ETV Bharat / state

পিচাক পিচু দমাছি : সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা ভাষা,কলা-সংস্কৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস - TIWA FALK CULTURE

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত পিচাক পিচু দমাছি ৷ তিৱাসকলৰ চহকী সংস্কৃতিৰ এক মনোমোহা নিদৰ্শন জোনাইত ৷

Tiwa Bihu celebrated in Jonai
সপ্তম বাৰ্ষিক পিচাক পিচু দমাছি পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 4:24 PM IST

3 Min Read

জোনাই : ভূমিপুত্ৰ তিৱাসকলৰ সময়ৰ সোঁতত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা স্বকীয় ভাষা কলা-সংস্কৃতি,ৰীতি- নীতি উজ্জীৱিত,সংৰক্ষণ আৰু পৰিৱৰ্তন প্ৰচেষ্টাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় পিচাক পিচু দমাছি । জোনাই আঞ্চলিক সমিতিৰ আতিথ্যত জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক পিচাক পিচু দমাছি পালন কৰা হয় ।

এই উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত ছগ্ৰা মিছাৱা,বিহু,আদি বিভিন্ন নৃত্য প্ৰৰ্দশন কৰে ৷ ইয়াৰ পিছতে মংছা সুভেন বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়ায় আটছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য উপদেষ্টা মুংছা ৰিদীপ দাৰফাঙে ৷ মুকলি সভাতেই 'পাংছি' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য মংছা ডি উফিং মাছলাই কয়," ভাষা হৈছে এটা জাতিৰ দাপোন স্বৰূপ । ভাষা অবিহনে জাতি এটাৰ অস্তিত্ব নাথাকে । ভাষা থাকিলেহে জীয়াই থাকিব জাতি ৷ ভাষা জানিবলৈ আৰু তাৰ সাৰমৰ্ম আয়ত্ব কৰিবলৈ মানুহ অধ্যয়নশীল হ’ব লাগিব । একাগ্ৰতা আৰু জিজ্ঞাসু মন লৈ অধ্যয়ন কৰিলেহে মানুহে ভাষা এটা শুদ্ধভাৱে আৰু ভালদৰে শিকিব পাৰিব ৷ "

সপ্তম বাৰ্ষিক পিচাক পিচু দমাছি পালন (ETV Bharat Assam)

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি," জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কয়, " তিৱা জাতি ভাষা-কৃষ্টি-সংস্কৃতিৰে এটা চহকী জাতি । এই জনগোষ্ঠীৰ নিজস্ব ভাষা আছে,কৃষ্টি আছে,সংস্কৃতি আছে । ভাষা-কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ নৱ প্ৰজন্মই আগভাগ ল’ব লাগিব । আজি যদি নিজৰ ভাষাই নাজানে ইয়াতকৈ লাজৰ বিষয় আৰু নাই ৷ গতিকে জাতি জীয়াই থাকিবলৈ প্ৰথমে মাতৃভাষা জানিব লাগিব ৷ বিভিন্ন সভা সমিতিত নিজৰ ভাষাত কথা-বতৰা পাতিলে ভাষাটোক আগবঢ়াই নিয়াত সহায়ক হ’ব । " তেওঁ পুনৰ কয়," শিপা অবিহনে জাতি জীয়াই নাথাকে ৷ গতিকে বিভিন্ন ভাষা -ভাষীৰ জনজাতি লোকসকলৰ নতুন প্ৰজন্মই নিজৰ ভাষা,সংস্কৃতি,ইতিহাস,ঐতিহ্য জীয়াই ৰাখিব লাগিব ৷

Tiwa Bihu celebrated in Jonai
সপ্তম বাৰ্ষিক পিচাক পিচু দমাছি পালন (ETV Bharat Assam)

সন্মানীয় অতিথি হিচাপে তিৱা মাথনলাই তখ্রাৰ উপ-সভাপতি মুংছা যোগেশ্বৰ বৰদলৈ,গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কাকতি,মুংছা জনার্দন পাটৰ আদি উপস্থিত থাকে ৷ প্ৰথম দিনা পুৱা বৃক্ষৰোপণ কৰে বালিৰাম পাটৰে । সদৌ তিৱা ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মৃদুল বৰদলৈ আৰু উদযাপন সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰদলৈয়ে পতকা উত্তোলন কৰে । আটছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক মুংছা বিপুল লুম্পাইয়ে স্মৃতি তৰ্পণ কৰে ৷ দুৰ্গাপ্ৰসাদ লালুঙে উন্মোচন কৰে তিৱা জাতীয় খাদ্য আৰু বস্ত্ৰ বিপণি ৷ পুৱা ১০ বজাত টেকেলি ভঙা(পুৰুষ মহিলা),ৰচী টনা প্ৰতিযোগিতা (মহিলা),চিত্ৰাংকণ প্ৰতিযোগিতা মুকলি কৰে পদ্ম লালুঙে ৷ মঞ্চ উন্মোচন কৰে জোনাইৰ বিশিষ্ট সমাজ সেৱক মনছি পাটৰে ৷ দিনৰ ১১ বজাত তিৱা সমৱেত সংগীত পৰিবেশন, তিৱা কৃষ্টি দলৰ প্ৰৰ্দশনীমূলক নৃত্যৰ পিছতে দিনৰ ১২.০০ বজাত তিৱা ভাষাত কবিতা আবৃত্তি, তিৱা গীতৰ একক নৃত্য, তিৱা দলীয় নৃত্য, তিৱা বোৱাৰী দলীয় নৃত্য, তিৱা ফেশ্বন শ্ব',সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক:গৰুবিহুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ৰঙালীৰ ৰং, ভিন্ন ভাষা-ভাষী লোকেও কৰিলে অংশগ্ৰহণ - RONGALI BIHU 2025

পৰম্পৰা ৰক্ষা কৰি গৰু নোৱাই-ধুৱাই আশিস ল'লে মন্ত্ৰী কেশৱ মহন্তই - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.