ETV Bharat / state

বিজেপিক বন্দুকৰ গুলীৰ পৰা ওলোৱা গোন্ধৰ সুবাস লাগে: ভূপেন বৰা

হিমন্ত বিশ্ব শৰ্মা হেনো প্ৰাক্তন আলফা ! মহানগৰীত সংঘটিত বোমা বিস্ফোৰণৰ পিচতেই মুখ্য়মন্ত্ৰীক আক্ৰমণ কংগ্ৰেছৰ ।

APCC president Bhupen Borah on bomb blast
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 26, 2025 at 6:30 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: দেশে উলহ-মালহৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তেই পুৱাই গুৱাহাটী মহানগৰীত সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা । দেওবাৰে পুৱা মহানগৰীৰ বেহাৰবাৰী আৰু আই এছ বি টিৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰসংগত আলফা স্বাধীনে ইতিমধ্য়ে মেইলযোগে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

এই বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ বিজেপিয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈছিল । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই হিমন্ত বিশ্ব শৰ্মা এজন প্ৰাক্তন আলফা মুখ্যমন্ত্রী হোৱাৰ বাবে প্ৰথমটো ২৬ জানুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমৰ্থন আগবঢ়াই কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যত ভাগ লোৱা নাছিল । অৰ্থাৎ আলফাৰ পৰা এটা প্ৰস্তাৱ আহিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমৰ স্থায়ী শান্তিৰ পথ প্ৰশস্ত হ'ব । সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আলফাই বন্ধ দিয়া নাই বুলি গৌৰৱ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই আলফাৰ শিবিৰলৈ চোৰাংচোৱা পঠিয়াই পুনৰ সংঘাত আৰম্ভ কৰিলে ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গণৰাজ্য দিৱসৰ দিনা পুৱাৰ ভাগত গুৱাহাটীত বিস্ফোৰণ সংঘটিত হোৱা ঘটনা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়," ইয়াৰ পৰা এইটোৱেই পতিয়মান হয় যে বিজেপিয়ে অসমৰ স্থায়ী শান্তি নিবিচাৰে । অশান্তিৰ মাজেৰে ৰাজ্যখনত এক অস্বস্থিকৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ক্ষমতাত বৰ্তি থাকিব বিচাৰে । বিজেপিক বন্দুকৰ গুলীৰ পৰা ওলোৱা গোন্ধৰ সুবাস লাগে । হয় আলফাই ফুটাওক নহয়, পুলিচে ফুটাওক । তেনেকুৱা সুবাস বিজেপিয়ে ভাল পায় ।"

তেওঁ লগতে আহ্বান জনাই কয়, "অসমৰ ৰাইজে চাৰি দশক ধৰি চলা সংগ্ৰামৰ অৱসান হোৱাটো বিচাৰিছে । অসমৰ ৰাইজে তথা নৱ প্ৰজন্মই শান্তি বিচাৰিছে । অসমৰ যুৱচামে বিশ্ব প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচাৰিছে । আমাক এতিয়া সংস্থাপন লাগে । স্বাধীনতা আমি ১৯৪৭ চনৰ ১৫ আগষ্টত পাইছো ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আৰক্ষী এতিয়া ব্যস্ত আছে উমৰাংছ'ৰ কয়লা খনিৰ লগত জড়িত মানুহখিনিক সুৰক্ষা দিয়াত । আৰক্ষী ব্যস্ত আছে বিজেপিৰ বিৰুদ্ধে নিউজ কৰা সাংবাদিকক ধৰি-বান্ধি অনাত । অসমৰ কূটাঘাত বন্ধ কৰাৰ সক্ষমতা আৰক্ষীয়ে হেৰুৱাইছে । বিজেপি, আৰ এছ এছ, এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক শক্তিসমূহক অসমত সামগ্ৰিকভাৱে পৰাভূত কৰিবলৈ হ'লে বিজেপি বিৰোধী সকলো একত্রিত হ'ব লাগিব আৰু তাৰ দায়িত্ব আমি ল'ম ।" তেওঁ লগতে কয়, "হিমন্ত বিশ্ব শৰ্মা ইতিহাস বিকৃত কৰা মানুহ । ইতিহাস কেনেকে বিকৃত কৰিব লাগে তাত আটাইতকৈ পাৰদৰ্শী ব্যক্তিজনৰ নামেই হৈছে হিমন্ত বিশ্ব শৰ্মা ।"

লগতে পঢ়ক:IED বিস্ফোৰণৰে শক্তি প্ৰদৰ্শনৰ কথা স্বীকাৰ আলফা স্বাধীনৰ - GUWAHATI BOMB BLAST CASE

বোমা ফুটিল ! স্বাধীনতা দিৱসৰ পাছতে গণৰাজ্য দিৱসতো গুৱাহাটী মহানগৰীত বোমাতংক - BLUST IN ISBT AND BEHARBARI