAM CM
লগতে পঢ়ক :ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰিবহে জানে, হাতী খেদিব নাজানে বনকৰ্মীয়ে: বনমন্ত্ৰীৰ বিস্ফোৰণ - MAN ELEPHANT CONFLICT