ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তিনিবছৰ সম্পূৰ্ণ ভূপেন বৰাৰ - APCC President Bhupen Kumar Borah

APCC President Bhupen Kumar Borah: ধেমাজিত আজি ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ সভাৰ পিচতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে বাজেটত অসমক দিয়া পুঁজিক লৈও চৰকাৰক সমালোচনা কৰে ৷

APCC PRESIDENT BHUPEN KUMAR BORAH
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তিনিবছৰ সম্পূৰ্ণ ভূপেন বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2024 at 10:40 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি, 24 জুলাই: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাই বৰাই বুধবাৰে তিনিবছৰ সম্পূৰ্ণ কৰিলে ৷ ইয়াৰ পাচতেই আজি ধেমাজিত এক সংবাদমেল সম্বোধন কৰি তেওঁ এই তিনিবছৰীয়া কাৰ্যকালৰ সফলতা আৰু বিফলতাৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ নিজৰ কাৰ্যকালত তেওঁৰ সফলতাৰ কথা উল্লেখ কৰিবলৈ গৈ এটা সময়ত হতাশাত ভোগা, চিন্তিত তথা উদাস হৈ পৰা লগতে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে ধনসৰ্বস্ব-ক্ষমতা সৰ্বস্ব ৰাজনীতি, দৈনন্দিন দল ত্যাগ, তেনেকুৱা এটা প্ৰতিকূল পৰিস্থিতিৰ মাজত দলটোক পুনৰ এটা সুস্থিৰ পৰিবেশৰ মাজলৈ অনাৰ লগতে বিৰোধীৰ ভূমিকা আপোচবিহীনভাৱে-নিৰৱচ্ছিন্নতাভাৱে পালন কৰিবলৈ সক্ষম হোৱা বুলি ব্যক্ত কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তিনিবছৰ সম্পূৰ্ণ ভূপেন বৰাৰ (ETV Bharat Assam)

অৱশ্যে এটা ৰাজনৈতিক দলৰ সফলতাৰ পৰ্যায়লৈ দলটোক লৈ যাবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে বৰাই ৷ অসমৰ ৰাইজৰ আশা বাস্তৱ কৰি সাম্প্ৰদায়িক শক্তিবোৰক মষিমূৰ কৰিব পাৰিলেহে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে সফল হৈছো বুলি ক’ব পাৰিব বুলি বৰাই কয় ৷ অসমত দীৰ্ঘদিন ধৰি সাম্প্ৰদায়িক ৰাজনীতি কৰা দল এ আই ইউ ডি এফক ধৰাশায়ী কৰিছে যদিও সকলো উন্নয়ন বাদ দি ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনীতি কৰা বিজেপি আৰু আৰ এছ এছক বিদায় দিব নোৱৰা পৰ্যন্ত দলটো ৰাজনৈতিকভাৱে সফল বুলি ক’ব নোৱাৰো বুলি তেওঁ মন্তব্য কৰে ৷

ইফালে বিজেপি চৰকাৰে কালি বাজেটত বিহাৰক ছাব্বিশ হাজাৰ কোটি টকা প্ৰদান কৰিলে ৷ বানৰ বাবে ৰাজ্যখনত চাৰে এঘাৰ হাজাৰ কোটি দিছে ৷ তেওঁ অসমে এন ডি আৰ এফ শিতানত পাবলগীয়া দহ হাজাৰ সাতশ পঁচাশী কোটি টকা মোকলাই আনিবলৈ সাংসদসকলক আহ্বান জনায় ৷ ডাবল ইঞ্জিনৰ চৰকাৰৰ পৰা অসম বিকল হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি আগন্তুক উপ-নিৰ্বাচনৰ বাবে অহা চাৰি আগষ্টত গুৱাহাটীত এখন সৰ্বদলীয় সভাত সকলোৰে পৰামৰ্শ বিচাৰিব বুলি জানিবলৈ দিয়ে সভাপতি বৰাই ৷ ইয়াৰ পিচতেই কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সভা পাতি আসন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

লগতে পঢ়ক: কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024