ETV Bharat / state

সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক 'সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান

অসমৰ কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা আৰু সংহতিৰ বাবে জীৱনজোৰা প্ৰচেষ্টা অব্যাহত ৰখা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাক গোলাঘাট আছুৰ সন্মান প্ৰদান ।

Bhupen Hazarika Death Anniversary
সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 6, 2024 at 11:17 AM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: ২০২৪ বৰ্ষৰ ‘‘সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সংহতি বঁটা’’ মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হয় । উক্ত বঁটাত গামোচা, চেলেং, জাপি, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ দহ হাজাৰ টকা আগবঢ়োৱা হয় । গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সম্মুখত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷

এই বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সংগতি ৰাখি ড৹ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ সভাপতি ড৹ পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ সম্পাদক চিৰঞ্জীৱ বৰাই । সভাৰ উদ্দেশ্য় ব্যাখ্যা কৰে স্মৃতিৰক্ষা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ ভূঞাই । আদৰণি ভাষণ দিয়ে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে । তাৰ পাছতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক এই বঁটা প্ৰদান কৰা হয় ।

সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা (ETV Bharat Assam)

এই বঁটা গ্ৰহণ কৰি সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে কয়, "এই বঁটা লাভ কৰি মই অনুপ্ৰাণিত হৈছোঁ আৰু গোটেই জীৱন ৰাইজৰ কাৰণে উৰ্চগা কৰিছো । সকলোকে যোৰা লগোৱা আচল উদ্দেশ্য আজিৰ এই সংহতি বঁটাই মোক মনত পেলাইছে । গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে যি বঁটা প্ৰদান কৰি আহিছে তাৰ তাৎপৰ্য আমি এইটোৱে বুজি পাইছো যে সমাজখন জোৰা লগাব লাগে । ভূপেন হাজৰিকাই এনে কোনো স্তৰ এৰি থৈ যোৱা নাই য'ত গীত লিখা নাই ।"

বিশ্বৰ মানৱৰত্ন আছিল সুধাকণ্ঠ

সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে কয়, "গুৰু বন্দনা কৰিছে, দেশ বন্দনা কৰিছে, ৰাজ্য বন্দনা কৰিছে, ঈশ্বৰ বন্দনা কৰিছে, কৃষক বন্দনা কৰিছে, ধৰিত্ৰী বন্দনা কৰিছে, সমন্বয়ৰ বন্দনা কৰিছে । এই গোটেই জীৱন গীত গাই আমাক বাৰ্তা দিছে যে আমি সকলোৱে সম্প্ৰতিৰ মাজেৰে থাকিব লাগে, সমন্বয়ৰ মাজেৰে থাকিব লাগে । সেই বাবে আমি ভূপেন হাজৰিকাক অসম ৰত্ন, ভাৰত ৰত্ন দিছো যদিও তেওঁ কিন্তু বিশ্বৰ মানৱৰত্ন । আমি যদি তেওঁক মানৱৰত্ন হিচাপে অভিহিত কৰিব পাৰো সেয়া হ'ব তেওঁৰ প্ৰতি কৃতজ্ঞতা ।"

ইফালে, উক্ত বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰিঞ্চ দলে, শিক্ষাবিদ গণেশ গোস্বামী, স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজুমণি বেজবৰুৱা আদি উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আয়োজিত স্মৃতি দিৱসৰ কাৰ্যসূচীৰ পুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি পুতুল চন্দ্ৰ শইকীয়া আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে পতাকা উত্তোলনেৰে পাতনি মেলে । শ্বহীদ তৰ্পণ কৰে ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি ৰাজুমণি বেজবৰুৱা আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা ই। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে । ছাত্ৰ-ছাত্ৰীৰ মাজত 'ক' আৰু 'খ' শাখাত আয়োজিত সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈয়ে ।

লগতে পঢ়ক:প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলিল ১০ হাজাৰ গছি বন্তি

সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান