ETV Bharat / state

দোতাৰা-একতাৰা-ডগৰ-চাৰিণ্ডা কি নাসাজে তেওঁ ! লোকবাদ্যৰ প্ৰসাৰৰ বাবে নিৰলস চেষ্টা এগৰাকী শিল্পীৰ

তেওঁ বাদ্যবোৰ বিক্ৰী নকৰে । তাৰ পৰিৱৰ্তে লোকসংগীতৰ চৰ্চা কৰা যুৱশিল্পীক উৎসাহ যোগাবলৈ সেইবিলাক উপহাৰ দি আহিছে ।

Bhupendra Nath Das has created many folk instruments at Sundaridiyar in Barpeta
লোকবাদ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ নীৰৱ সাধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 3:03 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: অসমৰ লোকবাদ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ কামত নীৰৱে আত্মনিয়োগ কৰি আহিছে বৰপেটাৰ সুন্দৰীদিয়াৰ বাসিন্দা ভূপেন্দ্ৰ নাথ দাসে । সৰুৰে পৰাই তেওঁ লোকবাদ্য বজোৱাৰ চৰ্চা কৰি আহিছিল । পৰৱৰ্তী সময়ত জীৱন-জীৱিকাৰ ব্যস্ততাত সোমাই পৰে যদিও চৰ্চা এৰি দিয়া নাছিল । আৰক্ষী বিভাগত চাকৰি কৰিছিল লোকশিল্পীগৰাকীয়ে । আৰক্ষী জীৱনৰ অতি ব্যস্ততাৰ মাজতো তেওঁ যতি পৰিব দিয়া নাছিল সেই চৰ্চাক ।‌

লোকবাদ্য বজোৱাৰ চৰ্চাৰ মাজতে তেওঁ মন মেলে লোকবাদ্য তৈয়াৰ কৰা কামটোলৈ । দাসে জনাই যে তেওঁ এনে বাদ্য তৈয়াৰ কৰিবলৈ ক'তো প্ৰশিক্ষণ লোৱা নাই । বাদ্যবোৰ চাই চাই নিজে নিজেই সেইবিলাক তৈয়াৰ কৰা কামত হাত দিয়ে ।‌ এনেদৰেই তেওঁ বহু দোতাৰা, ডগৰ, চাৰিণ্ডা, নাগাৰা, একতাৰা আদি তৈয়াৰ কৰি উলিয়াইছে ।

লোকবাদ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ নীৰৱ সাধনা (ETV Bharat Assam)

উল্লেখযোগ্য যে তেওঁ বাদ্যবোৰ বিক্ৰী নকৰে । তাৰ পৰিৱৰ্তে লোকসংগীতৰ চৰ্চা কৰা যুৱশিল্পীক উৎসাহ যোগাবলৈ সেইবিলাক উপহাৰ দি আহিছে । লোকসংগীতৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ স্বৰূপেও এনে বাদ্য বিজয়ী প্ৰতিযোগীক প্ৰদান কৰি আহিছে ।

Bhupendra Nath Das has created many folk instruments at Sundaridiyar in Barpeta
ভূপেন্দ্ৰ নাথ দাস (ETV Bharat Assam)

বৰ্তমান একেলগে কেবাবিধো বাদ্য সাজি থকা দাসে ধৰ্মীয় নাটক, ভাওনা আদিত ব্যৱহাৰ হোৱা সামগ্ৰীও প্ৰস্তুত কৰে । নিজৰ ঘৰত লোকবাদ্যৰ এটা সংগ্ৰহালয় স্থাপনৰ আশা পুহি ৰখা দাসে ইয়াৰ বাবে এপদ-দুপদকৈ তেনে বাদ্য সাজি উলিওৱাৰ কামো অব্যাহত ৰাখিছে ।

Bhupendra Nath Das has created many folk instruments at Sundaridiyar in Barpeta
ভূপেন্দ্ৰ নাথ দাসে সজা লোকবাদ্য (ETV Bharat Assam)

এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত লোকশিল্পীগৰাকীয়ে কয়, "মই সৰুকালৰে পৰাই লোকসংগীতৰ প্ৰতি আকৃষ্ট । পঢ়ি থকা দিনত মই লোকগীত গাইছিলো । তেতিয়া আমাৰ দোতাৰা বা দগৰ এইবোৰ নাছিল । আগতে দা, কটাৰী বটালিৰেই কাটি সাজি লৈছিলোঁ । তেনেকৈয়ে বজাই বজাই শিকিলো আৰু তাৰ পিছৰ পৰাই বিভিন্ন অনুষ্ঠানত লোকগীত পৰিৱেশন কৰিছিলো ।"

লগতে পঢ়ক: আপুনিও গাব পাৰিব গীত এটি... সংগীতশিল্পী ভূপেন উজীৰৰ জন্মদিনৰ বৰ্ণাঢ্য আয়োজন - BHUPEN UZIR BIRTH ANNIVERSARY

ছবি-কবিতাৰ মাজতে জীৱনৰ ছন্দ বিচাৰিব জনা শিল্পীগৰাকী - ARTIST DILIP TAMULY INTERVIEW