ETV Bharat / state

গণতন্ত্ৰৰ নামত সন্ত্ৰাসৰ ৰাজত্ব চলিছে : নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি বার্ষিক অধিবেশনত অজিত কুমাৰ ভূঞা - North Lakhimpur Press Club

North Lakhimpur Press Club : দেওবাৰে বিয়লি অন্ত পৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দুদিনীয়া দ্বি বার্ষিক অধিবেশনৰ। অন্তিম দিনাৰ মূল কাৰ্যসূচী মুকলি সভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

NORTH LAKHIMPUR PRESS CLUB
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দুদিনীয়া দ্বিবাৰ্ষিক অধিবেশন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 7, 2024 at 10:08 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ, 7 জুলাই : 'সাম্প্ৰতিক সময়ত গণতন্ত্ৰৰ নামত সন্ত্ৰাসৰ ৰাজত্ব চলিছে ৷ সুবিধাবাদী ৰাজনীতিকে জনতাক ভয় খুৱাই সত্যৰ পৰা আতঁৰাই ৰাখিব খুজিছে ৷ তেওঁলোকৰ বিপক্ষে সত্যক উদঙাই দি বাতৰি পৰিবেশন কৰিলে তৰে মানহানিৰ গোচৰ ৷ দৰাচলতে তেওঁলোকৰ সন্মান নায়েই ৷' এই বক্তব্য ৰাজ্যসভাৰ সাংসদ, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ ৷ দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দুদিনীয়া দ্বিবাৰ্ষিক অধিবেশনৰ অন্তিম দিনাৰ মূল কাৰ্যসূচী মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এনেদৰে কয় ৷

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি বার্ষিক অধিবেশনৰ সামৰণি (ETV BHARAT ASSAM)

তেওঁ কয় যে, জাতীয় আত্মনিয়ন্ত্ৰণ অবিহনে অসমীয়া জাতি জীয়াই নাথাকে ৷ কিন্তু এতিয়া অসমীয়া জাতি যি ফালে গৈ আছে তাৰ পৰা বচোৱাত সমস্যা আছে ৷ তেওঁ কয় যে, অসমীয়া জাতি এতিয়া অসমীয়া নহয়, অসমীয়া এতিয়া হিন্দু হ’ল ৷ তেওঁ কয় শংকৰদেৱ, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা আদি অসমীয়া জাতীয় জীৱনৰ শ্ৰেষ্ঠ প্ৰতিনিধি ৷ স্থান নাছিল উগ্ৰ জাতীয়তাবাদৰ ৷ ভূপেন হাজৰিকাই উগ্ৰ জাতীয়তাবাদ পৰিহাৰ কৰি সুকীয়াকৈ সাংস্কৃতিক মঞ্চ গঠন কৰিছিল ৷ এইখন অসম, এইখন অসমত ক'ত সাম্প্ৰদায়িকতাৰ স্থান আছিল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, এতিয়া ৰাজনীতিকে ক্ষমতা দখল কৰাৰ মূল কথাটোৱেই হ’ল সাম্প্ৰদায়িকতা ৷ সাম্প্ৰদায়িকতা বিয়পাই দি ৰাজনৈতিক তোষণ কৰাৰ ফলতে একাংশ সংবাদ মহলে 'গোদী মিডিয়া'ৰ বিশেষণ পাব লগীয়া হৈছে বুলিও কয় সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক : অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য - Assam flood 2024

ৰাজনৈতিক নেতাক সমালোচনা কৰি ভূঞাই কয় যে, বান হ’লে কিছুমানৰ বাবে কমিছনৰ সুবিধা হয় ৷ ৰাজনৈতিক নেতাই লগত কেমেৰা লৈ ফটো উঠোৱা কামতো ভালকৈ কৰে ৷ বিপৰীতে বান ৰোধৰ বাবে পৰিকল্পনা, নীতি, বিজ্ঞানসম্মত প্ৰণালী আদি একো নাই ৷ সঁচা কথাবোৰ ক’বলৈ সাংবাদিক সকলৰ উপায় নোহোৱা হৈছে ৷ সঁচা কথা লিখিলে চৰকাৰে বেয়া পাব বুলি মালিক পক্ষই সাংবাদিকক উলিয়াই দিয়ে ৷ ব্যৱসায়িক দৃষ্টিভংগী হোৱাৰ বাবে তেনে হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, স্বাধীনতাৰ সময়ত সংবাদ সেৱা প্ৰকৃতাৰ্থত সেৱা আছিল ৷ এতিয়া এই সেৱা ব্যৱসায়ত পৰিণত হ’ল ৷ অজিত কুমাৰ ভূঞাই লগতে কয় যে, অসমত কেৱল ৰেকৰ্ডৰ বাবেহে কাম কৰা হয় ৷ কোটিৰ হিচাপত গছৰ পুলি ৰোৱা হ’ল ঠিকেই ৷ কিন্তু কেইটা গছ পুলি বাচি থাকিল তাৰ খবৰ কোনে ৰাখিছে বুলি প্ৰশ্ন কৰে তেওঁ ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষষা বংকিম ভট্টাচার্যই উদ্বোধন কৰা আৰু ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে দিতিমণি গোস্বামীয়ে ভক্তিমূলক গীত পৰিৱেশন কৰে ৷ সভাত বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেবাজনো ব্যক্তিক গামোচা, প্ৰশস্তি পত্ৰ, স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে এই অধিবেশনৰ প্ৰথম দিনাৰ সন্ধিয়া অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত কুমুদ বৰুৱাক সভাপতি আৰু কৰুনাকৃষ্ণ নাথক সম্পাদক হিচাপে লৈ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন সমিতিখন গঠন কৰা হয় ৷

লগতে পঢ়ক : ৰঙা জিঞাৰ কবিক জন্ম শতবৰ্ষত স্মৰণ নগাঁৱত - Mahim Bora birth centenary